ETV Bharat / state

প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিবেশনৰ

author img

By

Published : Jan 31, 2020, 7:36 PM IST

89th conference of srimanta shankardeva sangha in golaghat
লক্ষাধিক ভকতক আদৰিবৰ বাবে সাজু মহুৰাবাসী

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব লগা ভকত-বৈষ্ণৱ সকলৰ লগতে বিদেশী পৰ্যটকৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে উদ্যোক্তা মণ্ডলীয়ে ৷ অসমৰ কলা সংস্কৃতিৰ আভাস দিবৰ বাবে বিভিন্ন সামগ্ৰীৰ লগতে আয়োজন কৰা হৈছে 7 খনকৈ অঙ্কীয়া নাটৰ ৷

গোলাঘাট , 31 জানুৱাৰীঃ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনলৈ মাজত মাথোঁ ৪ টা দিন । উখল-মাখল পৰিবেশে বিৰাজ কৰিছে গোলাঘাট জিলাৰ মহুৰা-দিহীঙিয়া পথাৰৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত ৷ প্ৰতিকূল বতৰকো নেওচি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব লগা লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে গোলাঘাট, বোকাখাট, কমাৰগাঁও, নুমলীগড়বাসী । ইতিমধ্যেই সম্পন্ন হৈছে মূল মণ্ডপ, মূল মঞ্চ, ৰন্ধনশাল, ভোজনালয় আৰু শিবিৰ সমূহৰ নিৰ্মাণৰ কাম ৷ আদৰণি সমিতি আৰু কেন্দ্ৰীয় সমিতিয়ে সম্পন্ন কৰি তুলিছে অধিৱেশনৰ ব্যৱস্থাপনা ।

লক্ষাধিক ভকতক আদৰিবৰ বাবে সাজু মহুৰাবাসী

ভকত বৈষ্ণৱৰ আশ্ৰয়ৰ বাবে সাজু কৰি তোলা হৈছে ২১৫ টা শিবিৰ, ১০ হাজাৰ ভকত বৈষ্ণৱে একেলগে আহাৰ গ্ৰহণ কৰিব পৰাকৈ সাজু কৰি তুলিছে বৃহৎ ভোজনালয় গৃহ ৷ একেদৰে ১০ হাজাৰ লোকে আসন গ্ৰহণ কৰিব পৰাকৈ আকৰ্ষণীয় ৰূপত সাজু কৰি তুলিছে অধিবেশনৰ মূল মণ্ডপ ৷ অধিৱেশন স্থলীলৈ অহা ভকত বৈষ্ণৱৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ হাজাৰ হাজাৰ যানবাহন ৰখাব পৰাকৈ ব্যৱস্থা কৰা হৈছে বৃহৎ স্থানৰ । গুৰুত্বপূৰ্ণ যে, অসমীয়া কৃষ্টি সংস্কৃতি,পৰম্পৰা আৰু শংকৰ সংঘৰ নীতি আদৰ্শ বুজি উঠিব পৰাকৈ দেশী বিদেশী পৰ্যটকৰ বাবে আহাৰ, আশ্ৰয়ৰ বাবে শিবিৰৰ লগতে মনোৰঞ্জনৰ বাবে অঙ্কীয়া নাট, শংকৰী কলা কৃষ্টি প্ৰদৰ্শন কৰাৰো ব্যৱস্থা কৰিছে মহুৰাবাসীয়ে ৷ ৰাজ্যৰ সকলো বৈষ্ণৱপ্ৰাণ ভক্তৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তা সকলে ৷

লগতে পঢ়কঃপ্লাষ্টিক নিষেধাজ্ঞাৰ জৰিয়তে মৰাপাট শিল্পৰ পুনৰুদ্ধাৰ

Intro:গোলাঘাট মহুৰাপথাৰৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হব লগা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনলৈ মাজত মাথোঁ ৪টা দিন । অধিৱেশনৰ সামগ্ৰিক ব্যৱস্থাপনা সম্পন্ন হোৱাৰ পথত। উখল মাখল অধিৱেশন স্থলী ।

হয় উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ মাজত মাথোঁ ৪ টা দিন । উখল মাখল পৰিৱেশ মহুৰা-দৃহিঙীয়া পথাৰৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰ । প্ৰতিকূল বতৰকো নেওচি লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে গোলাঘাট , বোকাখাট, কমাৰগাঁও, নুমলীগড়বাসী । সম্পন্ন হৈছে মূল মণ্ডপ, মূল মঞ্চ, ৰন্ধনশালা, ভোজনালয়, শিবিৰ সমূহ । আদৰণি সমিতি আৰু কেন্দ্ৰীয় সমিতিয়ে সম্পন্ন কৰি তুলিছে অধিৱেশনৰ ব্যৱস্থাপনা । ভকত বৈষ্ণৱৰ আশ্ৰয়ৰ বাবে সম্পূৰ্ন কৰি তুলিছে ২১৫ টা শিবিৰ, ১০ হাজাৰ ভকত বৈষ্ণৱে একেলগে আহাৰ গ্ৰহণ কৰিব পৰাকৈ সাজু কৰি তুলিছে বৃহৎ ভোজনালয়, একেলগে ১০ হাজাৰ লোকে আসন গ্ৰহণ কৰিব পৰাকৈ আকৰ্ষণীয় ৰূপত সাজু কৰি তুলিছে মূল মণ্ডপ । অধিৱেশন স্থলীলৈ অহা ভকত বৈষ্ণবৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ হাজাৰ হাজাৰ যানবাহন ৰখাব পৰাকৈ ব্যৱস্থা কৰিছে বৃহৎ স্থানৰ । অসমীয়া কৃষ্টি সংস্কৃতি,পৰম্পৰা আৰু শংকৰ সংঘৰ নীতি আদৰ্শ বুজি উঠিব পৰাকৈ দেশী বিদেশী পৰ্যটকৰ বাবে আহাৰ, আশ্রয়ৰ বাবে শিবিৰৰ লগতে মনোৰঞ্জনৰ বাবে অঙ্কীয়া নাট, শংকৰী কলা কৃষ্টি প্ৰদৰ্শন কৰাৰো ব্যৱস্থা কৰিছে । এনেদৰে এতিয়া পূৰ্ণ প্ৰস্তুতিৰে সাজু হৈ উঠিছে শ্ৰীমন্ত শংকৰ সংঘৰ ৮৯ সংখ্যক অধিৱেশন স্থলী ।Body:Byte1 : পবিত্ৰপ্ৰাণ বৰা , (আয়োজক)Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.