ETV Bharat / state

চুঙাজানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বজ্ৰ হুংকাৰ

author img

By

Published : Dec 29, 2019, 7:38 PM IST

SARUPATHAR  BAJRO HUNGKAR
চুঙাজানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বজ্ৰ হুংকাৰ

ধনশিৰি মহকুমাৰ সৰুপথাৰ সীমান্তৰ চুঙাজানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰ লগতে 30 জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ বজ্ৰ হুংকাৰ ৷ প্ৰায় পাঁচ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচীত ৷

সৰুপথাৰ, 29 ডিচেম্বৰঃ ধনশিৰি মহকুমাৰ সৰুপথাৰ সীমান্তৰ চুঙাজানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰ লগতে 30 জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ বজ্ৰ হুংকাৰ ৷ প্ৰায় পাঁচ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে আছুৰ উপ-সভাপতি ৰাজু ফুকন, অভিনেতা অৰুণ হাজৰিকা, কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাসহ কেইবাগৰাকীয়ো ছাত্ৰনেতা ৷

চুঙাজানত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বজ্ৰ হুংকাৰ

উক্ত বজ্ৰহুংকাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই কয় যে, অসম চৰকাৰে জাপি দিয়া এই জাতিধ্বংসী আইনখন অসমীয়াই কেতিয়াও মানি নলয় ৷ লগতে এইবাৰ মাঘ বিহুত সকলো ৰাইজকে জুঁইত ‘কা আমি নামানো’ বুলি লিখি জ্বলাই দিবলৈ আহ্বান জনায় অভিনেতাগৰাকীয়ে ৷ উল্লেখ্য যে, এই প্ৰতিবাদী কাৰ্যসূচীতে অৰুণ হাজৰিকাই কৰি এটি পেৰদী গীতৰ জৰিয়তে আইনখনৰ বিৰোধীতা কৰে ৷

লগতে পঢ়ক-শ্বহীদ ন্যাসত আছুৰ সংবাদমেল

Intro:ধনশিৰি মহকুমাৰ সৰুপথাৰৰ সীমান্তৰ চুঙাজানত 'কা'ৰ বিৰুদ্ধে আছুৰ লগতে ৩০ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ বজ্ৰ হুংকাৰ | Body:এই প্ৰতিবাদত প্ৰায় পাঁচ সহস্ৰাধিক লোকে অংশ গ্ৰহন কৰে | আছুৰ উপ সভাপতি চিত্ৰৰঞ্জন বসুমতাৰী,মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন,অভিনেতা অৰুণ হাজৰিকা, কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাসহ বহু ছাত্ৰ নেতা উপস্হিতিত 'কা'ৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

এই বজ্ৰ হুংকাৰ কাৰ্য্যসুচীত বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই কয় যে অসম চৰকাৰে যি জাতিধংসী আইন অসমীয়াৰ ওপৰত জাপি দিছে সেয়া অসমীয়াই কেতিয়াও মানি নলয় আৰু এইবাৰৰ মাঘ বিহুত সকলো ৰাইজে মেজিৰ জুইত কা আমি নামানো বুলি কাগজত লিখি জ্বলাই দিবৰ বাবে আহ্বান জনায় । এই প্ৰতিবাদী কাৰ্যসূচীত কা ৰ বিৰুদ্ধে অৰুণ হাজৰিকাই এটি পেৰদী গীতো পৰিবেশন কৰে । Conclusion:BYTE :- ARUN HAZARIKA
BYTE :- AASU
BYTE :- PUBLIC
SPICE:- ARUN HAZARIKA

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.