ETV Bharat / state

পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

author img

By

Published : May 8, 2020, 4:53 PM IST

Municipality Relief Distribution corruption allegation against ward commissioner
Municipality Relief Distribution corruption allegation against ward commissioner

ৰাজ্য়ত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ কেলংকাৰীৰ খবৰৰ মাৰ নৌযাওতেই পোহৰলৈ আহিছে আন এক দুৰ্নীতিৰ ঘটনা । লকডাউনৰ সুযোগ লৈ গোৱালপাৰা পৌৰসভাৰ ১৯ নংত ৱাৰ্ডত সাহাৰ্য বিতৰণৰ নামত দুৰ্নীতি কৰাৰ অভিযোগ উঠিছে গোৱালপাৰা পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ নজমুল হকৰ বিৰুদ্ধে । এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন ।

গোৱালপাৰা, ৮ মে': দেশ তথা ৰাজ্যত বৰ্তমানো অব্যাহত আছে কৰ'ণা ভাইৰাছৰ ভয়াৱহ প্ৰকোপ । যাৰ বাবে সমগ্ৰ দেশতে অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লক্ ডাউন । লক্ ডাউনৰ সময়ত দৰিদ্ৰ সকলৰ মাজত খাদ্য সংকট দূৰ কৰিবলৈ চৰকাৰৰ পৰা দিয়া হৈছে সাহাৰ্য সামগ্ৰী । কিন্তু এই লক্ ডাউনৰ সুযোগ লৈয়ে গোৱালপাৰা পৌৰসভাৰ ১৯ ৱাৰ্ডত সাহাৰ্য বিতৰণৰ নামত চূড়ান্ত লুণ্ঠন ৰাজ সংগঠিত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । গোৱালপাৰা পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ নজমুল হকৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ অভিযোগ ।

লক্ ডাউন চলি থকাৰ ফলত খাদ্যৰ বাবে দৰিদ্ৰ জনতাই যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে চৰকাৰে জনহিতাৰ্থে সাহাৰ্য ঘোষণা কৰিছে । কিন্তু চৰকাৰী সাহাৰ্যৰ চাউল বিতৰণৰ নামত গোৱালপাৰা পৌৰসভাৰ ১৯ নং ৱাৰ্ডত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ইয়াৰ স্থানীয় ৰাইজে ।

১৯ নং ৱাৰ্ডত হিতাধিকাৰীয়ে পাবলগীয়া প্ৰাপ্য চাউলত কৈ কমকৈ দিয়াৰ লগতে হিতাধিকাৰী তালিকাত ৰেচন কাৰ্ড থকা লোক আৰু ধনী শ্ৰেণীৰ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । চৰকাৰী নিৰ্দেশনা অনুসৰি জনমূৰী ৫ কিল'গ্ৰামকৈ চাউল বিতৰণ কৰিব লাগে । ৫ জনতকৈ বেছি জনসংখ্যা থকা পৰিয়ালৰ মাজত ১৫ কিল'গ্ৰাম কৈ চাউল বিতৰণ কৰিব লাগে ।

গোৱালপাৰা পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

কিন্তু ৱাৰ্ড কমিছনাৰগৰাকীয়ে দৰিদ্ৰ লোকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি জনমূৰী ২/৩ কিল'গ্ৰাম কৈ চাউল হে যোগান ধৰা বুলি অভিযোগ উঠিছে । ৱাৰ্ড কমিছনাৰ নজমুল হকৰ এই দুৰ্যোগৰ সময়ত চৰকাৰী সাহাৰ্যৰ চাউল বিতৰণত দুৰ্নীতি সংঘটিত কৰি চাউল আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰে ১৯ নং ৱাৰ্ডৰ বাসিন্দায়ে । এনে দুৰ্নীতিপৰায়ন ৱাৰ্ড কমিছনাৰৰ বিৰুদ্ধে জিলা প্ৰশাসন কিম্বা চৰকাৰে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত হে লক্ষণীয় হ'ব ।

ভাৰতত ৰে'ল দুৰ্ঘটনা : ৰে'লৰ খুন্দাত মৃত্যু বহু লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.