ETV Bharat / state

গোৱালপাৰাত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তি উন্মোচন

author img

By

Published : Nov 15, 2021, 8:52 PM IST

late CM Tarun Gogoi Statue established at Goalpara
গোৱালপাৰাত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তি

অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী তথা দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক ‘পদ্মভূষণ’ বঁটাৰে বিভূষিত তৰুণ গগৈৰ আদৰ্শ আৰু স্মৃতিক যুগমীয়া কৰি ৰাখিবলৈ গোৱালপাৰাত প্ৰতিষ্ঠা কৰা হৈছে তেওঁৰ এটি আটকধুনীয়া প্ৰতিমূৰ্তি। চহৰৰ উপকণ্ঠ ভাকুলডুবিস্থিত বালিজানা ব্লক কংগ্ৰেছ(ই)ৰ ৰাজীৱ ভৱনৰ চৌহদত স্থাপন কৰা প্ৰতিমূৰ্তিটো সোমবাৰে দুপৰীয়া আনুষ্ঠানিকভাৱে উন্মোচন কৰে সাংসদ গৌৰৱ গগৈয়ে ।

গোৱালপাৰা, ১৫ নৱেম্বৰ : গোৱালপাৰাত সোমবাৰে সাংসদ গৌৰৱ গগৈয়ে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এটা অৱক্ষ মূৰ্তি উন্মোচন কৰে ৷ গোৱালপাৰা জিলাৰ পূব বিধানসভা সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছে এই প্ৰতিমূৰ্তিটো ৷ প্ৰয়াত মুখ্যমন্ত্ৰীৰ অৱক্ষ মূৰ্তি উন্মোচনৰ উপলক্ষে গোৱালপাৰাৰ ৰাজীৱ ভৱনত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ।

গোৱালপাৰাত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তি

সভাত সাংসদ গৌৰৱ গগৈৰ লগতে কংগ্ৰেছৰ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, বিধায়ক যাদৱ স্বৰ্গীয়াৰী, বিধায়ক এ কে ৰছিদ আলম, কংগ্ৰেছ নেতা মানস বৰা, শান্তনু বৰা আৰু গোৱালপাৰা জিলা পৰিষদৰ সভানেত্ৰী ডেমজিয়া মাৰাক উপস্থিত থাকে । প্ৰয়াত মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি উন্মোচনৰ পাছত সাংসদ গৌৰৱ গগৈয়ে পিতৃ তথা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কৰ্মৰ কিছু খতিয়ান দাঙি ধৰে ।

সভাত ভাষণ প্ৰদান কৰি কংগ্ৰেছৰ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিধায়ক চোৰ আখ্যা দিয়ে ৷ তেওঁ লগতে জাতি-জনগোষ্ঠীৰ মাজত বিভাজনৰ সৃষ্টি কৰাৰ লগতে অত্যাধিক মূল্যবৃদ্ধিৰ বাবে বিজেপি চৰকাৰক কটাক্ষ কৰে ৷ তেওঁ লগতে জনজাতিকৰণৰ নামত ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰি মিথ্যা জনজাতিৰ প্ৰেমেৰে অভিলেখ গঢ়া বৰ্তমানৰ চৰকাৰখনে জনজাতিৰ বাবে মুখ্যমন্ত্ৰীৰ পদটো কিয় সংৰক্ষণ কৰিব নোৱাৰে বুলি কটাক্ষ কৰে ।

লগতে পঢ়ক : পুনৰ বিজেপিক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.