ETV Bharat / state

Suicide case in Goalpara: গৃহৰক্ষী জোৱানৰ অস্থায়ী কাৰ্যালয়ত জোৱানৰ আত্মহত্যা

author img

By

Published : Mar 26, 2023, 10:50 PM IST

ধাৰৰ বোজা সহ্য কৰিব নোৱাৰি কৰ্মস্থলীতেই ডিঙিত গামোচা বান্ধি আত্মহত্যা কৰে গৃহৰক্ষী জোৱান(Jawan commits suicide in Goalpara) ৷ মৃত জোৱানজন গুৱাহাটীৰ বেলতলাৰ প্ৰভাত দাস(45) বুলি জানিব পৰা গৈছে ৷

Suicide case in Goalpara
গৃহৰক্ষী জোৱানৰ অস্থায়ী কাৰ্যালয়ত জোৱানৰ আত্মহত্যা

গৃহৰক্ষী জোৱানৰ অস্থায়ী কাৰ্যালয়ত জোৱানৰ আত্মহত্যা

গোৱালপাৰা, 26 মাৰ্চ: গোৱালপাৰা জিলাৰ বিঅ’চিস্থিত গৃহৰক্ষী জোৱানৰ জিলা অস্থায়ী কাৰ্যালয়ত অঘটন (Jawan commits suicide in Goalpara) ৷ গোৱালপাৰা জিলা প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি তথা গৃহৰক্ষী জোৱান প্ৰভাত দাসৰ (45) আত্মহত্যা। ডিঙিত গামোচা বান্ধি আত্মহত্যা কৰে জোৱানজনে (Suicide at home guard temporary office)৷

পৰিয়ালৰ লোকে সদৰী কৰা অনুসৰি, বিগত কেইবাদিন‌ ধৰি অত্যধিক মদ্যপান কৰি প্ৰভাত দাসে অস্বাভাৱিক আচৰণ কৰি আছিল (Suicide case in Goalpara)। জোৱানগৰাকীয়ে ধাৰৰ বোজা সহিব নোৱাৰিয়েই তীব্ৰ মানসিক অশান্তিত ভুগি আছিল ৷ ইয়াৰ পৰিণতিতেই প্ৰভাত দাসে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাচি লোৱা বুলি অনুমান কৰা হৈছে (Home guard commits suicide in Goalpara)।

মৃত জোৱান প্ৰভাত দাসৰ ঘৰ গুৱাহাটীৰ বেলতোলাত। বিগত তিনি চাৰি-দিনে প্ৰভাত দাসক পৰিয়ালৰ লোকে মদ্যপান আৰু অস্বাভাৱিক আচৰণৰ বাবে বাহিৰলৈ ওলাবলৈ দিয়া নাছিল। কিন্তু দেওবাৰে পুৱা প্ৰায় 4 বজাত নিজ গৃহৰ খিৰিকী খুলি ঘৰৰ পৰা পলাই আহে প্ৰভাতে।

ইফালে পুৱাৰে পৰা সন্ধানহীন হৈ থকা প্ৰভাত দাসক কৰ্তব্যস্থলীকে ধৰি সম্ভাৱ্য সকলো স্থানতে সন্ধান কৰে পৰিয়ালৰ লোকে। অৱশেষত দুপৰীয়া প্ৰায় 2 বজাত বিঅ'চিৰ পুৰনি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা সন্থাৰ অস্থায়ী কাৰ্যালয়ৰ তলা খোলা থকা দেখি সন্দেহ কৰে জোৱানসকলে ৷

ইয়াৰ পিচত একাংশ লোকে দুৱাৰ খুলি চোৱাত প্ৰভাত দাসে ডিঙিত গামোচা বান্ধি ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে। প্ৰভাত দাসে এইদৰে আত্মহত্যা কৰা ঘটনাই সতীৰ্থ আৰু জিলা সন্থাৰ সমূহসদ্যৰ মাজত শোকৰ ছাঁ পেলাইছে। এই ঘটনাই প্ৰভাত দাসৰ পৰিয়ালৰ মাজতো হাহাকাৰ লাগিছে। কান্দোনত ভাগি পৰিছে দাসৰ পত্নীসহ দুই সন্তানে।

অমায়িক আৰু শান্ত প্ৰকৃতিৰ জোৱানগৰাকীৰ মৃত্যুত প্ৰতিৱেশীসকলেও মৰ্মাহত হৈছে। এই খবৰ পোৱা মাত্ৰকে গোৱালপাৰা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনিতা হাজৰিকা, উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা ঘটনাস্থলীত উপস্থিত হয়। সম্প্ৰতি দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালাপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: Dhritashree Rabha suicide case: সুৰক্ষিত নহয় দেশ ৰক্ষাৰ দায়িত্বত থকা অসমৰ যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.