ETV Bharat / state

গোৱালপাৰা জিলাৰ ৰংজুলিৰ কুচধোৱাত পথ দুৰ্ঘটনা, নিহত 3

author img

By

Published : May 14, 2021, 3:45 PM IST

গোৱালপাৰাত গছত প্ৰচণ্ড খুন্দা আই টেনৰ
গোৱালপাৰাত গছত প্ৰচণ্ড খুন্দা আই টেনৰ

গোৱালপাৰা জিলাৰ ৰংজুলিৰ কুচধোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই গছত খুণ্ডা গ্ৰেণ্ড আই টেন বাহনৰ ৷

গোৱালপাৰা , 14 মে' : গোৱালপাৰা জিলাৰ ৰংজুলিৰ কুচধোৱাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী গ্ৰেণ্ড আই টেন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় চালক তথা গ্ৰেণ্ড আই টেনৰ গৰাকী আদিত্য কছাৰী আৰু আনজন আৰোহী লাচিত খাখলাৰী ৷ দুৰ্ঘটনাগ্ৰস্ত আই টেন খনৰ নম্বৰ as- ০1-du- ৮৫৫৯ বুলি জানিব পৰা গৈছে ৷

ঘটনাস্থলীত উপস্থিত হৈ দৰংগিৰি আৰক্ষীয়ে বাহনৰ পৰা উদ্ধাৰ কৰিছে মৃতদেহ দুটা ৷ বহু সময় ধৰি বাহনখনত আবদ্ধ হৈ আছিল মৃত আদিত্য কছাৰী আৰু লাচিত খাখলাৰীৰ মৃতদেহ ৷ বাহনখনত থকা আন তিনিজন যাত্ৰী সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হয় । ইতিমধ্যে মৃতদেহ দুটা থানালৈ আনিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : সৰুক্ষেত্ৰীত দৰিদ্ৰপৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ ৰাইজৰ দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.