ETV Bharat / state

গোৱালপাৰাত নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কংগ্ৰেছৰ

author img

By

Published : Oct 17, 2020, 10:19 AM IST

Congress prepared for upcoming election in Goalpara
গোৱালপাৰাত নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কংগ্ৰেছৰ

গোৱালপাৰাত কংগ্ৰেছৰ নিৰ্বাচনী কুচ-কাৱাজ ৷ য’ত বিজেপি দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে,তাত কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা হ'ব বুলি মন্তব্য কৰে গোৱালপাৰাৰ পূৱ সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমে ৷

গোৱালপাৰা,17 অক্টোবৰ : সমগ্ৰ ৰাজ্য়ৰ লগতে গোৱালপাৰাতো আৰম্ভ হৈছে নিৰ্বাচনী কুচ-কাৱাজ ৷ শুকুৰবাৰে গোৱালপাৰা চহৰৰ গান্ধী ভৱনৰ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত কংগ্ৰেছৰ দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক আৰু কৰ্মী সভাৰ পৰা জিলাখনৰ চাৰিখন বিধান সভা সমষ্টিৰ দখলৰ কুচ-কাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছ দলে ।

Congress prepared for upcoming election in Goalpara
গোৱালপাৰাত নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কংগ্ৰেছৰ

গোৱালপাৰাৰ পূৱ সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমে কয় যে, য’ত বিজেপি দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে,তাত কংগ্ৰেছ আৰু AIUDF ৰ মিত্ৰতা হ'ব । লগতে বিধায়ক গৰাকীয়ে কয় যে,‘‘গোৱালপাৰাৰ জলেশ্বৰ সমষ্টি কংগ্ৰেছৰ দলে AIUDF দলক এৰি দিব । যিহেতু পূৱ আৰু পশ্চিম সমষ্টিত AIUDF ৰ ভেটি ইমান শক্তিশালী নহয়,সেয়েহে দুয়োটা সমষ্টিতে কংগ্ৰেছৰ দল AIUDF ৰ লগত থাকিব । আনহাতে দুধনৈ সমষ্টিক লৈও দলে চিন্তা-চৰ্চা কৰিব’’ ।

লগতে পঢ়ক : এছ আই কেলেংকাৰীৰ অভিযুক্ত দেৱৰাজ দাসক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.