ETV Bharat / state

Eviction in Goalpara: উচ্ছেদক লৈ ৰাজনীতি নকৰিবলৈ আজমলক সকীয়নি ক্ষুব্ধ ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 8:14 PM IST

গোৱালপাৰাত উচ্ছেদিত পৰিয়ালৰ কাষত এআই ইউ ডিফ প্ৰধান মৌলানা বদৰুদ্দিন আজমল । উচ্ছেদক লৈ বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক ৰাজনীতি বুলি মন্তব্য় আজমলৰ ।

Eviction in Nalbari Reserve Forest in Goalpara
গোৱালপাৰাৰ নলবাৰী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ

গোৱালপাৰাৰ নলবাৰী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ

গোৱালপাৰা, ৭ নৱেম্বৰ : যোৱা সোমবাৰৰ পৰা গোৱালপাৰা জিলাৰ নলবাৰী সংৰক্ষিত বনাঞ্চলত চলিছে বন বিভাগৰ উচ্ছেদ অভিযান । সংৰক্ষিত বনাঞ্চলৰ ৭০ হেক্টৰ ভূমিৰ বেদখলকৃত ৫২৫ বিঘাত চলিছে এই উচ্ছেদ অভিযান । শান্তিপূৰ্ণভাৱে উচ্ছেদ চলি থকাৰ মাজতে আজি উপস্থিত হয় সাংসদ বদৰুদ্দিন আজমলসহ এআইইউডিফৰ এটা সজাতি দল । সাংসদ বদৰুদ্দিন আজমল উচ্ছেদস্থলীত উপস্থিত হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । একাংশ ক্ষুব্ধ ৰাইজে এই দলটোক জবাবদিহি কৰে ।

সাংসদ বদৰুদ্দিন আজমলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে উচ্ছেদ হৈছে বিজেপি চৰকাৰৰ ঘৃণাৰ ৰাজনীতিৰ বাবে । তেওঁ উচ্ছেদ বন্ধ কৰাৰ দাবীত উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব বুলি কয় । গোৱালপাৰাৰ লক্ষীপুৰৰ গৌৰনগৰৰ নলবাৰী সংৰক্ষিত বনাঞ্চলত চলি থকা দ্বিতীয় দিনৰ উচ্ছেদ অভিযানত সাংসদ আজমল বাহিনীয়ে বাধা দিয়ে । উচ্ছেদস্থলীত উপস্থিত হয় ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল,জনীয়াৰ বিধায়ক ৰফিকুল ইছলাম প্ৰমূখ্যে আজমলৰ নেতা-পালিনেতাৰ এটা সজাতি দল । উচ্ছেদস্থলীত একপ্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । গৌৰনগৰৰ উচ্ছেদস্থলীত উপস্থিত হৈ সৰব হৈ পৰে জনিয়াৰ বিধায়ক হাফিজ ড৹ৰফিকুল ইছলাম ।

লগতে পঢ়ক:Rising Sun Water Fest 2023: দীপৰ বিলত অনুষ্ঠিতব্য় ৰাইজিং ছান ৱাটাৰ ফেষ্ট ৰিভিজিটিং শৰাইঘাট উদ্বোধন

আজমল বাহিনীয়ে উচ্ছেদস্থলীত উপস্থিত হৈ গোৱালপাৰা জিলা বন বিষয়া, লক্ষীপুৰৰ আঞ্চলিক বন বিষয়া আৰু লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়াক কাষত নাপাই ক্ষোভ উজাৰে । বন বিষয়া তথা জিলা প্ৰশাসনৰ বিষয়াক উচ্ছেদৰ কাৰণ বিচাৰে যদিও কোনো বিষয়াক নাপাই ক্ষোভ উজাৰে জনিয়াৰ বিধায়ক ৰফিকুল ইছলামে । তেনে অৱস্থাত এগৰাকী সাধাৰণ লোকে আজমল বাহিনীৰ ওপৰত ক্ষুব্ধ হৈ উচ্ছেদৰ সময়ত ৰাজনীতি নকৰিবলৈ সকীয়নি দিয়ে । আনফালে,গৌৰনগৰৰ নলবাৰী সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ সন্দৰ্ভত উচ্চতম ন্যায়ালত গোচৰ তৰাৰ ভাবুকি দিয়ে সাংসদ বদৰুদ্দিন আজমলে ।

লগতে পঢ়ক:CM Himanta Biswa Sarma: কংগ্ৰেছৰ বাবে বাগানত বিজেপি শক্তিশালী হৈছে: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.