ETV Bharat / state

গোৱালপাৰাত স্বয়ম আঁচনিৰ চেক বিতৰণ মন্ত্ৰী ৰিহণ দৈমাৰীৰ

author img

By

Published : Jan 22, 2021, 10:47 PM IST

গোৱালপাৰাতো আজি চৰকাৰৰ স্বয়ম আঁচনিৰ অধীনত হিতাধিকাৰী সকললৈ ত্ৰিশ হাজাৰ টকাকৈ চেক বিতৰণ কৰে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে। জিলাখনৰ মুঠ ৪৮০ টাকৈ আত্মসহায়ক গোটক স্বয়ম আঁচনিৰ অধীনত ৩০ হাজাৰকৈ টকাকৈ ঋণ প্ৰদান কৰিব চৰকাৰে ৷

cheque distribution by Minister Rihon_Doimari At goalpara
গোৱালপাৰাত স্বয়ম আঁচনিৰ চেক বিতৰণ মন্ত্ৰী ৰিহণ দৈমাৰীৰ

গোৱালপাৰা, 22 জানুৱাৰী: গোৱালপাৰা চহৰৰ নোটসূৰ্য ফণী শৰ্মা ভৱনত আজি বিজেপি চৰকাৰৰ স্বয়ম আঁচনিৰ অধীনত ৫ টাকৈ আত্মসহাক গোটক ত্ৰিশ হাজাৰ টকাৰ চেক বিতৰণ কৰে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ।

গোৱালপাৰাত স্বয়ম আঁচনিৰ চেক বিতৰণ মন্ত্ৰী ৰিহণ দৈমাৰীৰ

উল্লেখ্য যে, গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ উপস্থিতিত জিলাখনৰ ৪৮০ টাকৈ আত্মসহায়ক গোটক স্বয়ম আঁচনিৰ অধীনত ৩০ হাজাৰকৈ টকাৰ চেক প্ৰদানৰ কাম আজি শুভাৰম্ভণী কৰে ৷ উক্ত চেক বিতৰণ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে । কাজিৰঙা আৰু ৰাইহো আত্মসহায়ক গোটকে ধৰি ৫ টাকৈ আত্মসহাক গোটক আজি আনুষ্ঠানিক ভাৱে চেক প্ৰদান কৰে মন্ত্ৰী দৈমাৰীয়ে।

আজিৰ স্বয়ম আঁচনি উদ্বোধন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বিজেপি চৰকাৰৰ আত্মনিৰ্ভৰ প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে কয় যে যিহেতু নিবনুৱা সমস্যা এক জটিল সমস্যা আৰু এই সমস্যা সমাধান কৰিবলৈ চৰকাৰে স্বয়ম আঁচনিৰ জৰিয়তে সমাধান কৰিব বিচাৰিছে । গোৱালপাৰা জিলাত মুঠ ৪৮০ টাকৈ আত্মসহাক গোটক ৩০ হাজাৰ কৈ টকা এককালীন আদায় দি সেই টকাৰে আত্মসহায়ক গোটসমূহে আত্মনিৰ্ভৰ হ'ব লাগিব বুলি মন্তব্য কৰে ৰিহণ দৈমাৰীয়ে । আৰু যি সকলে এই আঁচনিৰ অধীনত ধন লাভ কৰিছে তেওঁলোকে ভৱিষ্যতে কোনো চৰকাৰী চাকৰিৰ আবেদন কৰিব নোৱাৰে বুলি সদৰি কৰে।

আজিৰ চেক প্ৰদান অনুষ্ঠানত ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাও উপস্থিত থাকে ৷ লগতে চৰকাৰে প্ৰদান কৰা ধনৰে গোটৰ সদস্য সকলে আত্মনিৰ্ভৰশীল হ'ব লাগিব, নিবনুৱা সমস্যা দূৰ কৰিবলৈ প্ৰয়াস কৰা চৰকাৰী আঁচনিৰ ধন যাতে সৎ -ব্যৱহাৰ কৰে, তাৰ বাবে গোটৰ সদস্য সকল সচেতন হ'বলৈ আহ্বান জনায় উপায়ুক্ত বৰ্ণালী ডেকাই।

লগতে পঢ়ক- সপোন বিক্ৰী কৰিবলৈ অসমলৈ আহি আছে মোডী : এ জে পি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.