ETV Bharat / state

গোৱালপাৰাত ই-ৰিক্সাই মহতিয়ালে এজন ছাত্ৰক

author img

By

Published : Jan 20, 2021, 10:28 PM IST

goalpara accident
গোৱালপাৰাত পথ দুৰ্ঘটনা

বুধবাৰে গোৱালপাৰাৰ লক্ষীপুৰত শোকাৱহ পথ দুৰ্ঘটনা ৷ বিদ্যালয়লৈ গৈ থকা অৱস্থাতে ই-ৰিক্সাৰ খুন্দাত নিহত এজন সপ্তম শ্ৰেণীৰ ছাত্ৰ ৷

গোৱালপাৰা,20 জানুৱাৰী : গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰৰ থানামোৰত বুধবাৰে সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় টাউন হাইস্কুলৰ এজন ছাত্ৰ ৷

ঘটনা অনুসৰি, লক্ষীপুৰ গাদলাপামৰ ছাইৰুদ্দিন পৰামাণিকৰ পুত্ৰ তথা সপ্তম শ্ৰেণীৰ ছাত্ৰ ৰাকিবুল ইছলামে পুৱাৰ ভাগত চহৰৰ মাজ মজিয়াস্থিত টাউন হাইস্কুললৈ গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা দ্ৰুতগতিত অহা ই-ৰিক্সা এখনে ছাত্ৰজনক মহতিয়াই নিয়ে ৷ যাৰ ফলস্বৰূপে ই-ৰিক্সাখনে ৰাকিবুলক বৈদ্যুতিক খুঁটাত হেচা মাৰি ধৰে ৷

goalpara accident
গোৱালপাৰাত পথ দুৰ্ঘটনা

এই দুৰ্ঘটনাৰ পাচতেই প্ৰত্যক্ষদৰ্শীয়ে ৰাকিবুলক অচেতন অৱস্থাত লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ছাত্ৰজনক ৷ কিন্তু গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে পৰীক্ষাৰ অন্তত ৰাকিবুলক মৃত বুলি ঘোষণা কৰে ৷

উল্লেখ্য যে, লক্ষীপুৰৰ ই-ৰিক্সা চালকসকলে কোনো ধৰণৰ নীতি-নিয়ম মানি নচলাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ যাৰ ফলস্বৰূপে সঘনাই পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ই-ৰিক্সা চালকৰ এই কাৰু-কাৰ্যত অতিষ্ঠ হৈ চালকসকলক নাকী লগোৱাৰ বাবে পৌৰসভা আৰু জিলা প্ৰশাসনৰ ওচৰত দাবী জনায় লক্ষীপুৰবাসী ৰাইজে ।

লগতে পঢ়ক : চিআইডিৰ অভিযানত ইচলামপুৰ অঞ্চলৰ পৰা 45 লাখ মূল্যৰ ড্ৰাগছ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.