ETV Bharat / state

বিজেপি দলক গুণ্ডাৰ দল আখ্যা তৃণমূল কংগ্ৰেছৰ

author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 4:24 PM IST

Trinamool congress district president slams BJP
বিজেপি দলক গুণ্ডাৰ দল আখ্যা তৃণমূল কংগ্ৰেছৰ

Trinamool Congress: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন ৷ ইয়াৰ মাজতে বিজেপি দলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দল ৷ বিজেপি দলে গণতন্ত্ৰক হত্যা কৰাৰ গুৰুতৰ অভিযোগ ৷

বিজেপি দলক গুণ্ডাৰ দল আখ্যা তৃণমূল কংগ্ৰেছৰ

হাফলং, 24 ডিচেম্বৰ: বিজেপিক গুণ্ডাৰ দল বুলি আখ্যা তৃণমূল কংগ্ৰেছৰ । দেওবাৰে হাফলংস্থিত তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি আচিং জেমিয়ে কয় যে, বিজেপি দলে যেনে ধৰণে কংগ্ৰেছৰ 6 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ বাবে বাধ্য কৰিছে, ই তীব্ৰ গৰিহনাৰ যোগ্য ৷ যোৱা শনিবাৰে কংগ্ৰেছ দলৰ সদস্যসকলে সংবাদমেলযোগে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক অপহৰণ কৰি টকা দি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ বাবে বাধ্য কৰাইছে বুলি বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । বিজেপি দলে এই কাৰ্যৰে গণতন্ত্ৰক হত্যা কৰিছে ৷

তৃণমূল কংগ্ৰেছৰ জিলা সভাপতিগৰাকীয়ে লগতে কয় যে, পূৰ্বে ডিমা হাছাও জিলাত উগ্ৰপন্থী সমস্যাৰ বাবে ৰাইজে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয় কৰিছিল। কিন্তু আজি এই পৰিস্থিতি নাই, বৰ্তমান ডিমা হাছাও জিলাত শান্তি ঘূৰি আহিছে ৷ পাহাৰীয়া যুৱ সমাজে শান্তি বিচাৰে। কিন্তু এনে ধৰণৰ ঘটনা সংঘটিত কৰি শান্তি ভংগ কৰাৰ চেষ্টা চলালে পূৰ্বৰ অশান্ত পৰিৱেশ যদি আকৌ ঘূৰি আহে তেনেহ’লে পৰিস্থিতি আৰু ভয়ানক হ’ব পাৰে ৷ জিলাখনত শান্তি বৰ্তাই ৰাখিবৰ বাবে ৰাইজে যুঁজিব লাগিব।

ফলত এইবাৰৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিয়াৰ আহ্বান জনাই আচিং জেমিয়ে ৷ অন্যথা গুণ্ডাক ভোট দিলে এই গুণ্ডাসকলে লোকৰ ঘৰত সোমাই সমস্যাৰ সৃষ্টি কৰিব পাৰে ৰাইজক সজাগ হ’বলৈ আহ্বান জনায় ৷ যি সকল নেতাই টকাৰ কাৰণে ৰাইজৰ বিশ্বাস ভংগ কৰিছে তেওঁলোকে এনে ধৰণৰ কাম কৰি ভাল কৰা নাই বুলি নিন্দা কৰে সভাপতিগৰাকীয়ে ।

তেওঁ লগতে দাবী কৰি কয় যে, তৃণমূল কংগ্ৰেছৰ কোনো প্ৰাৰ্থী টকাৰ কাৰণে বিক্ৰী হোৱা নাই আৰু তেওঁলোক কেতিয়া বিক্ৰী নহয় । তৃণমূল কংগ্ৰেছ ৰাইজৰ কাৰণে কাম কৰাৰ বাবে ওলাই আহিছে ৷

লগতে পঢ়ক: ডিমা হাছাওত গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.