ETV Bharat / state

Assam Landslide news:শিলচৰ হাফলং সংযোগী ইষ্টৱেষ্ট কৰিডৰত ভূমিস্খলন হৈ যান-বাহনৰ চলাচল বন্ধ

author img

By

Published : Jun 12, 2023, 2:02 PM IST

landslide
ভূমিস্খলন

শিলচৰ হাফলং সংযোগী ইষ্টৱেষ্ট কৰিডৰ অৰ্থাৎ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বালাচৰাত ৰাষ্ট্ৰীয় ঘাইপথ পথৰ ওপৰত এখন ডাঙৰ পাহাৰ ভাঙি পৰাত দুই প্ৰান্তত শতাধিক যান-বাহন আবদ্ধ হৈ আছে ৷

হাফলং, 12 জুন : শিলচৰ হাফলং সংযোগী ইষ্টৱেষ্ট কৰিডৰত ভয়ংকৰ ভূমিস্খলনৰ ফলত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে । দেওবাৰ বিয়লিৰ ভাগত প্ৰচণ্ড বৰষুণৰ ফলত শিলচৰ আৰু হাফলং সংযোগী ইষ্টৱেষ্ট কৰিডৰ অৰ্থাৎ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বালাচৰাত ৰাষ্ট্ৰীয় ঘাইপথ পথৰ ওপৰত এখন ডাঙৰ পাহাৰ ভাঙি পৰে যাৰ বাবে এই ৰাষ্ট্ৰীয় ঘাইপথত যান বাহন চলাচল বন্ধ হৈ পৰে । ভূমিস্খলনৰ ফলত এই ৰাষ্ট্ৰীয় ঘাইপথৰ দুই প্ৰান্তত শতাধিক যানবাহন আবদ্ধ হৈ আছে । ইপিনে এই ৰাষ্ট্ৰীয় ঘাইপথ সুচল কৰি তোলাৰ লক্ষ্যৰে যুদ্ধকালীন তৎপৰতাৰে কাম অব্যাহত ৰাখিছে এনএইচআইডিচিএলৰ অধীনত কাম কৰা নিৰ্মাণ সংস্থাই ।

অন্যহাতে ডিমা হাছাও জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে । আগন্তুক 10 দিনত ডিমা হাছাও জিলাখনত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে । বৰষুণৰ ফলত প্ৰাকৃতিক দুৰ্যোগৰ আশংকা কৰা হৈছে জিলাখনত । ৰাজ্য চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগে হাই এলাৰ্ট জাৰি কৰিছে । জিলাখনৰ স্পৰ্শকাতৰ আৰু ভূমিস্খলন অঞ্চললৈ সকলোকে নাযাবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে ।

ডিমা হাছাও জিলা প্ৰশাসন আৰু জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে তিনিটা হেল্প লাইন নম্বৰ । নম্বৰ সমূহ হ’ল 03673 236324 03673 1077 94355 30412 । জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো ৰাইজক আহ্বান জনোৱা হৈছে যে যদি পাহাৰীয়া জিলাখনত কোনো ধৰণৰ প্ৰাকৃতিক বিপৰ্যয় সংগঠিত হয় তেনেহ’লে এই উল্লেখিত নম্বৰ সমূহত সহায় বিচাৰি বাবে ফোন কৰিব পাৰিব । ইয়াৰ উপৰি ডিমা হাছাও জিলাত প্ৰাকৃতিক দুৰ্যোগৰ বাবে সৃষ্টি হ’ব পৰা বিভীষিকাময় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গুৱাহাটীৰ পৰা 30/40 জনীয়া এনডিআৰএফৰ দল ডিমা হাছাওলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : BJP leader suspicious dead : গোৱালপাৰাত বিজেপি নেত্ৰী জোনালী নাথক হত্যা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.