11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Sep 2, 2022, 10:57 AM IST

top-10-at-11am

11 বজাৰ শীৰ্ষ দহটা বাতৰি

আজি গোৱালপাৰাৰ এখন মাদ্ৰাছাত চলিব উচ্ছেদ

মাদ্ৰাছাত পুনৰ চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ বৰপেটা, বঙাইগাঁও জিলাৰ পিছত এইবাৰ গোৱালপাৰাৰ এখন মাদ্ৰাছাত চলিব উচ্ছেদ (Eviction drive in Jehadi madrasa) ৷ জানিব পৰা মতে আজি গোৱালপাৰা পাখিউৰা চৰ মাদ্ৰাছাত চলিব উচ্ছেদ অভিযান ৷ যোৱা ২০ আগষ্টত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুজনকৈ বাংলাদেশী জেহাদী ৷ জেহাদী দুজন ক্ৰমে আব্দুছ সুবাহান আৰু জালাল উদ্দীন ৷ দিৰ্ঘদিনৰে পৰা শিক্ষকৰূপে মাদ্ৰাখনত থাকি চলাই গৈছিল জেহাদী কাৰ্যকলাপ ৷

বিশিষ্ট লেখক সমাজ বিজ্ঞানী ড৹ প্ৰফুল্ল মহন্তৰ দেহৱসান

বিশিষ্ট লেখক, গৱেষক ড৹ প্ৰফুল্ল মহন্তৰ দেহৱসান (renowned writer socialist dr Prafulla Mahanta passed away) ৷ পুৱতি নিশা 2.50 বজাত GMCHত শেষ নিশ্বাস ত্যাগ কৰিলে লেখকগৰাকীয়ে ৷

মঙলদৈত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত এজন

মঙলদৈত ভয়াৱহ পথ দুৰ্ঘটনা (Road Accident at Mangaldai) ৷ খাৰুপেটীয়াৰ পৰা বাইকেৰে মঙলদৈ অভিমুখে আহি থকা অৱস্থাত ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাৰ ফলত বাইক আৰোহী গৌৰাংগ দাস নিহত হোৱাৰ বিপৰীতে আহত হৈছে দাসৰ দুই সন্তান(One died in road accident) ৷

আজি জাৰ্মান এয়াৰ লাইনছৰ ৮০০ বিমান বাতিল

জাৰ্মান এয়াৰলাইন গ্ৰুপ লুফথানছাই শুকুৰবাৰে ইয়াৰ মুখ্য জাৰ্মান কেন্দ্ৰ মিউনিখ আৰু ফ্ৰাংকফুর্টলৈ অহা-যোৱা কৰা প্ৰায় সকলো বিমান বাতিল কৰিছে (German airline group Lufthansa cancelling 800 flights) । পাইলটসকলে ধৰ্মঘটৰ আহ্বান জনোৱাৰ পিছত এই সিদ্ধান্ত লোৱা বুলি জনোৱা হৈছে (German airline pilots strike) ।

বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে ধুবুৰীত শিক্ষাৰ্থীৰ প্ৰতিবাদ

চৰকাৰৰ বিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্তক লৈ সন্তুষ্ট নহয় একাংশ শিক্ষাৰ্থী । ধুবুৰীত শতাধিক শিক্ষাৰ্থীয়ে চৰকাৰৰ বিৰুদ্ধে কৰিলে প্ৰতিবাদ (Students protest at Dhubri)। তেওঁলোকৰ বিদ্যালয় একত্ৰীকৰণ কৰি আন ঠাইলৈ স্থানান্তৰ নকৰিবলৈ চৰকাৰক দাবী শিক্ষাৰ্থীৰ ।

Accidents in Chirang: ধানৰ মিলত আহত শিশু শ্ৰমিক

চিৰাঙত ধোৱাচাঙত শিশু সুৰক্ষা আইন ৷ ধানৰ মিলত আহত শিশু শ্ৰমিক (Child labour injured in rice mill) ৷ চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পূৱ এংকৰবাৰীত সংঘটিত হৈছে এই ঘটনাটো ৷ এংকৰবাৰীৰ নিবাসী আজগৰ আলী নামৰ এজন ব্যক্তিৰ ধানৰ মিলত কামত নিয়োজিত হৈ আছিল শিশুটো ৷ কৰ্মৰত অৱস্থাত ধান খোন্দা মেচিনত সোমাই গুৰুতৰ ভাৱে আহত হয় ১৪ বছৰীয়া শিশুটো ৷

ৰাজহুৱা শিক্ষা ব্যৱস্থা শক্তিশালীকৰণৰ দাবীত বিৰোধীৰ যৌথ আন্দোলনৰ সিদ্ধান্ত

ৰাজ্যৰ থলুৱা ভাষা-সংস্কৃতি নিঃশেষ কৰাৰ বাবে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চলোৱা ষড়যন্ত্রৰ বিৰুদ্ধে অসমৰ প্ৰায় সকলোকেইটা বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধ আন্দোলনৰ পোষকতা কৰিছে (opposition parties in Assam united movement) ।

ধুবুৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ধুবুৰীত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছসহ ছয়জন লোকক আটক কৰে (6 detained in Dhubri with brown sugar) ৷ লগতে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে (Brown Sugar seized in Dhubri) ৷

ৰাজ্যত অচিৰেই গঠন হ'ব উন্নত মানৰ এক ৰাজ্যিক খেলুৱৈৰ দল, জনালে ধিং এস্কপ্ৰেছ হিমা দাসে

ৰাজ্যত অচিৰেই গঠন হ'ব উন্নত মানৰ এক ৰাজ্যিক খেলুৱৈৰ দল ৷ অসম আৰক্ষীৰ পৰা বছা বছা খেলুৱৈক লৈ গঠন হ'ব এই দলটো ৷ আনহাতে নৱ নিযুক্ত আৰক্ষী জোৱানসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্য দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হয় হিমা দাস (Hima Das arrives at Dergaon Police Training Centre) ৷

Allegations Against DDU GKY: কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে নি যুৱতীগৰাকীক জড়িত কৰালে অপকৰ্মত

বহিঃৰাজ্যত উদ্ধাৰ হৈছে অসমৰ এগৰাকী যুৱতী ৷ দীন দয়াল উপাধ্যায় কৌশল বিকাশ কেন্দ্ৰৰ উদ্যোগত কৰ্মসংস্থাপনৰ বাবে নি যুৱতীগৰাকীক জড়িত কৰালে অপকৰ্মত ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কোকৰাঝাৰ থানাত দীন দয়াল উপাধ্যায় কৌশল বিকাশ কেন্দ্ৰটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ভুক্তভোগী যুৱতীয়ে দাখিল কৰিছে এজাহাৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.