বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে ধুবুৰীত শিক্ষাৰ্থীৰ প্ৰতিবাদ

author img

By

Published : Sep 2, 2022, 10:42 AM IST

School

চৰকাৰৰ বিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্তক লৈ সন্তুষ্ট নহয় একাংশ শিক্ষাৰ্থী । ধুবুৰীত শতাধিক শিক্ষাৰ্থীয়ে চৰকাৰৰ বিৰুদ্ধে কৰিলে প্ৰতিবাদ (Students protest at Dhubri)। তেওঁলোকৰ বিদ্যালয় একত্ৰীকৰণ কৰি আন ঠাইলৈ স্থানান্তৰ নকৰিবলৈ চৰকাৰক দাবী শিক্ষাৰ্থীৰ ।

ধুবুৰী,২ ছেপ্টেম্বৰ : বিদ্যালয় একত্ৰীকৰণক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে শিক্ষাৰ্থীৰ প্ৰতিবাদ (Protest against school amalgamation)। একে সময়তে ধুবুৰীৰ বিৰসিং চৰৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানক এখন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণক লৈ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে খেলপথাৰত প্ৰতিবাদত বহিল বিদ্যালয়খনৰ চাৰি শতাধিক শিক্ষাৰ্থী ।

উল্লেখ্য যে, বিৰসিং চৰ পঞ্চায়তৰ লগতে চৰাঞ্চলৰ প্ৰায় পাঁচখনকৈ পঞ্চায়তৰ ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য কৰি ১৯৯৪ চনত স্থাপন কৰা হৈছিল ধুবুৰীৰ এ.কে.বেপাৰী মেমোৰিয়াল হাইস্কুল । কিন্তু দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ পিতৃৰ নামেৰে নামাকৰণ কৰি আৰম্ভ কৰা একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানখন অন্য এখন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে (Assam Govt decision on School amalgamation)। চৰকাৰী জাননী লাভ কৰাৰ পিছতেই বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে ।

বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে ধুবুৰীত শিক্ষাৰ্থীৰ প্ৰতিবাদ

উক্ত চৰাঞ্চলৰ প্ৰায় ৪০ হাজাৰ জনবসতিৰ মাজত একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান হৈছে এ.কে.বেপাৰী মেমোৰিয়াল হাইস্কুল । বিদ্যালয়খনত বৰ্তমানেও ৪৭০ গৰাকী ছাত্র-ছাত্ৰী অধ্যয়ন কৰি আছে । যদিও উক্ত বিদ্যালয়খন ধুবুৰী চহৰত অৱস্থিত, মিউনিচিপাল হাইস্কুলৰ লগত একত্ৰীকৰণ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে ।

এইখন বিদ্যালয় ধুবুৰী চহৰৰ বিদ্যালয়ৰ সৈতে সংলগ্ন কৰা হ'লে চৰাঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ প্ৰায় ৮-১০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি মিউনিচিপাল হাইস্কুললৈ যাব লাগিব শিক্ষাৰ্থীসকল । ইফালে একত্ৰীকৰণ হোৱাৰ লগে লগে বিদ্যালয়খনৰ প্ৰায় ৮০ শতাংশ শিক্ষাৰ্থী শিক্ষাৰ পৰা বঞ্চিত হ'ব বুলিও অভিভাৱকসকলে আশংকা প্ৰকাশ কৰে । বুধবাৰে ধুবুৰী বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু স্থানীয় বিধায়কগৰাকীয়ে বিদ্যালয়খনত উপস্থিত হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে একত্ৰীকৰণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :অনিৰ্দিষ্ট কাললৈ বন্ধ সোণাৰিৰ একমাত্ৰ লাচিত উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.