বিশিষ্ট লেখক সমাজ বিজ্ঞানী ড৹ প্ৰফুল্ল মহন্তৰ দেহাৱসান

author img

By

Published : Sep 2, 2022, 7:54 AM IST

Updated : Sep 2, 2022, 11:15 AM IST

Etv Bharatবিশিষ্ট লেখক সমাজ বিজ্ঞানী ড৹ প্ৰফুল্ল মহন্তৰ দেহাৱসান

বিশিষ্ট লেখক, গৱেষক ড৹ প্ৰফুল্ল মহন্তৰ দেহাৱসান (Renowned writer socialist dr Prafulla Mahanta passed away) ৷ পুৱতি নিশা 2.50 বজাত GMCHত শেষ নিশ্বাস ত্যাগ কৰিলে লেখকগৰাকীয়ে ৷

গুৱাহাটী, 2 ছেপ্তেম্বৰ: বিশিষ্ট চিন্তাবিদ, সমালোচক, আবিলেকৰ প্ৰাক্তন সঞ্চালক ড৹ প্ৰফুল্ল মহন্ত আৰু নাই ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শুকুৰবাৰে পুৱতি নিশা ২.৫৫ বজাত ড৹ মহন্তই শেষ নিশ্বাস ত্যাগ কৰে (Renowned writer socialist dr Prafulla Mahanta passed away) ৷ মৃত্যুৰ সময়ত পত্নী বিশিষ্ট লেখিকা, প্ৰাক্তন অধ্যক্ষ চেনিচম্পা মহন্ত, দুই পুত্ৰ ৰাহুল আৰু মন্ময় তথা জীয়ৰী ঋতুপৰ্ণাকে ধৰি বহুতো আত্মীয় তথা গুণমুগ্ধক এৰি থৈ যায় ৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 81 বছৰ । অসমীয়া সমাজ জীৱনৰ অন্যতম অভিভাৱক স্বৰূপ সাহিত্যিকগৰাকী জটিল ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিনধৰি শয্যাশয়ী হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (Gauhati Medical College and Hospital) চিকিৎসাধীন হৈ আছিল । ১৯৪১ চনত নগাঁৱৰ জাজৰি অঞ্চলত জন্ম গ্ৰহণ কৰা ড৹ মহন্তই মৰিয়নি মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল আৰু পিছলৈ উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ভাষা সংস্কৃতি প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ২০০৫ চনত অৱসৰ গ্ৰহণ কৰে ৷

তেওঁ মৃত্যুৰ সময়লৈ গুৱাহাটীৰ ভেটাপাৰাৰ জ্যোতিপথৰ স্থায়ী বাসিন্দা হিচাপে বসবাস কৰি আছিল । উল্লেখ্য যে, সাহিত্য কৰ্মৰ জৰিয়তে অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰি যোৱা ড৹ মহন্তৰ সঞ্চালকৰ পদবীটো অগপ আৰু কংগ্ৰেছ দুখন চৰকাৰে নিয়মীয়া নকৰাৰ ফলত পেঞ্চনৰ পৰা বঞ্চিত হ’বলগীয়া হয় ৷ এই ক্ষেত্ৰত বিশেষকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত জগৰীয়া

পৰৱৰ্তীকালত প্ৰাক্তন অধ্যাপক, লেখক লক্ষ্মীকান্ত মেধি আৰু প্ৰাক্তন অধ্যক্ষ, সাহিত্যিক, সাংবাদিক অপূৰ্ব শৰ্মাৰ সহায় সহযোগিতাত তদানীন্তন মুখ্য সচিব প্ৰফুল্ল শৰ্মাই ড৹ মহন্তক সহায় কৰিছিল ৷ অতি দুখৰ কথা যে জীৱিত কালত বিশিষ্ট গৱেষক, লেখক, সাহিত্যিক গৰাকীক অসম গণ পৰিষদ, কংগ্ৰেছ আৰু বিজেপি কোনো এখন চৰকাৰে চৰকাৰী স্বীকৃতি প্ৰদান নকৰিলে ৷

অতি শেহতীয়াকৈ অসম সাহিত্য সভাই বিশিষ্ট গৱেষক গৰাকীৰ অনবদ্য অৱদানৰ প্ৰতি সামান্য স্বীকৃতি প্ৰদান কৰে ৷ ৰাজ্যৰ প্ৰতিটো সমস্যাক সমাজ বৈজ্ঞানিক দৃষ্টিৰে অনুধাৱন কৰি পৰ্যালোচনা কৰা, প্ৰৱল জাতীয় চেতনা আৰু বৌদ্ধিক চিন্তাৰে বাট দেখুৱাই অনবদ্য গ্ৰন্থ অৱদান দি গৈছে ড৹ মহন্তই ৷ মানুহ, জাতি, মাটিক ভাল পোৱা ড৹ মহন্তই মৰণোত্তৰভাৱে দেহ দান কৰি থৈ যায় ৷

শুকুৰবাৰে দিনৰ প্ৰায় এঘাৰ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ড৹ মহন্তৰ অংগদান তথা অংগ সংৰক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব৷ "ইতিহাসে ৰিঙিয়ায়", "অসমীয়া মধ্যবিত্তৰ ইতিহাস", "সোণাইৰ সোঁত", "আধুনিক অসমীয়া সাহিত্য- সামাজিক বৌদ্ধিক পটভূমি আৰু অন্যান্য" আদি বহুকেইখন তত্বগধুৰ, গৱেষণামূলক গ্ৰন্থ বৃহত্তৰ অসমীয়া জাতিলৈ উপহাৰ দি যোৱা ড৹ মহন্তৰ মৃত্যুত ৰাজ্যৰ বৌদ্ধিকমহলত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক: Accidents in Chirang: ধানৰ মিলত আহত শিশু শ্ৰমিক

Last Updated :Sep 2, 2022, 11:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.