ETV Bharat / state

New Haflong station: নিউ হাফলং ষ্টেচন সংযোগী পথ পুনৰ নিৰ্মাণ কৰাত অনীহা ৰে’ল কৰ্তৃপক্ষৰ

author img

By

Published : May 30, 2023, 2:55 PM IST

হালফঙৰ পৰা নিউ হাফলং ৰে’ল ষ্টেচন সংযোগী পথৰ দুৰৱস্থা ৷ বিগত বৰ্ষত ভূমিস্খলনৰ ফলত বিধ্বস্ত হৈ পৰিছিল পথটো ৷ কিন্তু পথটো নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই (North East Frontier Railway) ৷

New Haflong station
New Haflong station

নিউ হাফলং ষ্টেচন সংযোগী পথ পুনৰ নিৰ্মাণ কৰাত অনিহা ৰে’ল কৰ্তৃপক্ষৰ

হাফলং, 30 মে’: বিগত বৰ্ষত প্ৰকৃতিৰ ৰোষত পৰি বিধ্বস্ত হৈ পৰিছিল ডিমা হাচাও জিলা (Landslide in Haflong) ৷ লগতে সম্পূৰ্ণৰূপে তচ-নচ হৈ পৰিছিল নিউ হাফলং ৰে’ল ষ্টেচন ৷ ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰিছিল পাহাৰীয়া জিলাখনৰ যাতায়ত ব্যৱস্থা ৷

কিন্তু এই প্ৰাকৃতিক দুৰ্যোগৰ এটা বছৰ পাৰ হোৱাৰ পাচতো নিউ হাফলং ৰে’ল ষ্টেচনৰ সংযোগী পথটো নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই (North East Frontier Railway) ৷

উল্লেখ্য যে, হাফলঙৰ লগতে নিউ হাফলং ৰে’ল ষ্টেচন হৈছে পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ স্থলী ৷ পাহাৰৰ মাজত প্ৰকৃতিৰ অনুপম পৰিৱেশৰ মাজত অৱস্থিত এই ৰে’ল ষ্টেচনটোৱে পৰ্যটনকসকলক হাত-বাউলী দি মাতে ৷ কিন্তু 2022 বৰ্ষৰ 14 মে’ত ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰিছিল সৌন্দৰ্যৰে ভৰপূৰ এই ৰে’ল ষ্টেচনটো (New Haflong railway station) । প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি লামডিং-শিলচৰ ব্ৰডগজ ৰে’ল পথৰ 80 টা এলেকাত ভূমিস্খলন হৈ পথছোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল।

লগতে পঢ়ক: Flood hits Dima-Hasao : বদৰপুৰ-নিউ হাফলং ষ্টেচনলৈ পৰীক্ষামূলক ৰে'ল ইঞ্জিন চলাচল

অৱশ্যে মাত্ৰ তিনি মাহৰ ভিতৰতে এই ৰে’ল ষ্টেচনটো পুনৰ নিৰ্মাণ কৰাৰ লগতে ইয়াৰ সৌন্দৰ্য ওভতাই আনিবলৈ সক্ষম হৈছিল উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষ ৷ উল্লেখ্য যে, ভূমিস্খলনৰ ফলত ৰে’ল ষ্টেচনটোৰ লগতে বিধস্ত হৈ পৰিছিল হাফলঙৰ পৰা নিউ হাফলং ষ্টেচন সংযোগী পথছোৱা ৷ প্ৰতিদিনে এই পথেৰে অহা যোৱা কৰে শ শ লোকে (Railway communication in Haflong) ৷

কিন্তু এই পথছোৱা পুনৰ নিৰ্মাণৰ বাবে কোনো বিশেষ গুৰুত্ব প্ৰদান কৰা নাই উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ৷ যাৰ বাবে যাতায়তৰ ক্ষেত্ৰত বিগত এটা বছৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে লোকসকল ৷ সেয়েহে এই পথটো পুনৰ নিৰ্মাণ কৰি যাতায়তৰ বাবে সূচল কৰি তুলিবলৈ ৰাইজে আহ্বান জনাইছে ৰে’লৱে কৰ্তৃপক্ষক (Road connectivity to New Haflong station) ৷

লগতে পঢ়ক: DimaHasao Road Communication : মৰণফান্দত পৰিণত নিউ হাফলং ষ্টেচন-হাফলং চহৰ সংযোগী পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.