Silchar murder case: হত্যাকাৰীক ফাঁচীৰ দাবীত শিলচৰত অব্যাহত প্ৰতিবাদ

author img

By

Published : Mar 14, 2023, 5:30 PM IST

Silchar murder case

শিলচৰৰ ৮ বছৰীয়া শিশু আয়ানৰ হত্যাকাৰীক ফাঁচীৰ দাবীত অব্যাহত আছে প্ৰতিবাদ । সোমবাৰে কেইবাটাও সংগঠনে আয়ানৰ ন্যায়ৰ দাবীত ম'মবাতি সমদল উলিয়ায় (Candlelight rally for Ayan justice)। হত্যাকাৰী অপু মজুমদাৰক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰ শাস্তি প্ৰদান দাবী সংগঠনৰ ।

হত্যাকাৰীক ফাঁচীৰ দাবীত শিলচৰত অব্যাহত প্ৰতিবাদ

হাফলং,১৪ মাৰ্চ : শিলচৰৰ নৃশংস হত্যাকাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে (Silchar murder case)। হত্যাৰ বলি হোৱা কণমানি আয়ান মঞ্জুৰ বৰভূঞাৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবীত প্ৰতিবাদো অব্যাহত আছে । বিশেষকৈ শিলচৰ চহৰত প্ৰায় প্ৰতিদিনে প্ৰতিবাদ অব্যাহত ৰাখিছে বিভিন্ন দল-সংগঠনে ।

উল্লেখ্য যে, যোৱা ১১ মাৰ্চত শিলচৰ চহৰৰ মাজমজিয়াত দিন দুপৰতে ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে এগৰাকী কিশোৰক এজন যুৱকে নৃশংসভাৱে হত্যা কৰিছিল । আয়ান মঞ্জুৰ বৰভূঞা নামৰ শিশুটোক অপু মজুমদাৰ নামৰ যুৱকজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল । এই ঘটনাত দুৰ্ভগীয়া কিশোৰজনৰ মৃত্যু হৈছিল (8 year old boy stabbed to death)। ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী অপু মজুমদাৰক গ্ৰেপ্তাৰ কৰিছে ।

এই ঘটনাৰ পাচতে ৰাজ্যৰ ভিন্ন প্ৰান্তত দল-সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । হত্যাকাৰীক ফাঁচীৰ দাবীত শিলচৰত সোমবাৰে কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । ফাষ্টট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলাই হত্যাকাৰী অপু মজুমদাৰক ফাঁচী দিয়াৰ দাবীত 'Justice for Ayan' শীৰ্ষক এক সমদল উলিওৱা হয় । সন্ধিয়া শিলচৰ চহৰত ম'মবাতি লৈ সমদল উলিয়াই শিলচৰৰ বিভিন্ন দল সংগঠনৰ সন্মিলিত মঞ্চ হিউমেনছ অফ শিলচৰে । সংগঠনটোৰ আহ্বানত শিলচৰ ক্ষুদিৰাম মূৰ্তিৰ ওচৰৰ পৰা গোলদিঘি মললৈ এই ম'মবাতি সমদল উলিওৱা হয় (Candlelight rally for Ayan justice)।

উল্লেখ্য যে, হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত আৱদ্ধ হৈছিল । কাছাৰ জিলাৰ আৰক্ষী অধীক্ষ নোমল মাহাতোয়ে জনোৱা মতে ভূমিকেন্দ্ৰিক বিবাদৰ বাবেই এই হত্যাকাণ্ড সংগঠিত হৈছিল । ইফালে আয়ানৰ পৰিয়ালৰ পৰা পূৰ্বেই আৰক্ষীক অৱগত কৰা হৈছিল যে, তেওঁলোকৰ পৰিয়ালৰ প্ৰাণৰ সংশয়ৰ সম্ভাৱনা আছে কিন্তু ইয়াৰ পাচতো শিলচৰ আৰক্ষীয়ে বিষয়টোক লৈ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ।

আনহাতে, আয়ানৰ ভগ্নীয়ে হত্যাকাৰী অপু মজুমদাৰক ফাঁচী দিয়াৰ দাবী তুলি কয় যে যিমান দিনলৈ এই বিচাৰ প্ৰক্ৰিয়া আদালতত চলিব থাকিব তেতিয়ালৈ হত্যাকাৰীয়ে জামিন পাব নালাগে । এই বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্রেক আদালতত হ'ব লাগে আৰু অনতিপলমে হত্যাকাৰী অপু মজুমদাৰক ফাঁচী দিব লাগে বুলিও আয়ানৰ ভগ্নী আৰু স্থানীয় ৰাইজে দাবী জনায় ।

লগতে পঢ়ক :AJYCP Protest at Jonai : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক পদত্যাগৰ দাবী AJYCP ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.