AJYCP Protest at Jonai : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক পদত্যাগৰ দাবী AJYCP ৰ

By

Published : Mar 14, 2023, 3:06 PM IST

thumbnail

জোনাই, 14 মাৰ্চ: ৰাজ্যজুৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে (HSLC paper leak) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মঙলবাৰে ধেমাজি জিলাৰ জোনাই সদৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AJYCP Protest at Jonai ) ৷ 

জোনাই আঞ্চলিক সমিতিয়ে ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে ছেবাৰ অধ্যক্ষৰ জুমুঠি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ শিক্ষা বিভাগে মেট্ৰিকৰ দৰে এটা গুৰুত্বপূৰ্ণ পৰীক্ষাও সুকলমে পাতিব নোৱাৰা বুলি কটু সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে (Protest against education Minister Ranoj Pegu) ৷  

প্ৰতিবাদকাৰীসকলে কয় যে, সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হোৱাৰ লগতে পৰীক্ষা বাতিল কৰিব লগা হোৱাত পৰীক্ষাৰ্থীৰ লগতে অভিভাৱকসকলো চিন্তিত হৈছে ৷ গতিকে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰক ৷  

লগতে প্ৰতিবাদকাৰীসকলে অচিৰেই এই কাণ্ড সংঘটিত কৰা দোষীক চিনাক্ত কৰি কঠোৰতম শাস্তি দিবলৈ দাবী উত্থাপন কৰে ৷  অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে জোনাই আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে ৷ 

লগতে পঢ়ক: HSLC paper leak: ছেবাৰ কাৰ্য্যালয়ৰ সন্মুখত নিশা অনশনত বহিল এন এছ ইউ আই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.