ETV Bharat / state

সন্তোষ হোজাই হত্যাকাণ্ড : চিবিআই তদন্ত দাবী  !

author img

By

Published : May 3, 2020, 11:19 AM IST

Santosh Hojai murder case in Dima Hasao
Santosh Hojai murder case in Dima Hasao

নিজ গাঁৱত সৎকাৰ কৰা হ'ল সন্তোষ হোজাইৰ মৃতদেহ ৷ 24 এপ্ৰিলত সন্তোষ হোজাইক নিজা বাসগৃহৰ পৰা অপহৰণ কৰি নিছিল পাঁচজনীয়া দুৰ্বৃত্তৰ দলে ৷ 30 এপ্ৰিলত মুপা ফৰেষ্ট ৰিজাৰ্ভৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত লেইলিংৰ জংঘলত মাটিত পুতি থোৱা অৱস্থাত সন্তোষ হোজাইৰ মৃতদেহ ৷

ডিমা হাছাও 2 মে : ডিমাচা ৰীতি-নীতিৰে শনিবাৰে সন্ধিয়া সম্পন্ন কৰা হয় সন্তোষ হোজাইৰ অন্তেষ্টিক্ৰিয়া। মৰণোত্তৰ পৰীক্ষাৰ পিচত সন্তোষ হোজাইৰ মৃতদেহ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা হাৰেংগাজাৱলৈ অনাৰ পাচত শোকত ভাঙি পৰে হাৰেংগাজাৱৰ ৰাইজ । লক্ ডাউনৰ মাজতে সন্তোষ হোজাইৰ মৃতদেহ লৈ সমদল উলিয়াই শ্মশানলৈ লৈ যোৱা হয় ৷

উল্লেখ্য যে, যোৱা 24 এপ্ৰিলত সন্তোষ হোজাইক নিজা বাসগৃহৰ পৰা পাঁচজনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নিয়ে ৷ অপহৰণৰ এসপ্তাহ পাচত 30 এপ্ৰিলত মুপা ফৰেষ্ট ৰিজাৰ্ভৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত লেইলিংৰ জংঘলত মাটিত পুতি থোৱা অৱস্থাত সন্তোষ হোজাইৰ মৃতদেহ উদ্ধাৰ কৰিছিল লাংটিং আৰক্ষীয়ে । সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ বাবে দক্ষিণ অসম প্ৰান্তৰ ডিআইজি দিলীপ কুমাৰ দে' ইতিমধ্যে ডিমা হাছাও জিলাত আহি উপস্থিত হৈছে । সন্তোষ হোজাইৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ পৰা সমগ্ৰ ঘটনাৰ বুজ লয় আৰক্ষী বিষয়াগৰাকীয়ে ৷

নিজ গাঁৱত সৎকাৰ কৰা হ'ল সন্তোষ হোজাইৰ মৃতদেহ

আনহাতে, সন্তোষ হোজাইৰ নৃশংস হত্যাকাণ্ডৰ চিবিআই তদন্তৰ লগতে মৃতকৰ পৰিয়ালক চৰকাৰৰ ফালৰ পৰা এককালীন বিত্তীয় সাহায্য আগবঢ়োৱাৰ দাবী জনায় প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : নিশ্চিত হ'ল ছোৱাইন ফিভাৰ : কি হ'ব পৰৱৰ্তী পদক্ষেপ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.