ETV Bharat / state

নিশ্চিত হ'ল ছোৱাইন ফিভাৰ : কি হ'ব পৰৱৰ্তী পদক্ষেপ !

author img

By

Published : May 2, 2020, 8:42 PM IST

পোন প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষ তথা অসমত গাহৰিৰ দেহত ছোৱাইন ফিভাৰ ৷ ভূপালৰ উচ্চ সুৰক্ষা পশুৰোগ প্ৰতিষ্ঠানে নিশ্চিত কৰিলে এই তথ্য ৷ 100 গাহৰিৰ নমুনা সংগ্ৰহ কৰি চলোৱা হৈছিল পৰীক্ষণ ৷

atul bora announced, swine fever spread among pigs in assam
atul bora announced, swine fever spread among pigs in assam

গুৱাহাটী, 2 মে' : অসমৰ 6 খন জিলা আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত এই কথা নিশ্চিত কৰিলে ভূপালৰ উচ্চ সুৰক্ষা পশুৰোগ প্ৰতিষ্ঠানে । অসমৰ ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, লক্ষীমপুৰ আৰু বিশ্বনাথত এতিয়াৰে পৰা নিষিদ্ধ কৰা হ'ল গাহৰিৰ বেচা-কিনাৰ লগতে সৰবৰাহ। অৰুণাচলৰ পৰা এই ৰোগ সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে বুলি জানিবলৈ দিলে কৃষি তথা পশুধন বিভাগৰ মন্ত্ৰী অতুল বৰাই । অৰুণাচলৰ সমীপৱৰ্তী অঞ্চল জোনাইত প্ৰথম ধৰা পৰিছিল গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰৰ ।

নিশ্চিত হ'ল ছোৱাইন ফিভাৰ : কি হ'ব পৰৱৰ্তী পদক্ষেপ !

গাহৰি পালকৰ সৈতে আলোচনাৰ অন্তত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনালে মন্ত্ৰী গৰাকীয়ে । আনহাতে, শেহতীয়া তথ্য অনুসৰি ৰাজ্যত সৰ্বমুঠ 30 লাখ গাহৰি থকাৰ তথ্য আছে চৰকাৰৰ হাতত । গাহৰি পালক সকলৰ লোকচান নোহোৱাকৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে শনিবাৰে এখন বৈঠকত মিলিত হয় অতুল বৰা । বৈঠকৰ অন্তত পৰৱৰ্তী কাৰ্য ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীৰ উপদেশ মৰ্মে এখন 20 জনীয়া কমিটি গঠন কৰা হৈছে বুলি সংবাদমাধ্যমৰ আগত জনালে মন্ত্ৰীগৰাকীয়ে । আনহাতে গাহৰিৰ ছোৱাইন ফিভাৰ পোন প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষ তথা অসমত হোৱা বুলি জানিবলৈ দিলে অতুল বৰাই । এই ছোৱাইন ফিভাৰৰ পৰা মানৱ জাতিৰ কোনো হানি নোহোৱাকৈ মানৱ দেহে লৈ ফুৰিব পাৰে বুলি মন্ত্ৰীজনে উল্লেখ কৰে ৷

জানিব পৰা অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুযায়ী আক্ৰান্ত সকলো গাহৰি মাৰি পেলোৱাৰ নিৰ্দেশ দিয়া হৈছে । কিন্তু ৰাজ্য চৰকাৰে সিদ্ধান্ত মৰ্মে পৰৱৰ্তী পৰ্যায়ত কি ব্যৱস্থা গ্ৰহণ কৰিব সেই কথা গাহৰি পালকসকলৰ লগত হোৱা আলোচনা মৰ্মেহে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী অতুল বৰাই ।

লগতে পঢ়ক : এখন বজাৰক কেন্দ্ৰ কৰি ধিঙত দুটা ফৈদৰ ভয়ানক সংঘৰ্ষ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.