বিদ্ৰোহী সংগঠন DNLAই অগ্নিসংগযোগ কৰিলে পাঁচখনকৈ কয়লাভৰ্তি ট্ৰাকত, নিহত 5

author img

By

Published : Aug 27, 2021, 7:19 AM IST

Updated : Aug 27, 2021, 1:32 PM IST

militant group DNLA sets frire at 5 trucks, kills 1

বৃহস্পতিবাৰে হিমা হাছাওত পুনৰ সংঘটিত হ’ল কূটাঘাতমূলক কাৰ্য ৷ পাঁচখনকৈ কয়লা পৰিৱাহী ট্ৰাকত অগ্নিসংগযোগৰ লগতে সংঘটিত গুলিয়াগুলী ৷ ঘটনাৰ আঁৰত বিদ্ৰোহী সংগঠন ডিএনএলএ জড়িত থকাৰ সন্দেহ ৷

ডিমা হাছাও, 27 আগষ্ট : ডিমা হাছাওৰ দিয়ংমুখত 5 খনকৈ কয়লাভৰ্তি ট্ৰাকত অগ্নিসংযোগ ৷ এই ঘটনাৰ আৰত উগ্ৰপন্থী সংগঠন ডিএনএলএ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে নিশা প্ৰায় 9 টা বজাত হাফলংৰ পৰা 120 কিলোমিটাৰ দূৰত অৱস্থিত ৰেঞ্জাৰবিল অঞ্চলত সন্দেহযুক্ত ডিএনএলএৰ সদস্যই কয়লা কঢ়িয়াই নিয়া পাঁচখনকৈ ট্ৰাকত অগ্নিসংযোগ কৰে ৷

সন্দেহযুক্ত উগ্ৰপন্থীৰ দলটোৱে ৰেঞ্জাৰবিল অঞ্চলত উপস্থিত হৈ গুলিবৰ্ষণ কৰে ৷ এই গুলিয়াগুলীত 5 গৰাকী ট্ৰাক চালক নিহত হোৱা বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ ইতিমধ্যে নিহত এজন ট্ৰাকচালকক চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ নিহত চালকজন গৌড় মজুমদাৰ বুলি জানিব পৰা গৈছে ৷ গুলিয়াগুলীৰ পিছতে ট্ৰাককেইখনত পেট্ৰ’ল ঢালি অগ্নিসংযোগ কৰে উগ্ৰপন্থীৰ দলটোৱে ৷

বিদ্ৰোহী সংগঠন DNLAই অগ্নিসংগযোগ কৰিলে পাঁচখনকৈ কয়লাভৰ্তি ট্ৰাকত

নিহত আন চাৰিজন ট্ৰাক চালকক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই কাৰণ আটাইকেইগৰাকী জুইত সম্পূৰ্ণৰূপে জাহ গৈছে ৷ ট্ৰাককেইখনত অতি কমেও 10 গৰাকী লোক আছিল যাৰ বাবে আৰক্ষীয়ে মৃতকৰ সংখ্যা আৰু বৃদ্ধি হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ডিমা হাছাওৰ দুটা স্থানত গুলীয়াগুলি

2009 চনত আন এক ডিমাচা উগ্ৰপন্থী সংগঠন ডিএইচডি (জে)ৰ সংগঠন অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিছিল ৷ ডিএইচডি (জে)ৰ পিচতে এয়া ডিমাচা উগ্ৰপন্থী সংগঠনৰ দ্বাৰা সংঘটিত প্ৰথমটো বৃহৎ আক্ৰমণৰ ঘটনা ।

ইয়াৰ পূৰ্বে আজিৰ পৰা প্ৰায় 10/12 বছৰ আগতে এতিয়াৰ ডালমিয়া চিমেণ্ট আৰু তেতিয়াৰ বিনয় চিমেণ্ট ফেক্টৰিত ডিএইচডি (জে) উগ্ৰপন্থী সংগঠনে আক্ৰমণ চলাই চিমেণ্ট ফেক্টৰীৰ 7 গৰাকী নিৰাপত্তাৰক্ষী আৰু দুগৰাকী কৰ্মীক গুলিয়াই হত্যা কৰিছিল

militant group DNLA sets frire at 5 trucks, kills 1
অগ্নিগদ্ধ কয়লাভৰ্তি ট্ৰাক

উল্লেখ্য যে, যোৱা কিছু দিনৰ পৰা হিমা হাছাওত পুনৰ সক্ৰিয় হৈ উঠিছে ডিমাচা নেশ্যনেল লিবাৰেচন আৰ্মী । স্বাধীনতা দিৱসৰ দিনটোতে ডিমা হাছাও জিলাৰ মাইবাঙত গুলিয়াগুলী সংঘটিত কৰিছিল সংগঠনটোৱে ৷

এই ঘটনাৰ দ্বায়িত্ব স্বীকাৰ কৰি সংগঠনটোৱে কৈছিল ‘গাঁওখনৰ একাংশ লোকে নিৰাপত্তা বাহিনীক সংগঠনটোৰ গতিবিধিৰ তথ্য প্ৰদান কৰাৰ খবৰ লাভ কৰিছিল তেওঁলোকে ৷ যাৰ বাবে গাঁওখনৰ মানুহৰ মাজত ভীতি প্ৰদৰ্শনৰ বাবেই উগ্ৰপন্থী সংগঠনটোৱে গুলি চলায় ।’ এই ঘটনাৰ পিছতে পুনৰ সন্দেহযুক্ত ডিএনএলএৰ সদস্যই 18 আৰু 19 আগষ্টতো ক্ৰমে ডিমা হাছাওৰ দাওটুহাজা ৰে'ল ষ্টেচন আৰু মাইবঙত গুলিয়াগুলীৰ ঘটনা সংঘটিত হৈছিল ৷

লগতে পঢ়ক : ডিমা হাছাওত দাবী কৰা ধন নিবলৈ গৈ আৰক্ষীৰ জালত পৰিল DNLA উগ্ৰপন্থী

Last Updated :Aug 27, 2021, 1:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.