ডিমা হাছাওত দাবী কৰা ধন নিবলৈ গৈ আৰক্ষীৰ জালত পৰিল DNLA উগ্ৰপন্থী

author img

By

Published : Aug 20, 2021, 10:00 PM IST

dima-hasao-police-on-mission-against-dimasa-extrimist-group-dnla

ডিমা হাছাও আৰক্ষী আৰু সেনাবাহিনীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে ডিমাচা নেচনেল লিবাৰেচন আৰ্মি( Dimasa National Liberation Army )ৰ বিৰুদ্ধে ৷ জানো আঁহক কেনেকৈ দাবী কৰা ধন নিবলৈ গৈ আৰক্ষীৰ জালত পৰিল উগ্ৰপন্থী সংগঠনটোৰ লিংকমেন ৷

ডিমা হাছাও, 20 আগষ্ট: ডিমাচা নেচনেল লিবাৰেচন আৰ্মি( Dimasa National Liberation Army )ৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে ডিমা হাছাও আৰক্ষী আৰু সেনাবাহিনীয়ে । মাইবং মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু সেনা বাহিনীয়ে । ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙে মাইবঙত বাঁহৰ পাতি নিজেই সমগ্ৰ অভিযানৰ নেতৃত্ব বহন কৰা দেখা গৈছে ৷

বৃহস্পতিবাৰে, মাইবং চহৰৰ পৰা আৰক্ষীয়ে ডিমাচা নেচনেল লিবাৰেচন আৰ্মি উগ্ৰপন্থী সংগঠনৰ চাৰি গৰাকী লিংকমেনক গ্ৰেপ্তাৰ কৰে । জানিব পৰা মতে, মাইবং বজাৰত ধন আদায় কৰিব গৈ হাতে লোটে ধৰা পৰে উগ্ৰপন্থী সংগঠনটোৰ চাৰি গৰাকীকৈ লিংকমেন । ধৃত চাৰি গৰাকী লিংকমেন অমিত হোজাই, ৰদিত লাংথাচা, মুকেছ জিডোং, অভিজিত কেম্প্ৰাই বুলি জানিব পৰা গৈছে ।

ডিমা হাছাওত দাবী কৰা ধন নিবলৈ গৈ আৰক্ষীৰ জালত পৰিল DNLA উগ্ৰপন্থী

উল্লেখযোগ্য যে, ডিমাচা নেচনেল আৰ্মি উগ্ৰপন্থী সংগঠনৰ লগত সম্পৰ্ক থকাৰ অভিযোগত ইতিমধ্যে ডিমা হাছাও আৰক্ষীয়ে ডিমা হাছাও জিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী দিপালি হাপিলা আৰু মাইবাং দেদাওদীপ গাঁৱৰ গ্ৰাম প্ৰধান পচেন হোজাইক গ্ৰেপ্তাৰ কৰাৰ লগতে উগ্ৰপন্থী সংগঠনৰ 7 গৰাকী লিংকমেনক গ্ৰেপ্তাৰ কৰে ।

জানিব পৰা মতে, মাইবং মহকুমাৰ বিভিন্ন অঞ্চলত ব্যৱসায়ী সকলক ধন দাবী কৰিছিল উগ্ৰপন্থী সংগঠনটোৱে । বৃহস্পতিবাৰে ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ এই চাৰি গৰাকী লিংকমেন দাবী কৰা ধন আদায় কৰিব গৈছিল মাইবং বজাৰত ৷ গোপন সূত্ৰৰ পৰা এই খবৰ লাভ কৰে ডিমা হাছাও আৰক্ষীয়ে ৷

মাইবং চহৰত অভিযানত নামি মাইবাং মেঘ নাৰায়ণ দলঙৰ পৰা দুই গৰাকী লিংকমেন(link man)ক গ্ৰেপ্তাৰ কৰে আৰক্ষী বাহিনীয়ে ৷ ইয়াৰ লগতে মাইবং পেট্ৰল পাম্পৰ ওচৰত এগৰাকী লিংকমেন আৰু মাইবং ব্লকৰ ওচৰৰ পৰা আৰু এগৰাকী লিংকমেনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ মুঠ চাৰি গৰাকী লিংকমেনৰ পৰা আৰক্ষীয়ে নগদ 10 হাজাৰ টকা আৰু আপত্তি জনক নথি পত্ৰ উদ্ধাৰ কৰিছে। বৰ্তমান আৰক্ষীয়ে চাৰিও গৰাকীকে সোধাপচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : কৰ্মস্থানত মহিলাক বাংলা ক’বলৈ বাধ্য কৰোৱাৰ ঘটনাক লৈ দল সংগঠনৰ ক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.