মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ডিমা হাছাওৰ দুটা স্থানত গুলীয়াগুলি

author img

By

Published : Aug 19, 2021, 6:00 PM IST

Firing At Dautuhaja Rail Station

বৃহস্পতিবাৰে ডিমা হাছাও জিলাৰ মাইবঙত সংঘটিত হয় গুলীয়াগুলিৰ ঘটনা । আৰক্ষীৰ জালত সন্দেহযুক্ত ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ সদস্য । বুধবাৰে নিশা ডিমা হাছাওৰ দাওটুহাজা ৰে'ল ষ্টেচনত ষ্টেচন মাষ্টাৰৰ কাৰ্যালয়লৈ লক্ষ্য কৰি গুলীচালনা কৰে অজ্ঞাত দুৰ্বৃত্তই ।

ডিমা হাছাও, ১৯ আগষ্ট: ডিমা হাছাওৰ দাওটুহাজা ৰে'ল ষ্টেচনত সংঘটিত গুলীচালনাৰ ঘটনাৰে কোন জড়িত আছে সেয়া পোহৰলৈ অহাৰ পূৰ্বেই এইবাৰ মাইবঙত সংঘটিত হ'ল গুলীয়াগুলিৰ ঘটনা । বৃহস্পতিবাৰ দিনৰ প্ৰায় ১১ বজাত মাইবঙত গুলীচালনাৰ ঘটনা সংঘটিত হয় । জানিব পৰা মতে, মাইবং মেঘ নাৰায়ণ দলঙত নাকা তালাচীৰ সময়তে সন্দেহযুক্ত ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ ২ গৰাকী সদস্যই এখন বাইকেৰে সেই পথেৰে আহিছিল । কিন্তু আৰক্ষীক দেখি দুয়োজন সদস্যই বাইক সেই স্থানতে এৰি থৈ পলায়ন কৰাৰ চেষ্টা কৰে ।

কিন্তু আৰক্ষীয়ে এজন সদস্যক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । আনহাতে আনজন সদস্য পলায়ন কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে । যোৱা কিছু দিনৰ পৰা মাইবং অঞ্চলত সক্ৰিয় হৈ উঠিছে ডিমাচা নেশ্যনেল লিবাৰেচন আৰ্মী । সম্প্ৰতি ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙে মাইবঙত বাহৰ পাতিছে ।

Firing At Dautuhaja Rail Station
মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ডিমা হাছাওৰ দুটা স্থানত গুলীয়াগুলি

আনহাতে, বুধবাৰে নিশা প্ৰায় ১১.৩০ বজাত লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথৰ দাওটুহাজা ৰে'ল ষ্টেচনত গুলীয়াগুলিৰ ঘটনা সংঘটিত হয় । বুধবাৰে নিশা এই ঘটনা সংঘটিত হোৱাৰ পিছতে ষ্টেচনটো বন্ধ কৰি দিয়া হৈছে ।

বুধবাৰে নিশা ডিমা হাছাওৰ দাওটুহাজা ৰে'ল ষ্টেচনত ষ্টেচন মাষ্টাৰৰ কাৰ্যালয়লৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল অজ্ঞাত দুৰ্বৃত্তই । তিনি জাঁই গুলী বৰ্ষণ কৰিছিল দুৰ্বৃত্তই । জানিব পৰা মতে, শংকিত হৈ ষ্টেচন মাষ্টাৰৰ লগত সকলো কৰ্মচাৰী সেই স্থানৰ পৰা পলায়ন কৰিছে । দাওটুহাজা ৰে'ল ষ্টেচন বন্ধ কৰি সকলো কৰ্মচাৰী লামডিঙত উপস্থিত হৈছেগৈ বুলি জানিব পৰা গৈছে ।

Firing At Dautuhaja Rail Station
মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ডিমা হাছাওৰ দুটা স্থানত গুলীয়াগুলি

কিন্তু বুধবাৰ নিশা দাওটুহাজা ষ্টেচনত কোনে গুলীচালনা কৰিছিল সেই বিষয়ে আৰক্ষীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই । মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে জিলাখনৰ দুটাকৈ গুৰুত্বপূৰ্ণ স্থানত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাক লৈ শংকিত হৈ পৰিছে ডিমা হাছাও জিলাৰ ৰাইজ । বৰ্তমান এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:দেৰগাঁৱত আছুৰ ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.