ETV Bharat / state

লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত অব্যাহত ভূমিস্খলন

author img

By

Published : Jun 3, 2020, 4:20 PM IST

ভূমিস্খলনৰ বাবে বুধবাৰে পুনৰ লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথৰ ফাইডিং আৰু দাওটুহাজা ষ্টেচনৰ মধ্যৱৰ্তী 75 কিলোমিটাৰ অংশত ভূমিস্খলন হৈ যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷ যাতায়তৰ বাবে সূচল কৰি তুলিবলৈ প্ৰায় 7 দিন সময় লাগিব বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱে জানিবলৈ দিয়ে ।

Landslide breaks off railway connection between Lumding and Silchar
লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত অব্যাহত ভূমিস্খলন

ডিমা হাছাও, 3 জুন : লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথৰ একাধিক স্থানত ভয়ংকৰ ভূমিস্খলন ঘটি বন্ধ হৈ পৰিছে ৰে'ল চলাচল ৷ মঙলবাৰে ভূমিস্খলনৰ বাবে কালি মুপা আৰু মাইবাঙ অঞ্চলত অনিৰ্দিষ্টকালৰ বাবে ৰে'ল চলাচল স্থগিত কৰিব লগা হৈছিল ৷ বুধবাৰে পুনৰ লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথৰ ফাইডিং আৰু দাওটুহাজা ষ্টেচনৰ মধ্যৱৰ্তী 75 কিলোমিটাৰ অংশত বৰুষণৰ ফলত ভয়ংকৰ ভূমিস্খলন হৈ ৰেল লাইনত ব্যাপক ক্ষতিগ্ৰস্ত হয় । ইয়াৰ লগতে মাইগ্ৰেনদিচাত ভূমিস্খলন ফলত ৰে'ল লাইনৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷

লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত অব্যাহত ভূমিস্খলন

ইপিনে মুপা মাইবাং ফাইডিং দাওটুহাজা বা মাইগ্ৰেদিচা নহয় লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথৰ বিভিন্ন ঠাইত ভূমিস্খলনৰ ফলত ৰে'ল চলাচল সম্পূৰ্ণ বন্ধ হৈ পৰিব বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱে জানিব দিয়ে। লামডিং-শিলচৰ ৰেলপথটো যাতায়তৰ বাবে সূচল কৰি তুলিবলৈ প্ৰায় 7 দিন সময় লাগিব বুলি উত্তৰ-পূব সীমান্ত ৰে'ল সূত্ৰই জানিবলৈ দিয়ে ।

লগতে পঢ়ক : স্খলিত মানৱতা আৰু এজনী গৰ্ভাৱতী হাতীৰ অপমৃত্যু !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.