ETV Bharat / state

Haflong Municipal Board : হাফলং সাপ্তাহিক বজাৰত শাক পাচলি বিক্ৰেতাক প্ৰৱেশত বাধা

author img

By

Published : Mar 25, 2023, 6:46 PM IST

হাফলঙৰ সাপ্তাহিক বজাৰত বিগত দুটা দশকৰ পৰা শাক-পাচলি বিক্ৰী কৰি অহা বাহিৰৰ বিক্ৰেতাসকলক হাফলং পৌৰ বোৰ্ড কৰ্তৃপক্ষই শাক পাচলি বিক্ৰী কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ যিয়ে সমস্যাত পেলাইছে হোজাই, লংকা, যমুনামুখ, লামডিং আদিৰ পৰা ব্যৱসায় কৰিবলৈ অহা শাক-পাচলি ব্যৱসায়ীসকলক (Haflong Municipal Board banned outsider vegetable vendors) ৷

Haflong Municipal Board banned outsider vegetable vendors
সাপ্তাহিক বজাৰত শাক পাচলি বিক্ৰেতাক প্ৰৱেশত বাধা

সাপ্তাহিক বজাৰত শাক পাচলি বিক্ৰেতাক প্ৰৱেশত বাধা

হাফলং, 25 মাৰ্চ : হাহাকাৰ পৰিস্থিতিত হাফলং লালফিল্ডস্থিত সাপ্তাহিক বজাৰৰ শাক পাচলিৰ বিক্ৰেতাসকল ৷ দুটা দশক ধৰি এই সাপ্তাহিক বজাৰখনত হোজাই, লংকা, যমুনামুখ, লামডিঙকে ধৰি বিভিন্ন স্থানৰ পৰা অহা শাক পাচলিৰ বিক্ৰেতাসকল ব্যৱসায়িক উদ্দেশ্যত বহিছিল কিন্তু আজি এইসকল শাক পাচলি বিক্ৰেতাক হাফলং পৌৰ বোৰ্ড কৰ্তৃপক্ষই সাপ্তাহিক বজাৰখনত বহিবলৈ বাধা প্ৰদান কৰাত সমস্যাৰ সৃষ্টি হৈছে বাহিৰৰ বিক্ৰেতাসকলৰ সমুখত ৷ পুৱা শাক-পাচলি লৈ উক্ত স্থানত উপস্থিত হোৱাৰ পিছতে শাক-পাচলি বিক্ৰেতাসকলক হাফলং লালফিল্ডত হাফলং পৌৰবোৰ্ড কৰ্তৃপক্ষই বহিবলৈ দিয়া নাই বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে (Entry of vegetable vendors from outside is prohibited) ।

আনকি এই নিৰ্দেশনা জাৰি কৰি ইতিমধ্যে লালফিল্ডত হাফলং পৌৰবোৰ্ড কৰ্তৃপক্ষই লালফিল্ডত ডিমা হাছাও জিলাৰ স্থানীয় উপজাতিৰ ব্যৱসায়ী সকলে শাক-পাচলি বেচিব পাৰিব আৰু বাহিৰৰ পৰা অহা শাক-পাচলি বিক্ৰেতাই যদি লালফিল্ডত শাক পাচলি বিক্ৰী কৰিবলৈ বহে তেনেহ’লে তেওঁলোকৰ পৰা 2000 হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব বুলি উল্লেখ কৰি এখন জাননী আঁৰি দিয়ে ৷ উল্লেখ্য যে, যোৱা 22 মাৰ্চত হাফলং পৌৰ বোৰ্ডে এই সংক্ৰান্তীয় এখন জাননি জাৰি কৰি হাফলং চহৰত শনিবাৰে যি সাপ্তাহিক বজাৰ বহে উক্ত বজাৰত হাফলং লালফিল্ডত ডিমা হাছাও জিলাৰ স্থানীয় উপজাতি শাক পাচলিৰ বিক্ৰেতাসকল বহিব পাৰিব আৰু বাহিৰৰ পৰা অহা শাক পাচলিৰ বিক্ৰেতাসকলে লালফিল্ডৰ বিপৰীত দিশে থকা অ’টো ৰিক্সা পাৰ্কিং স্থলত শাক পাচলি বিক্ৰী কৰিব পাৰিব বুলি উল্লেখ কৰে । কিন্তু আজি বাহিৰৰ পৰা শাক পাচলি বিক্ৰেতাসকল হাফলঙলৈ অহাৰ পিচতে তেওঁলোকক শাক পাচলি বিক্ৰী কৰিবলৈ হাফলং পৌৰবোৰ্ড কৰ্তৃপক্ষই অনুমতি প্ৰদান নকৰাত বিপাঙত পৰিছে হোজাই, লংকা, যমুনামুখ, লামডিঙৰ পৰা অহা শাক পাচলি বিক্ৰেতাসকল (Haflong Municipal Board banned outsider vegetable vendors)।

হাফলং পৌৰবোৰ্ড কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ ফলত শাক-পাচলি বিক্ৰেতাসকলে ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি বিষয়টো সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাৰ হস্তক্ষেপ বিচাৰে শাক-পাচলি বিক্ৰেতাসকলে । তদুপৰি, বাহিৰৰ পৰা অহা শাক-পাচলি বিক্ৰেতাসকলে সাপ্তাহিক বজাৰখনত ব্যৱসায় কৰাৰ বাবদ হাফলং পৌৰ বোৰ্ডক প্ৰতি সপ্তাহে 200 পৰা 300 টকা কৰ আদায় দিয়ে বুলি অভিযোগ উত্থাপন কৰে ।

উল্লেখযোগ্য আজি সাপ্তাহিক বজাৰত বাহিৰৰ পৰা অহা এই শাক পাচলি বিক্ৰেতাসকলে শাক পাচলি বিক্ৰী কৰিব অনুমতি প্ৰদান নকৰাৰ ফলত হাফলং বজাৰত শাক পাচলিৰ মূল্য অধিক পৰিমাণে বৃদ্ধি হৈছে বুলি সাধাৰণ ৰাইজে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক : Assam’s interest burden increase : ঋণৰ সমান্তৰালকৈ ৰাজ্যৰ বৃদ্ধি পাইছে সুদৰ বোজা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.