ETV Bharat / state

বিশেষ তদন্তকাৰী গোটলৈ সন্তোষ হোজাই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব

author img

By

Published : May 22, 2020, 1:59 PM IST

সন্তোষ হোজাই হত্যাকাণ্ডৰ তদন্ত আৰম্ভ
সন্তোষ হোজাই হত্যাকাণ্ডৰ তদন্ত আৰম্ভ

19 মে’ৰ পৰা সন্তোষ হোজাই হত্যাকাণ্ডক লৈ জিলা ন্যায়িক দণ্ডাধীশে দিয়া দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ সাক্ষাৎ গ্ৰহণ কৰা হৈছে ৷ ডিমা হাছাও জিলাৰ নতুন আৰক্ষী অধীক্ষক জয়ন্ত সিঙে সন্তোষ হোজাইৰ বাসগৃহত উপস্থিত হৈ মৃত সন্তোষ হোজাইৰ পত্নীক আশ্বস্ত কৰি কয় এই কথা ৷ অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এচআইটিয়ে সন্তোষ হোজাই হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে দক্ষিণ অসম প্ৰান্তৰ উপ-আৰক্ষী অধীক্ষক দিলীপ কুমাৰ দে’ই ৷

ডিমা হাছাও, 22 মে’: সন্তোষ হোজাই হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এচআইটিয়ে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত সন্তোষ হোজাই হত্যাকাণ্ডৰ তদন্তৰ বাবে এচআইটি গঠন কৰি দিয়াৰ পিছত বৃহস্পতিবাৰে দক্ষিণ অসম প্ৰান্তৰ উপ-আৰক্ষী অধীক্ষক দিলীপ কুমাৰ দে আৰু ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিং সন্তোষ হোজাইৰ ঘৰত উপস্থিত হয় আৰু মৃত সন্তোষ হোজাইৰ পত্নীৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰে ৷

আৰক্ষী অধীক্ষকে সন্তোষ হোজাইৰ পত্নীক জানিবলৈ দিয়া অনুসৰি, এই হত্যাকাণ্ডৰ নিৰপেক্ষ তদন্ত হোৱাৰ বাবে পূৰ্বৰ আৰক্ষী অধীক্ষক বীৰবিক্ৰম গগৈ আৰু উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙক ডিমা হাছাওৰ পৰা বদলি কৰা হৈছে । আনহাতে, উপ-আৰক্ষী অধীক্ষক দিলীপ কুমাৰ দে’য়ে কয় যে, তদন্তৰ বাবে পূৰ্বৰ আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকক নিযুক্তি দিলে তদন্তৰ ক্ষেত্ৰত সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ৷

সন্তোষ হোজাই হত্যাকাণ্ডৰ তদন্ত আৰম্ভ

ডিমা হাছাও জিলাৰ নতুন আৰক্ষী অধীক্ষক জয়ন্ত সিঙে সন্তোষ হোজাইৰ পত্নীক আশ্বস্ত কৰি কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত এই তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু ইয়াক লৈ চিন্তাৰ কোনো কাৰণ নাই ৷ উল্লেখ্য যে, 19 মে’ৰ পৰা সন্তোষ হোজাই হত্যাকাণ্ডক লৈ জিলা ন্যায়িক দণ্ডাধীশে দিয়া দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ সাক্ষাৎ গ্ৰহণ কৰিছে অতিৰিক্ত জিলা উপায়ুক্ত দীপক জিদোংয়ে আৰু আগন্তুক 2 জুনলৈকে এই সাক্ষাৎ গ্ৰহণ কৰা হ’ব ।

লগতে পঢ়ক: অখিল গগৈৰ মুক্তিৰ দাবীত মৰাণৰ এগৰাকী আইতাৰ কবিতাৰে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.