ETV Bharat / state

ডিমা হাছাওত চাৰ্টিফিকেট জালিয়াতি কাণ্ডৰ লগত জড়িত পাঁচ গৰাকীলোকক আটক

author img

By

Published : Apr 29, 2022, 7:13 PM IST

পুনৰ ডিমা হাছাও আৰক্ষীৰ জালত চাৰ্টিফিকেট জালিয়াতি কাণ্ডত জড়িত পাঁচ গৰাকীলোক ৷ । ভুৱা প্ৰমাণ পত্ৰৰে কমাণ্ড বেটেলিয়ানৰ নিযুক্তি প্ৰক্ৰিয়াত যোগ দিবলৈ আহি ৰঙাঘৰৰ আলহী এজন যুৱকৰ (Police arrest youth for certificate forgery) স্বীকাৰোক্তিৰ ভিত্তিত আন পাঁচগৰাকীক আটক কৰে আৰক্ষীয়ে (Dima Hasao police arrested 5 People for certificate forgery) ।

dima-hasao-police-arrested-5-people-for-certificate-forgery
ডিমা হাছাওত চাৰ্টিফিকেট জালিয়াতি কাণ্ডৰ লগত জড়িত পাঁচ গৰাকীলোকক আটক

ডিমা হাচাও, 29 এপ্ৰিল : ৰাজ্যত সক্ৰিয় চাৰ্টিফিকেট জালিয়াতি চক্ৰ । ভুৱা প্ৰমাণ পত্ৰৰে কমাণ্ড বেটেলিয়ানৰ নিযুক্তি প্ৰক্ৰিয়াত যোগ দিবলৈ আহি ৰঙাঘৰৰ আলহী হ’ল এজন যুৱক (Police arrest youth for certificate forgery) । ঘটনা অনুসৰি, অমিত কালোয়াৰ নামৰ যুৱকজনে অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়ানৰ নিযুক্তি প্ৰক্ৰিয়াত (Recruitment in Assam Police Commando battalion) যোগ দিয়াৰ বাবে হাফলংলৈ আহিছিল ।

বিগত 24 এপ্ৰিলত হাফলং চনটিলা পঞ্চম অসম আৰক্ষী বেটেলিয়ানত এই নিযুক্তি প্ৰক্ৰিয়া চলাৰ সময়ত কালোয়াৰৰ পৰা ডিমা হাছাও আৰক্ষীয়ে চাৰ্টিফিকেট পৰীক্ষা নিৰীক্ষা কৰাৰ সময়ত এই যুৱক জনৰ 2018 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চাৰ্টিফিকেট খনত কিছু বিসংগতি ধৰা পৰে । ইয়াৰ পিছতে যুৱক জনক সোধাপোছা কৰাৰ পিচতে তেওঁ আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তিত 15 হাজাৰ টকাৰ বিনিময়ত এগৰাকী ব্যক্তিৰ পৰা এই চাৰ্টিফিকেট খন কিনাৰ কথা উল্লেখ কৰে ।

সোমবাৰে যুৱক জনক আদালত হাজিৰ কৰোৱাৰ পাছত আদালতে যুৱক জনক 4 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰি সোধপোচ অব্যাহত ৰাখে ৷

এই সোধপোচৰ ভিত্তিতে আৰক্ষীয়ে হাফলংৰ পৰা কাছাৰ জিলাৰ কালাইন এলেকাৰ সুৰজ কৰ্মকাৰক আটক কৰে ৷ তেওঁলোকক আৰক্ষীৰ জিম্মাত আনি হাফলং আৰক্ষীয়ে সোধপোচ কৰাৰ পিচতে বৃহস্পতিবাৰে কাছাৰ আৰক্ষীৰ সহযোগত ডিমা হাছাও আৰক্ষীয়ে চাৰ্টিফিকেট জালিয়াতি কাণ্ডত জড়িত থকাৰ অভিযোগত কাছাৰ জিলাৰ পৰা আৰু চাৰি গৰাকী ব্যক্তিক আটক কৰে (Dima Hasao police arrested 5 People for certificate forgery) ৷

আটকাধীন লোক কেইজন ক্ৰমে, ধোয়াৰবন্দ বিনোদনগৰ এলেকাৰ গোবিন্দ হাজাম, শিলচৰ তাৰপুৰ এলেকাৰ বাসিন্দা অসম আৰক্ষীৰ চোৰাংচোৱা শাখাৰ অৱসৰ প্ৰাপ্ত কৰ্মী প্ৰদীপ দেৱৰায়, কঠাল ৰোডৰ উত্তম দে’ আৰু উধাৰবন্দ দুৰ্গানগৰ চতুৰ্থ খণ্ডৰ বাসিন্দা আৰকাটিপুৰৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিজাম উদ্দিন চৌধুৰী জানিব পৰা গৈছে ৷

লগতে পঢ়ক: চাৰ্টিফিকেট জালিয়তি কৰি ৰঙাঘৰত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.