ETV Bharat / state

চাৰ্টিফিকেট জালিয়তি কৰি ৰঙাঘৰত যুৱক

author img

By

Published : Apr 26, 2022, 10:26 PM IST

ৰাজ্যত সক্ৰিয় চাৰ্টিফিকেট জালিয়াতি চক্ৰ । ভুৱা প্ৰমাণ পত্ৰৰে কমাণ্ড বেটেলিয়ানৰ নিযুক্তি প্ৰক্ৰিয়াত যোগ দিবলৈ আহি ৰঙাঘৰৰ আলহী এজন যুৱক (Police arrest youth for certificate forgery) ।

police arrest youth for certificate forgery
চাৰ্টিফিকেট জালিয়তি কৰি ৰঙাঘৰত যুৱক

ডিমা হাছাও,২৬ এপ্ৰিল: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চাৰ্টিফিকেট জালিয়াতি কৰা সন্দৰ্ভত ডিমা হাছাও জিলাত এজন যুৱকক গ্ৰেপ্তাৰ কৰে ডিমা হাছাও আৰক্ষীয়ে(Police arrest youth for certificate forgery) । অসম আৰক্ষী কমাণ্ডো বেটেলিয়ানৰ নিযুক্তি প্ৰক্ৰিয়াত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নকল চাৰ্টিফিকেট দিয়াৰ বাবে যুৱক জনক গ্ৰেপ্তাৰ কৰে ডিমা হাছাও আৰক্ষীয়ে ।

ধৃত যুৱক জন কাছাৰ জিলাৰ আমিত কালোয়াৰ বুলি জানিব পৰা গৈছে । অমিতে অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়ানৰ নিযুক্তি প্ৰক্ৰিয়াত (Recruitment in Assam Police Commando battalion) যোগ দিয়াৰ বাবে হাফলংলৈ আহিছিল । যোৱা ২৪ এপ্ৰিলত হাফলং চনটিলা পঞ্চম অসম আৰক্ষী বেটেলিয়ানত এই নিযুক্তি প্ৰক্ৰিয়া চলাৰ সময়ত অমিত কালোয়াৰ নামৰ যুৱক জনৰ পৰা এই নকল চাৰ্টিফিকেট উদ্ধাৰ কৰে ডিমা হাছাও আৰক্ষীয়ে ।

চাৰ্টিফিকেট জালিয়তি কৰি ৰঙাঘৰত যুৱক

হাফলং সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত শইকীয়াই জানিবলৈ দিয়া মতে অসম চৰকাৰে যোৱা এমাহৰ পৰা অসম আৰক্ষী কমাণ্ড বেটেলিয়ানৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে । যোৱা ২৪ এপ্ৰিলত নিযুক্তি প্ৰক্ৰিয়া চলাৰ সময়ত কাছাৰ জিলাৰ বাসিন্দা অমিত কালোয়াৰ নামৰ যুৱকজনে যেতিয়ে তেওঁৰ চাৰ্টিফিকেট জমা দিয়ে তেতিয়া চাৰ্টিফিকেট পৰীক্ষা নিৰীক্ষা কৰাৰ সময়ত এই যুৱক জনৰ ২০১৮ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চাৰ্টিফিকেট খনত কিছু বিসংগতি ধৰা পৰে ।

ইয়াৰ পিছতে যুৱক জনক সোধাপোছা কৰাৰ পিচতে তেওঁ আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তিত ১৫ হাজাৰ টকাৰ বিনিময়ত এগৰাকী ব্যক্তিৰ পৰা এই চাৰ্টিফিকেট খন কিনাৰ কথা উল্লেখ কৰে । সোমবাৰে যুৱক জনক আদালত হাজিৰ কৰোৱাৰ পাছত আদালতে যুৱক জনক ৪দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

হাফলং সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত শইকীয়াই জানিবলৈ দিয়ে যে, এই চাৰ্টিফিকেট জলিয়াতিৰ সৈতে এটা বৃহৎ চক্ৰ জড়িত হৈ আছে আৰু আৰক্ষীয়ে এই চাৰ্টিফিকেট জলিয়াতি চক্ৰৰ লগতে জড়িত বাকী সকলোকে অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব । ইপিনে অমিত কালোয়াৰ নামৰ যুৱক জনৰ বিৰুদ্ধে হাফলং আৰক্ষীয়ে হাফলং থানাত 30/2022 120 (B) 419/468/471/474 আইপিচিৰ অধীনত এখন গোচৰ ৰুজু কৰিছে ।

লগতে পঢ়ক: পেঙেৰীত বন্যহস্তীৰ উপদ্ৰৱ : ভাঙি লণ্ড-ভণ্ড বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.