ETV Bharat / state

পেঙেৰীত বন্যহস্তীৰ উপদ্ৰৱ : ভাঙি লণ্ড-ভণ্ড বাসগৃহ

author img

By

Published : Apr 26, 2022, 1:17 PM IST

Wild elephant manace in sadiya
পেঙেৰীত বন্যহস্তীৰ তাণ্ডৱ

ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত(Man Elephant Conflict in Assam) । প্ৰতিদিনেই বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ । তিনিচুকীয়াৰ পেঙেৰীতো বন্যহস্তীয়ে চলাইছে উপদ্ৰৱ । শেহতীয়াকৈ এজন লোকক আঘাতপ্ৰাপ্ত কৰাৰ বিপৰীতে ভাঙি লণ্ড-ভণ্ড কৰিলে আন এজন লোকৰ বাসগৃহ ।

শদিয়া, ২৬ এপ্ৰিল : ৰাজ্যৰ কেতিয়াও অন্ত নপৰা এক সমস্যালৈ যেন পৰিণত হৈছে হাতী-মানুহৰ সংঘাত(Man Elephant Conflict in Assam) । প্ৰতিদিনেই বন্যহস্তীৰ ত্ৰাসে নিদ্ৰা হৰিছে প্ৰায়সমূহ অঞ্চলৰ ৰাইজৰ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ পেঙেৰীতো অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ(Wild elephant terror in Pengeri) ।

অকলশৰীয়া এটা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত বাহৰ পতাত আতংকিত হৈ পৰিছে পেঙেৰীবাসী । জাকৰ পৰা অকলশৰীয়াকৈ ওলাই অহা বন্যহস্তীটোৱে সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে তীব্ৰ আতংকৰ ।

তিনিচুকীয়া জিলাৰ পেঙেৰীত সোমবাৰে সন্ধিয়া এজাক বনৰীয়া হাতীয়ে পথ আগচি দীপাংকৰ গগৈ নামৰ এজনক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে । ইয়াৰ পাছত পিছত নিশা ১ নং নলনি গাঁৱত অকলশৰীয়া এটা বনৰীয়া হাতীয়ে তিনিবাৰকৈ ঘূৰি ঘূৰি আহি নিশা ১১ বজাৰ পৰা পুৱতি নিশা প্ৰায় ৩.৩০ বজালৈকে গাঁৱখনত একপ্ৰকাৰে উপদ্ৰৱ চলায় ৷

পেঙেৰীত বন্যহস্তীৰ উপদ্ৰৱ

আনহাতে, ডুমডুমা বন সংমণ্ডল, খাটাংপানী ৰেঞ্জৰ অন্তৰ্গত তৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা অকলশৰীয়া বনৰীয়া হাতীটোৱে আক্ৰমণ চলাই ১ নং নলনিৰ গাঁৱৰ প্ৰমোদ মৰাণ নামৰ লোকজনৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে । প্ৰমোদ মৰাণৰ বাসগৃহ সম্পূৰ্ণভাৱে লণ্ড-ভণ্ড কৰাৰ লগতে পাকঘৰ, ভঁৰাল আদি সম্পূৰ্ণৰূপে তচনচ কৰে হাতীটোৱে ৷

বন্যহস্তীটোৰ আক্ৰমণত ঘৰ-বাৰী হেৰুৱাই মূৰে-কপালে হাত দিবলগীয়া হৈছে পৰিয়ালৰ লোকে । প্ৰমোদ মৰাণৰ পৰিয়ালে এতিয়া বন বিভাগৰ পৰা দাবী কৰিছে ক্ষতিপূৰণৰ । লগতে শীঘ্ৰেই বন্যহস্তীৰ উপদ্ৰৱৰ পৰা অঞ্চলটো ৰক্ষা কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: Elephant attack video : নিজৰ মাউতকে যেতিয়া আক্ৰমণ এটা হাতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.