ETV Bharat / state

24 ঘণ্টীয়া ডিমা হাছাও জিলা বন্ধ ঘোষণা ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ

author img

By

Published : Jan 24, 2020, 3:38 PM IST

dima hasao bandh by DNLA organisation
24 ঘণ্টীয়া ডিমা হাছাও জিলা বন্ধ ঘোষণা ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ

ডিমাছা নেশ্যনেল আৰ্মি (ডি এন এল এ) উগ্ৰপন্থী সংগঠনৰ 24 ঘণ্টাৰ ডিমা হাছাও জিলা বন্ধৰ ঘোষণা ৷ 25 জানুৱাৰী দিনটোক শ্বহীদ দিৱস হিচাপে ঘোষণা কৰি 24 জানুৱাৰী ৰাতি 12 বজাৰ পৰা 25 জানুৱাৰী ৰাতি 12 বজালৈ 24 ঘণ্টীয়া ডিমা হাছাও জিলা বন্ধৰ আহ্বান কৰে উগ্ৰপন্থী সংগঠনটোয়ে।

ডিমা হাছাও, 24 জানুৱাৰী : ডিমাছা নেশ্যনেল আৰ্মি (ডি এন এল এ) উগ্ৰপন্থী সংগঠনে 24 ঘণ্টা ডিমা হাছাও জিলা বন্ধ ঘোষণা কৰে। ডিমাছা শ্বহীদ দিৱস হিচাপে উগ্ৰপন্থী সংগঠনটোৰ প্ৰচাৰ সচিব ৰিংসমাই ডিমাছাই এক প্ৰেছ বিবৃত্তিত 24 ঘন্টীয়া বন্ধৰ উল্লেখ কৰে ৷ নগা শান্তি চুক্তিত ডিমা হাছাও জিলাৰ ভূমি নাগালেণ্ডত অন্তৰ্ভুক্ত হোৱাৰ খবৰৰ পিছত যোৱা 2018 চনত মাইবং ৰেল ষ্টেচনত আন্দোলনৰত অৱস্থাত আৰক্ষীৰ গুলিত নিহত হৈছিল প্ৰৱন্ত হাকমোকচা আৰু মিথুন ডিব্ৰুগেডে ৷ যাৰ ফলত 25 জানুৱাৰী দিনটোক শ্বহীদ দিৱস হিচাপে ঘোষণা কৰি 24 ঘণ্টাৰ ডিমা হাছাও জিলা বন্ধৰ আহ্বান কৰে উগ্ৰপন্থী সংগঠনটোৱে । ইয়াৰ উপৰি উগ্ৰপন্থী সংগঠনটোৰ মতে ডিমা হাছাও কোনো ডাম্পিং গ্ৰাউণ্ড নহয় য'ত ডিটেনচন কেম্প স্থাপন কৰা হ'ব। ডিমা হাছাও জিলাত ডিটেনচন কেম্প স্থাপনৰ তীব্ৰ বিৰোধিতা কৰি ডিটেনচন কেম্পৰ সলনি পাহাৰীয়া জিলাখনত শিক্ষা প্ৰতিষ্ঠানৰ স্থাপন জৰুৰী বুলি উল্লেখ কৰি ৰিংসমাই ডিমাছাই ডিমা হাছাও জিলাত পঞ্চায়ত ৰাজ প্ৰৱৰ্তনৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ।

dima hasao bandh by DNLA organisation
24 ঘণ্টীয়া ডিমা হাছাও জিলা বন্ধ ঘোষণা ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ

আৰু পঢ়ক : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

Intro:ডিমা হাছাও 24 জানুৱাৰী: ডিমাছা নেচনেল আৰ্মি চুমুকৈ (ডি এন এল এ) উগ্ৰপন্থী সংগঠনৰ 24 ঘণ্টাৰ ডিমা হাছাও জিলা বন্ধৰ ঘোষণা। উগ্ৰপন্থী সংগঠনটোৰ প্ৰচাৰ সচিব ৰিংসমাই ডিমাছায় এক প্ৰেছ বিবৃত্তিত উল্লেখ কৰে 24 জানুৱাৰী ৰাতি 12 টাৰ পৰা 25 জানুৱাৰী ৰাতি 12 টা লৈ 24 ঘণ্টাৰ ডিমা হাছাও জিলা বন্ধ ঘোষণা কৰা হৈছে ডিমাছা শ্বহীদ দিৱস হিচাবে। ৰিংসমাই ডিমাছায় আৰু কয় নগা শান্তি চুক্তিত ডিমা হাছাও জিলাৰ ভূমি নাগালেণ্ডত অন্তৰ্ভুক্ত হোৱাৰ খবৰৰ পিছত যোৱা 2018 চনত মাইবাং ৰেল ষ্টেচনত আন্দোলন ৰত অৱস্থাত আৰক্ষীৰ গুলিত নিহত হৈছিল প্ৰৱন্ত হাকমোকচা আৰু মিথুন ডিব্ৰুগেডে যাৰ ফলত 25 জানুৱাৰী দিনটোক শ্বহীদ দিৱস হিচাবে ঘোষণা কৰি 24 ঘণ্টাৰ ডিমা হাছাও জিলা বন্ধৰ আহ্বান কৰে উগ্ৰপন্থী সংগঠনটোৱে।Body:ইপিনে ডিএনএলএ উগ্ৰপন্থী সংঘটনটোৰ প্ৰচাৰ সচিব ৰিংসমাই ডিমাছায় ইটিভি অসমক জনায় নাগৰিকত্ব সংশোধনী আইন মানি নো লয় এই আইনৰ বিৰোধিতা কৰিছে ডিএনএলএ উগ্ৰপন্থী সংগঠনে। Conclusion:ইয়াৰ উপৰি উগ্ৰপন্থী সংগঠনটোৰ মতে ডিমা হাছাও কোনও ডাম্পিং গ্ৰাউণ্ড নহয় যত ডিটেনচন ক্যাম্প স্থাপন কৰা হব। ডিমা হাছাও জিলাত ডিটেনচন ক্যাম্প স্থাপনৰ তীব্র বিৰোধিতা কৰি ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ প্ৰচাৰ সচিবজনে কয় ডিটেনচন ক্যাম্পৰ বদলি পাহাৰীয়া জিলা খনত আৰু শিক্ষা প্ৰতিষ্ঠান স্থাপন জৰুৰী বুলি উল্লেখ কৰি ৰিংসমাই ডিমাছায় ডিমা হাছাও জিলাত পঞ্চায়ত ৰাজ প্ৰবৰ্তনৰ সিদ্ধান্তৰ ও তীব্ৰ বিৰোধিতা কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.