ETV Bharat / state

শনিবাৰে ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মিয়ে আহ্বান কৰা বন্ধত স্তব্ধ হৈ পৰে ডিমা হাছাও জিলাৰ জনজীৱন

author img

By

Published : Jan 25, 2020, 9:05 PM IST

ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মি
ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মি

শনিবাৰে ডিমাছা শ্বহীদ দিৱস হিচাপে ঘোষণা কৰি ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মি (ডিএনএলএ) উগ্ৰপন্থী সংগঠনে আহ্বান কৰে 24 ঘণ্টীয়া বন্ধৰ ৷

ডিমা হাছাও, 25 জানুৱাৰীঃ শনিবাৰে ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মি (ডিএনএলএ) উগ্ৰপন্থী সংগঠনে আহ্বান কৰা 24 ঘণ্টীয়া বন্ধৰ ফলত ডিমা হাছাও জিলাৰ জনজীৱন সম্পূৰ্ণ স্তব্ধ হৈ পৰে ৷ 25 জানুৱাৰীৰ দিনটোক ডিমাছা শ্বহীদ দিৱস হিচাপে ঘোষণা কৰি উগ্ৰপন্থী সংগঠনটোৱে শুকুৰবাৰে নিশা 12 বজাৰ পৰা শনিবাৰে নিশা 12 বজালৈ, ডিমা হাছাও জিলা বন্ধৰ ঘোষণা কৰিছিল ৷

উল্লেখ্য যে, নগা শান্তি চুক্তিত ডিমা হাছাও জিলাৰ ভূমি অন্তৰ্ভুক্ত হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পিচত, 2018 চনত ডিমা হাছাও জিলাৰ বিভিন্ন দল সংগঠন আৰু সাধাৰণ ৰাইজ আন্দোলন মুখৰ হৈ উঠিছিল ৷ 2018 চনৰ 25 জানুৱাৰীত মাইবাং ৰে'ল ষ্টেচনত আন্দোলনৰত ৰাইজৰ ওপৰত আৰক্ষীৰ গুলী চালনাৰ ফলত প্ৰৱন্ত হাকমোকচা আৰু মিথুন ডিব্ৰুগেডে নামৰ দুজন যুৱক গুলীবিদ্ধ হৈ নিহত হৈছিল ৷ ইয়াৰ পিছৰে পৰা ডিমাছা জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে প্ৰতি বছৰে 25 জানুৱাৰীৰ দিনটো ক'লা দিৱস হিচাপে পালন কৰি আহিছে ৷

লগতে পঢ়ক ঃ চিৰাঙৰ বিজনীত কোচ ৰাজবংশী মহাসভাৰ সংবাদমেল

Intro:ডিমা হাছাও 25 জানুৱাৰী: ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মি (ডিএনএলএ) উগ্ৰপন্থী সংগঠনৰ আহ্বান কৰা 24 ঘণ্টাৰ বন্ধৰ ফলত ডিমা হাছাও জিলাৰ জনজীৱন সম্পূৰ্ণ বিপৰ্যস্ত হৈ পৰে শনিবাৰে। 25 জানুৱাৰীৰ দিনটোক ডিমাছা শ্বহীদ দিৱস হিচাবে ঘোষণা কৰি উগ্ৰপন্থী সংগঠনটোৱে শুক্ৰবাৰ ৰাতি 12 টা বজাৰ পৰা শনিবাৰ ৰাতি 12 টা বজালৈ 24 ঘণ্টাৰ ডিমা হাছাও জিলা বন্ধৰ ঘোষণা কৰিছিল।Body:উল্লেখযোগ্য যে নগা শান্তি চুক্তিত ডিমা হাছাও জিলাৰ ভূমি অন্তৰ্ভুক্ত হোৱাৰ এখন খবৰ প্ৰকাশ পোৱাৰ পিছতো যোৱা 2018 চনত ডিমা হাছাও জিলাৰ বিভিন্ন দল সংগঠন আৰু সাধাৰণ ৰাইজ আন্দোলন মুখৰ হৈ উঠিছিল আৰু 2018 চনৰ 25 জানুৱাৰী মাইবাং ৰেল ষ্টেচনত আন্দোলনৰত ৰাইজৰ ওপৰত আৰক্ষীৰ গুলি চালনাৰ ফলত প্ৰৱন্ত হাকমোকচা আৰু মিথুন ডিব্ৰুগেডে নামৰ দুজন যুৱক গুলিবিদ্ধ হৈ নিহত হৈছিল ইয়াৰ পিছৰে পৰা ডিমাছা জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনটোৱে প্ৰতি বছৰে 25 জানুৱাৰীৰ দিনটোক কলা দিৱস হিচাবে পালন কৰি আহিছে। Conclusion:ইপিনে আজিৰ দিনটো শ্বহীদ দিৱস হিচাবে ঘোষণা কৰি ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মি (ডিএনএলএ) 24 ঘণ্টাৰ ডিমা হাছাও জিলা বন্ধ ঘোষণা কৰিছিল। উগ্ৰপন্থী সংগঠনটোৰ আহ্বান কৰাৰ বন্ধৰ ফলত হাফলং সহ মাইবাং মাহুৰ উমৰাংচো হাৰেংগাজাও আদিকে ধৰি জিলাৰ বিভিন্ন ঠাইত বজাৰ দোকান পোহৰ স্কুল কলেজ বিভিন্ন প্ৰতিষ্ঠান বন্ধ আছিল। আনহাতে উগ্ৰপন্থী সংগঠনে ডিমা হাছাও জিলাত ডিটেনচন চেণ্টাৰ স্থাপনৰ চৰকাৰী সিদ্ধান্ত ডিমা হাছাও জিলাত পঞ্চায়ত ৰাজ প্ৰৱৰ্তন আৰু নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.