ETV Bharat / state

চিৰাঙৰ বিজনীত কোচ ৰাজবংশী মহাসভাৰ সংবাদমেল

author img

By

Published : Jan 25, 2020, 7:31 PM IST

ইউটিচি গঠনৰ বিৰোধিতাৰে চিৰাঙৰ বিজনীত কোচ ৰাজবংশী জাতীয় মহাসভা দলীয় কৰ্মকৰ্তা সকলে এখন সংবাদমেল সম্বোধন কৰে ৷

কোচ ৰাজবংশী মহাসভা
কোচ ৰাজবংশী মহাসভা

বিজনী, 25 জানুৱাৰীঃ ইউটিচি গঠনৰ তিব্ৰ বিৰোধিতা কোচ ৰাজবংশী জাতীয় মহাসভাৰ ৷ চিৰাঙৰ বিজনীত কোচ ৰাজবংশী জাতীয় মহাসভাৰ সভাপতি তৰণীকান্ত ৰায়, কাৰ্যকৰী সভাপতি নিৰ্মল কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে এক সংবাদমেল সম্বোধন কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰে ৷

চিৰাঙৰ বিজনীত কোচ ৰাজবংশী মহাসভাৰ সংবাদমেল
কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াক ক্ষুৰধাৰ সমালোচনা সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ৰ

ইয়াৰোপৰি জানুৱাৰীৰ বিগত বৰ্ষৰ জানুৱাৰী মাহত ৰাজ্যসভাত কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাৰতিকৰণৰ যি বিধেয়ক উত্থাপন কৰিছিল, সংসদৰ সেই ঘোষণাক CAB বিৰোধী আন্দোলনৰ পৰা যাতে ছয় জনগোষ্ঠীৰ লোক বিৰত থাকে সেই উদ্দেশ্যতে ঘোষণা কৰা হৈছিল বুলি প্ৰকাশ কৰাৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াক ক্ষুৰধাৰ সমালোচনা কৰে সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে

লগতে পঢ়ক ঃ ইউটিচি গঠনৰ তীব্ৰ বিৰোধিতা চিলাৰায় উন্নয়ন মঞ্চৰ

Intro:ইউটিচি গঠনৰ তিব্ৰ বিৰোধিতা কোচ ৰাজবংশী জাতীয় মহা সভাৰ । চিৰাঙৰ বিজনীত সংবাদ মেলৰ আয়োজন কৰি এই বিৰোধিতা । আক্ৰাছুৰ অসম বন্ধত সমৰ্থন জনায়।


Body: বিটিচিত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত এনডিএফবিৰ সকলো গোটৰে কেন্দ্ৰীয় চৰকাৰে কৰা আলোচনাক কোচ ৰাজবংশী জাতীয় মহাসভাৰ সভাপতি তৰণী কান্ত ৰায়, কাৰ্যকৰী সভাপতি নিৰমল কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে এক সংবাদমেল যোগে আপত্তি বা বিৰোধিতা নাই বুলি কয় যদিও কোচ ৰাজংশীৰ ঐতিহ্য, ইতিহাস, ৰাজনৈতিক আৰু ভুমিৰ অধিকাৰ খৰ্ব কৰি একপক্ষীয়ভাব অধিক ক্ষমতাসম্পন্ন বিটিচি বা বড়োলেণ্ড জাপি দিব বিচাৰিলে কোচ ৰাজবংশী সকলে কেতিয়াও মানি নলয় ৷ প্ৰয়োজনত কোচ ৰাজবংশী জাতীয় মহাসভাই আন আন সংগঠনৰ সহযোগত তেনে শাসন ব্যৱস্থা বাতিল কৰিবলৈ গণতান্ত্ৰিকভাবে আন্দোলন কৰাৰ লগতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম ৷ বিশ্বজিৎ ৰায়ে উনুকিয়াই কয় য়ে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত বিটিচিৰ নাগৰিকক অন্ধকাৰত ৰাখি তদানীন্তন অটল বিহাৰী নেতৃত্বাধীন বিজেপি কেন্দ্ৰীয় চৰকাৰে ভূমিপুত্ৰ কোচ ৰাজবংশী আৰু আন আন জনগোষ্ঠীৰ ৰাজনৈতিক আৰু ভুমিৰ অধিকাৰ খৰ্ব কৰি অগণতান্ত্ৰিক ভাবে বিটিচি নামৰ শাসন ব্যৱস্থা জাপি দিছিল ৷ সেয়ে এনডিএফবিৰ লগত চুঢ়ান্ত শান্তি চুক্তি হোৱাৰ আগতে কেন্দ্ৰীয় চৰকাৰে কোচ ৰাজবংশী সকলোক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে বিটিচিৰ কোচ ৰাজবংশী আৰু আন আন জাতি জনগোষ্ঠীৰ ৰাজনৈতিক, সামাজিক, ভুমিৰ অধিকাৰ সাংবিধানিক ভাবে সুৰক্ষা প্ৰদানৰ নিশ্চিত কৰি বড়ো সমস্যা সমাধা কৰক ৷ অন্যাথা কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে অকল এটা জনগোষ্ঠী আৰু সশস্ত্ৰ সংগঠনৰ ওচৰত শিৰনত কৰি একপক্ষীয় শান্তি চুক্তি কৰিবলৈ গলেও বিটিচি অঞ্চলত কেতিয়াও শান্তি প্ৰতিষ্ঠা নহয় ৷ বিবৃতি যোগে এনডিএফবিৰে হোৱা আলোচনাত কোচ ৰাজবংশীৰ প্ৰতিনিধিক অন্তৰভূক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ৷ বিশ্বজিৎ ৰায়ে দোহাৰে বিটিচি চুক্তিয়ে বিটিচিত একপ্ৰকাৰ কোচ ৰাজবংশী আৰু অজনজাতি সকলোৰ অধিকাৰ খৰ্ব কৰিছে ৷ ফলত বিটিচিত বড়ো-অবড়োৰ মাজত ৰাজনৈতিক সংঘাট আৰাম্ভ হৈছে ৷ এই সংঘাট নিৰাময় কৰিব লাগিলে সকলো জনগোষ্ঠীক আস্থাত লৈ সমাধান সূত্ৰ উলিয়াব লাগিব ৷



Conclusion:সংবাদমেলত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াক ক্ষুৰধাৰ সমালোচনা কৰি কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে বিটিচিৰ অবড়ো নাগৰিকে বড়োলেণ্ড বা ইউটিচিৰ বিৰোধিতা আৰু বিটিচি চুক্তি ভংগ কৰিবলৈ দুবাৰকৈ নিৰ্বাচিত কৰিলে ৷ কিন্তু নৱ শৰণীয়াই সেই সমূহ প্ৰতিশ্ৰুতি পাহৰি এতিয়া অবড়ো সকলোৰ স্বাৰ্থৰ পৰিপন্থী কাম কৰি বিটিচিৰ শাসনৰ ৰাজভোগ খাবৰ বাবে ব্যাকুল হৈ ৰাজনৈতিক দল গঠন কৰিলে ৷ সুবিধাবাদী আৰু বিশ্বাসঘাতক নৱ শৰণীয়াই যিহেতু ইউটিচি বা বড়োলেণ্ড গঠনত বাধা প্ৰদান কৰাত চুঢ়ান্ত ব্যৰ্থ হৈছে গতিকে তেওঁ ব্যৰ্থতাৰ মুৰ পাতি লৈ সাংসদ পদৰ পৰা পদত্যাগ কৰক ৷ কোচ ৰাজবংশী জাতীয় মহাসভাই অহা ২৭ জানুৱাৰীত আক্ৰাছুৱে আহ্বান জনোৱা অসম বন্ধক পুৰ্ণ সমৰ্থন জনাইছে ৷

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.