ETV Bharat / state

পাৰ্বত্য পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে ভাল ফল লাভ কৰিবলৈ সক্ষম হ’ব : মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 10:53 PM IST

NC Hills Autonomous Council Election: পাৰ্বত্য পৰিষদৰ নিৰ্বাচনত বিজেপি দলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ পৰিষদৰ 28 টা সমষ্টিৰ 25 টাত বিজেপি দল বিজয়ী হ’ব বুলি কয় তেওঁ ৷

NC Hills Council Election
ডিমা হাচাওত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

পাৰ্বত্য পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

হাফলং, 3 জানুৱাৰী : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত এইবাৰ বিজেপি দলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব ৷ পৰিষদৰ 28 টা সমষ্টিৰ ভিতৰত 25 টা সমষ্টিত বিজেপি দল বিজয়ী হ’ব ৷ এই দাবী ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

উল্লেখ্য যে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপি দলৰ প্ৰাৰ্থী সকলৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে বুধবাৰে ডিমা হাছাও জিলাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ পাৰ্বত্য পৰিষদৰ দিয়ুংমুখ সমষ্টি, গৰমপানী সমষ্টি আৰু দিহাংগী সমষ্টিত ক্ৰমে বিজেপি প্ৰাৰ্থী ৰূপালী লাংথাচা, চেমিছিং ইংতি আৰু দেবলাল গাৰ্লোচাৰ হৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ নিৰ্বাচনী প্ৰচাৰ সভাত উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি তেওঁ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদত দেবলাল গাৰ্লোচা পুনৰ মুখ্য কাৰ্যবাহী সদস্য হ’ব বুলি কয় ৷

ইফালে দেবলাল গাৰ্লোচাক মুখ্য কাৰ্যবাহী সদস্য পতাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিন্দদ্বিতা কৰা বিজেপি প্ৰাৰ্থী সকলক জয়ী কৰাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷ আজি তিনিখন নিৰ্বাচনী জনসভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডিমা হাছাও জিলাত ব্যাপক উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে ৷ এই তিনি দিন মুখ্যমন্ত্ৰীজনে ডিমা হাছাও জিলাত বিজেপি দলৰ প্ৰাৰ্থীৰ হৈ বিভিন্ন ঠাইত নিৰ্বাচনী জনসভাত ভাগ লব ৷ উল্লেখযোগ্য এই তিনি দিনীয়া ডিমা হাছাও জিলা ভ্ৰমণসূচীত মুখ্যমন্ত্ৰীয়ে পৰিষদৰ মাহৰ লাইচং, হাজাদিছা লাংটিং, ওয়াজাৱ আৰু হাফলংত নিৰ্বাচনী জনসভাত ভাগ লব ৷

লগতে পঢ়ক : পাৰ্বত্য পৰিষদৰ নিৰ্বাচন : প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ বন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.