ETV Bharat / state

সন্তোষ হোজাইৰ হত্যাৰ গোচৰত অভিযুক্ত আৰক্ষীৰ দুই কনিষ্টবলক গ্ৰেপ্তাৰ

author img

By

Published : Nov 28, 2020, 7:20 PM IST

অসম আৰক্ষীৰ দুই কনিষ্টবল চিআইডিৰ জালত ৷ ঠিকাদাৰ সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাৰ লগত জড়িত থকাৰ অভিযোগত শুকুৰবাৰে নিশা ডিমা হাছাও জিলাৰ পূৰ্বৰ উপ-আৰক্ষী অধীক্ষক সূৰ্য্যকান্ত মৰাণৰ দেহৰক্ষী দুগৰাকীক চিআইডিৰ এটা দলে গ্ৰেপ্তাৰ কৰে ৷

as_dima_hasao_CID_arrested_two_AP_constable_img_AS10034
সন্তোষ হোজাইৰ হত্যাৰ লগত জড়িত অসম আৰক্ষীৰ দুই কনিষ্টবল চিআইডিৰ জালত

ডিমা হাছাও,28 নৱেম্বৰ: ঠিকাদাৰ সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাৰ লগত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীৰ দুই কনিষ্টবল চিআইডিৰ জালত ৷ শুকুৰবাৰে নিশা ডিমা হাছাও জিলাৰ পূৰ্বৰ উপ-আৰক্ষী অধীক্ষক সূৰ্য্যকান্ত মৰাণৰ দেহৰক্ষী বিপুল লস্কৰ আৰু অসম আৰক্ষীৰ কামাণ্ডো বাহিনীৰ কনিষ্টবল শংকৰ বণিয়াক চিআইডিৰ এটা দলে গ্ৰেপ্তাৰ কৰে । শনিবাৰে অসম আৰক্ষীৰ দুই কনিষ্টবলক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছতে আদালতে দুই কনিষ্টবলক সাত দিনৰ বাবে চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰে ।

as_dima_hasao_CID_arrested_two_AP_constable_img_AS10034
সন্তোষ হোজাইৰ হত্যাৰ লগত জড়িত অসম আৰক্ষীৰ দুই কনিষ্টবল চিআইডিৰ জালত

উল্লেখ্য যে ল'কডাউনৰ মাজতে 24 এপ্ৰিলত হাৰেংগাজাওৰ পৰা ঠিকাদাৰ সন্তোষ হোজাইক এখন বগা বলেৰ' বাহনত অপহৰণ কৰিছিল ৷ পাছত 30 এপ্ৰিলত সন্তোষ হোজাইৰ মৃতদেহ ডিমা হাছাও জিলাৰ লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত লাইলিং ফৰেষ্ট ৰিজাৰ্ভৰ ওচৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল । এই অপহৰণ আৰু হত্যাকাণ্ডৰ অভিযোগত অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাণৰ নাম জাঙুৰ খাইছিল। তাৰ পাছতে সন্তোষ হোজাইৰ পত্নী জয়নতা হোজাইয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰে ৷ এই গোচৰৰ তদন্ত কৰাৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়াৰ পৰিৱৰ্তে চিআইডিক তদন্ত কৰাৰ নিৰ্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

লগতে পঢ়ক: মাজুলীৰ আজলী আই থানত মুখ্যমন্ত্রীৰ সভাত অথন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.