ETV Bharat / state

উত্তৰ-কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচন : বিজেপিৰ জিলা সভাপতিসহ বিভিন্ন ৰথী-মহাৰথীৰ মনোনয়ন দাখিল

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 8:11 PM IST

NC Hills Autonomous Council Election
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

NC Hills Autonomous Council Election : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন ৷ অন্তিম দিনত জিলা বিজেপিৰ সভাপতিৰ লগতে কেইবাজনো প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন ৷

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল

হাফলং, 21 ডিচেম্বৰ : বৃহস্পতিবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম দিন ৷ অন্তিম দিনটোত ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইন থাওচেন, ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিৎ হাফলঙবাৰ, পৰিষদৰ বৰ্তমানৰ সদস্য তথা নিৰ্দল প্ৰাৰ্থী ডেনিয়েল লাংথাচা, বিজেপিৰ মোহিত হোজাই আৰু নিৰঞ্জন হোজায়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷

হাফলঙৰ অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা ৰোড শ্ব' কৰি, শক্তি প্ৰদৰ্শনেৰে হাফলং জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ডিমা হাছাও জিলা বিজেপিৰ সভাপতি তথা হাফলং আসনৰ বিজেপি প্ৰাৰ্থী ধনপাইনন থাওচেনে ৷ মনোনয়ন পত্ৰ দাখিল কৰি ধনপাইনন থাওচেনে কয় যে, হাফলং সমষ্টিৰ পৰা তেওঁৰ জয় নিশ্চিত ৷ তেওঁ শান্তি আৰু উন্নয়নৰ স্বাৰ্থত বিজেপি দলক ভোট দিয়াৰ আহ্বান জনায় ৷

ইফালে নিৰ্দলীয় প্ৰাৰ্থী হিচাবে হাফলং সমষ্টিৰ পৰা মনোনয়ন পত্ৰ জমা দিয়ে ডেনিয়েল লাংথাচাই ৷ উল্লেখ্য যে, পাৰ্বত্য পৰিষদৰ বিগত নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা হাফলং সমষ্টিত জয়লাভ কৰিছিল ডেনিয়েল লাংথাচাই ৷ কিন্তু এইবাৰৰ নিৰ্বাচনত তেওঁ নিৰ্দলীয় হিচাবেহে দাখিল কৰে মনোনয়ন ৷ সাংবাদিকৰ আগত এইবাৰো তেওঁ হাফলং সমষ্টিৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰে ৷

আনহাতে মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম দিনটোত গুণজোং সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী নজিৎ কেম্প্ৰাই আৰু কংগ্ৰেছ প্ৰাৰ্থী জয়থন লংমাইলাই মনোনয়ন পত্ৰ দাখিল কৰাৰ উপৰিও দাওটোহাজা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰ জাতিংগা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে ৷ ইফালে বিজেপি প্ৰাৰ্থী ফ্লেমিং ৰূপচী চাইলা আৰু নিৰ্দলীয় প্ৰাৰ্থী ইৰিক মাৰেও মনোনয়ন পত্ৰ দাখিল কৰে ৷

পশ্চিম মাইবাং সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী মোহিত হোজাই, হাতীখালি সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী নিৰঞ্জন হোজাই আৰু হাৰেংগাজাও সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী আমেন্দু হোজাই আৰু কংগ্ৰেছ প্ৰাৰ্থী পপিল হোজাইয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ ইফালে বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি ৰিপা হোজাইয়ে বিজেপি দলৰ পৰা পদত্যাগ কৰি হাফলং সমষ্টিৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা আছিল যদিও অন্তিম মুহূৰ্তত ৰিপা হোজাইয়ে তেওঁৰ সিদ্ধান্ত সলনি কৰি আগন্তুক পাৰ্বত্য পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ ৷ উল্লেখ্য যে, শুকুৰবাৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তিম দিনো শুকুৰবাৰ ৷

লগতে পঢ়ক : এইখন চৰকাৰ ৰাইজৰ দুৱাৰমুখত থকা চৰকাৰ : কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.