ETV Bharat / state

Cabinet Meeting in Haflong : হাফলঙত আৰম্ভ অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক

author img

By

Published : Jan 19, 2022, 5:42 PM IST

Cabinet Meeting in Haflong
হাফলঙত আৰম্ভ হ’ল অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক

হাফলঙত বুধবাৰে আৰম্ভ হৈছে অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক (Cabinet Meeting in Haflong) ৷ বুধবাৰে দিনৰ 2.30 বজাত আৰম্ভ হ’ল দিশপুৰৰ বাহিৰত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ তৃতীয়খন কেবিনেট বৈঠক ৷ এই বৈঠকত ৰাজ্য চৰকাৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ।

ডিমা হাছাও, 19 জানুৱাৰী : পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ হাফলঙত আৰম্ভ হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠক (Cabinet Meeting in Haflong) । হাফলঙত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে এই কেবিনেট বৈঠক ।

বুধবাৰে দিনৰ 2.30 বজাত হাফলঙত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আৰম্ভ হয় কেবিনেট বৈঠক (Cabinet meeting of the Assam Government)।

কেবিনেট বৈঠকখন দুইৰ পৰা তিনি ঘণ্টা পৰ্যন্ত চলাৰ সম্ভাৱনা আছে । বুধবাৰৰ এই কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ।

ইয়াৰোপৰি ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে । কেবিনেট বৈঠকৰ পিচতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাফলং অসামৰিক চিকিৎসালয়ত স্থাপন কৰা অক্সিজেন প্লাণ্ট, এন দাওলাগাপু ষ্টেডিয়াম, কৃষি ভৱন আৰু হাফলং হ্ৰদৰ ওপৰত স্থাপন কৰা জিপ লাইনিঙৰ উদ্বোধন কৰিব ।

লগতে পঢ়ক: Cabinet meeting in Haflong: জনগোষ্ঠীয় খাদ্যৰ লগতে থাকিব ৰেডিচন ব্লুৰ খাদ্য সম্ভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.