Azadi ka Amrut Mahotsav: ৰাজ্যজুৰি আজাদী কা অমৃত মহোৎসৱৰ আয়োজন

author img

By

Published : Aug 10, 2022, 10:07 PM IST

azadi-ka-amrut-mahotsav-celebration-of-75th-independence-day-in-assam

আজাদী কা অমৃত মহোৎসৱ(Azadi ka Amrit mohotsav)উপলক্ষে দেশজুৰি আয়োজন কৰা হৈছে ‘হৰ ঘৰ ত্ৰিৰংগা অভিযান’ (Har Ghar Tiranga Campaign) ৷ ইয়াৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইতো পালন কৰা হৈছে এই মহোৎসৱ ৷

নিউজ ডেস্ক, 10 আগষ্ট: দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ (75th Independence Day) লগত সংগতি ৰাখি দেশজুৰি আয়োজন কৰা হৈছে "আজাদী কা অমৃত মহোৎসৱ" (Azadi ka Amrit Mahotsav) ৷ ইয়াৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত পালন কৰা হৈছে ‘হৰ ঘৰ ত্ৰিৰংগা অভিযান’ (Har Ghar Tiranga Campaign) ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সামন্তৰালকৈ বুধবাৰে ডিমা হাছাও জিলাৰ সদৰ হাফলঙৰ পৰা 14 কিলোমিটাৰ দূৰত থকা চনটিলা পঞ্চম আৰক্ষী বেটেলিয়ানে এক ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰে (Triranga Yatra in Dima Hasao) ৷ মঙলবাৰে এই অভিযানক সফল কৰাৰ লক্ষ্যৰে ডিমা হাছাও আৰক্ষী আৰু পঞ্চম আৰক্ষী বেটেলিয়ানৰ মাজত এখন প্ৰীতি ফুটবল মেচ অনুষ্ঠিত কৰিছিল ৷ হাফলং জিলা ক্ৰীড়া সংস্থাৰ খেল পথাৰত অনুষ্ঠিত প্ৰীতি ফুটবল মেচখনত পঞ্চম আৰক্ষী বেটেলিয়ান জয় লাভ কৰে (Friendly football match at Haflong) ।

azadi-ka-amrut-mahotsav-celebration-of-75th-independence-day-in-assam
ৰাজ্যজুৰি আজাদী কা অমৃত মহোৎসৱৰ আয়োজন

ইয়াৰমাজতে কামৰূপৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে আমিনগাঁৱৰ পৰা বাইহাটা চাৰিআলিলৈ, পুনৰ বাইহাটা চাৰিআলিৰ পৰা শুৱালকুছিলৈ এক বাইক ৰেলীৰ আয়োজন কৰা হয় (Har Ghar Tiranga bike rally at Baihata Chariali) ৷ কামৰূপৰ উপায়ুক্ত জলী কীৰ্তিয়ে বাইক ৰেলীত অংশগ্ৰহণ কৰি ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে ৰষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় ৷

azadi-ka-amrut-mahotsav-celebration-of-75th-independence-day-in-assam
ৰাজ্যজুৰি আজাদী কা অমৃত মহোৎসৱৰ আয়োজন

ইফালে, ৰঙিয়াত কেন্দ্ৰীয় বিদ্যালয় আৰু ফাতেমা কণভেন্ট বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লগত লৈ এছ এছ বিৰ জোৱানসকলে নিজৰ নিজৰ চাইকেলত ত্ৰিৰংগা পতাকা আঁৰি ‘হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক এক সজাগতামূলক চাইকেল ৰেলীৰ আয়োজন কৰে (SSB Holds Cycle Rally as part of Har Ghar Tiranga Campaign) ।

azadi-ka-amrut-mahotsav-celebration-of-75th-independence-day-in-assam
ৰাজ্যজুৰি আজাদী কা অমৃত মহোৎসৱৰ আয়োজন

আনহাতে, আজাদী কা অমৃত মহোৎসৱ" ৰ লগত সংগতি ৰাখি 75 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিলাসীপাৰা পৌৰসভা আৰু বিলাসীপাৰা মহকুমা প্ৰশাসনৰ যৌথ উদ্যোগতো এক সজাগতামূলক বাইক ৰেলীৰ আয়োজন কৰা হয় (Har Ghar Tiranga bike rally at Bilasipara) ৷ বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানী, মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰা, চক্ৰ বিষয়া আৰু আৰক্ষী বিষয়াৰ লগতে বিলাসীপাৰা পৌৰসভাৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকল এই ৰেলীত অংশগ্ৰহণ কৰে ৷

azadi-ka-amrut-mahotsav-celebration-of-75th-independence-day-in-assam
ৰাজ্যজুৰি আজাদী কা অমৃত মহোৎসৱৰ আয়োজন

লগতে, হোজাই ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষী আৰু ৰেল সুৰক্ষা বাহিনীৰ উদ্যোগত সমাগত স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত যাতে কোনো কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে এখন সজাগতামূলক সভাৰ আয়োজন কৰা হয় ৷

তাৰোপৰি, ছয়গাঁৱত বিজেপি যুৱ মৰ্চাৰ উদ্যোগত আৰু বিহপুৰীয়াত যুৱ মৰ্চাৰ বিহপুৰীয়া নগৰ আৰু গ্ৰাম্য মণ্ডলৰ সহযোগত আৰু নাৰায়ণপুৰত নাৰায়ানপুৰ নগৰ আৰু গ্ৰাম্য মণ্ডলৰ উদ্যোগত বুধবাৰে পৃথকৈ সজাগতামূলক বাইক ৰেলীৰ আয়োজন কৰা হয় (Har Ghar Tiranga bike rally at Chhaygaon) ৷ বিহপুৰীয়াৰ এই বাইক ৰেলীত স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই ভাগ লয় ৷

লগতে পঢ়ক: Azad ka Amrit Mahotshav: হাতত AK-47 লৈ উগ্ৰপন্থীৰ মাজত ত্ৰাস সৃষ্টি কৰা মহিলা IPS গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.