ETV Bharat / state

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণঃ ভোটগ্ৰহণ কেন্দ্ৰ অভিমুখে ৰাওনা নিৰ্বাচনী বিষয়া

author img

By

Published : Mar 30, 2021, 7:31 PM IST

অহা ১ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ডিমা হাছাও জিলা প্ৰশাসন । হাফলং সমষ্টিৰ ১০২টা ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত নিৰ্বাচনী বিষয়াসকলে মঙলবাৰে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰ অভিমুখে ৰাওনা হয় । বুধবাৰে বাকী ১৪৪টা ভোটগ্ৰহণ কেন্দ্ৰলৈ যাব নিৰ্বাচনী বিষয়াসকল ।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণঃ ভোটগ্ৰহণ কেন্দ্ৰ অভিমুখে ৰাওনা নিৰ্বাচনী বিষয়া
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণঃ ভোটগ্ৰহণ কেন্দ্ৰ অভিমুখে ৰাওনা নিৰ্বাচনী বিষয়া

ডিমা হাছাও, ৩০ মাৰ্চ: অসমত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৩৯ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব । অহা ১ এপ্ৰিলত ১৬ নং হাফলং বিধানসভা সমষ্টি(উপজাতি সংৰক্ষিত)তো ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । সমষ্টিটোৰ ২৪৬টা ভোটগ্ৰহণ কেন্দ্ৰত সম্পন্ন কৰা হ'ব ভোটদান প্ৰক্ৰিয়া । মঙলবাৰে ১০২টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয় কেন্দ্ৰসমূহত নিয়োজিত নিৰ্বাচনী বিষয়াসকল ।

জিনাম ভেলী, বৰাইল, খেপৰে হাজাদিছা আৰু প্ৰত্যন্ত এলেকাৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ অভিমুখে বিষয়াসকল ৰাওনা হয় । বুধবাৰে বাকী ১৪৪টা ভোটগ্ৰহণ কেন্দ্ৰলৈ যাব নিৰ্বাচনী বিষয়াসকল । আনহাতে, এইবাৰ হাফলং সমষ্টিৰ ১০টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব মহিলা কৰ্মীয়ে । এই ১০টা ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী বিষয়াৰ পৰা আৰম্ভ কৰি আৰক্ষী-নিৰাপত্তা বাহিনীৰ মহিলা জোৱানসকলক নিয়োজিত কৰা হৈছে ।

ইয়াৰ উপৰিও হাফলং সমষ্টিৰ ৪টা ভোট কেন্দ্ৰক পিংক ভোটকেন্দ্ৰ হিচাপে গঢ়ি তুলিছে জিলা প্ৰশাসনে । মহিলা ভোটাৰক আকৰ্ষিত কৰিবলৈ এন কে দাওলাগাপু ভোটগ্ৰহণ কেন্দ্ৰ, হাফলং সাংস্কৃতিক ভৱন ভোটগ্ৰহণ কেন্দ্ৰ, ছানযাই ৰাজি নিম্ন প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ আৰু হাফলং চৰকাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত গোলপীয়া ৰং বুলাই সজাই তোলা হৈছে ।

:জয়ন্ত মল্ল বৰুৱাৰ অন্তিম প্ৰচাৰত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.