ETV Bharat / state

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ স্থান পৰিদৰ্শন সদৌ ডিমাচা ছাত্ৰ সন্থাৰ

author img

By

Published : Aug 5, 2021, 9:31 PM IST

বৃহস্পতিবাৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰে সদৌ ডিমাচা ছাত্ৰ সন্থাৰ এটি দলে ৷

Dimasa Students union
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ স্থান পৰিদৰ্শন সদৌ ডিমাচা ছাত্ৰ সন্থাৰ

ডিমা হাছাও, ৫ আগষ্ট : শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ নিৰিম বাংলোৰ পৰা জাতিংগা আৰু জাতিংগাৰ পৰা হাৰেংগাজাও সংযোগী পথ নিৰ্মাণৰ অগ্ৰগতিক লৈ অসন্তুষ্ট সদৌ ডিমাচা ছাত্ৰ সন্থা । যোৱা বছৰৰ ডিচেম্বৰ মাহত মাইবাঙত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (National Highway Authority) উচ্চস্তৰীয় প্ৰতিনিধিৰ সৈতে সদৌ ডিমাচা ছাত্ৰ সন্থা (All Dimasa Students union) আৰু ডিমাচা ছাত্ৰ সন্থাৰ (Dimasa Student Union) নেতৃত্বৰ এক বৈঠক অনুষ্ঠিত হৈছিল ।

সেই বৈঠকত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 27) নিৰ্মাণকলৈ আলোচনা হৈছিল । দুয়োটা সংগঠনৰ লগত হোৱা বৈঠকত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰতিনিধি দলৰ তৰফৰ পৰা এপ্ৰিল মাহৰ ভিতৰত নতুন ডিপিআৰ (DPR) অনুসৰি চাৰিলেনযুক্ত পথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল । কিন্তু আজিলৈকে নিৰ্মাণ নহ’ল চাৰিলেনযুক্ত পথটো ৷ বিপৰীতে পথটো সূচল ৰখাত ব্যৰ্থ হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ।

সেয়েহে সদৌ ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি উত্তম লাংথাচাৰ নেতৃত্বত বুধবাৰে এটা প্ৰতিনিধি দল পথটো পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ সময়ত ৰত্না ইনফ্ৰা (Ratna Infra) নিৰ্মাণকাৰী সংস্থাৰ সহযোগী লক্ষ্মী মটৰ্চৰ (Lakshmi motors) প্ৰজেক্ট মেনেজাৰ কৃষ্ণা ডৰা আৰু অভিযন্তা ইমতিয়াজ শেখ উপস্থিত থাকে ।

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ স্থান পৰিদৰ্শন সদৌ ডিমাচা ছাত্ৰ সন্থাৰ

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰি পথটোৰ দুৰৱস্থা দেখি ক্ষোভিত হৈ পৰে সদৌ ডিমাচা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটো । যোৱা ৮ জুনত ভূমিস্খলনৰ ফলত জাতিংগা আৰু এন লেইকুল গাঁৱৰ মাজত যান-বাহন আবদ্ধ হোৱাৰ লগতে পৰৱৰ্তী সময়ত যান-বাহন চলাচলৰ ক্ষেত্ৰত বাধা আহিছিল । কিন্তু সেই ঘটনা সংঘটিত হোৱাৰ দুই মাহ অতিক্ৰম কৰাৰ পাছতো পথটো মেৰামতি হোৱা নাই ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথটো মেৰামতি কৰাত গুৰুত্ব দিয়া নাই বুলি অভিযোগ তুলিছে সংগঠনটোৱে । ২৭ নং ৰাষ্ট্রীয় ঘাইপথটো বৰাক উপত্যকা, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ডিমা হাছাওৰ বাবে অতি গুৰুত্বপূৰ্ণ । সদৌ ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি উত্তম লাংথাচাই স্পষ্ট কৰি দিয়ে যে পথ নিৰ্মাণৰ নামত কোনো ধৰণৰ অজুহাত নচলিব ৷ পথটো নিৰ্মাণৰ বাবে ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণ আৰু নিৰ্মাণকাৰী সংস্থাক অনতিপলমে পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনায় সভাপতিগৰাকীয়ে ।

ইফালে লক্ষ্মী মটৰ্চৰ প্ৰজেক্ট মেনেজাৰ কৃষ্ণা ডৰায়ে জানিবলৈ দিয়া মতে, নিৰিম বাংলোৰ পৰা জাতিংগা সংযোগী পথ নিৰ্মাণৰ সময় সীমা যোৱা ৩০ জুনতে শেষ হৈছে । কিন্তু কৰ্তৃপক্ষৰ আবেদনৰ প্ৰতি লক্ষ্য ৰাখি আৰু এই পথচোৱাৰে যাত্ৰীসকলৰ যাতে চলাচলত কোনো ধৰণৰ অসুবিধা নহয়, তাৰ বাবে নিৰ্মাণকাৰী সংস্থাটোৱে এতিয়াও কাম অব্যাহত ৰাখিছে । এইক্ষেত্ৰত ঊৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে তেওঁলোকে পৰৱৰ্তী নিৰ্মাণকাৰ্য চলাব বুলিও জনায় বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক : সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত বন্ধ হ'ল বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.