ETV Bharat / state

ৰাজ্য চৰকাৰক তিনি দিনৰ সময় সীমা সদৌ ডিমাচা ছাত্ৰ সন্থাৰ

author img

By

Published : May 22, 2020, 9:38 PM IST

শুকুৰবাৰে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুৱাৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এই দাবীৰে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সদৌ ডিমাচা ছাত্ৰ সন্থাই ৷

All dimasa student union given three days of timeline to the Government
ৰাজ্য চৰকাৰক তিনি দিনৰ সময় সীমা সদৌ ডিমাচা ছাত্ৰ সন্থাৰ

ডিমা হাছাও, 22 মে': সন্তোষ হোজাই হত্যাকাণ্ডৰ লগত জড়িত ডি এচ পি সূৰ্যকান্ত মৰাঙক গ্ৰেপ্তাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰক তিনি দিনৰ সময় সীমা বান্ধি দিলে সদৌ ডিমাচা ছাত্ৰ সন্থাই ৷ যোৱা 20 মে' ৰ পৰা হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অব্যাহত থকা প্ৰতিবাদৰ অন্তিমটো দিনত শুকুৰবাৰে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুৱাৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এই দাবীৰে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সদৌ ডিমাচা ছাত্ৰ সন্থাই ৷ ইয়াৰ উপৰিও এই হত্যাকাণ্ডৰ চিবিআই তদন্ত আৰু সন্তোষ হোজাইৰ পৰিয়ালক চৰকাৰৰ ফালৰ পৰা এককালীন বিত্তীয় সাহায্য প্ৰদানৰ দাবী সদৌ ডিমাচা ছাত্ৰ সন্থাৰ ৷ আগন্তুক তিনিদিনৰ পিছত ইয়াৰ সঠিক সিদ্ধান্ত চৰকাৰে নজনালে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সকীয়নি প্ৰদান কৰে সদৌ ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি উত্তম লাংথাচাই ৷

ৰাজ্য চৰকাৰক তিনি দিনৰ সময় সীমা সদৌ ডিমাচা ছাত্ৰ সন্থাৰ

উল্লেখ্য যে, 24 এপ্ৰিল তাৰিখে সন্তোষ হোজাইক 5 জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈ যোৱাৰ 7 দিনৰ অন্তত 30 এপ্ৰিল তাৰিখে মাটিৰ তলৰ পৰা পুতি থোৱা অৱস্থাত সন্তোষ হোজাইৰ মৃতদেহ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । ইয়াৰ পাছতে সন্তোষ হোজাইৰ হত্যাক লৈ চিবিআইক তদন্তৰ দাবীত আৰু এই হত্যাকাণ্ডৰ লগত জড়িত উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙক গ্ৰেপ্তাৰৰ লগতে সন্তোষ হোজাইৰ পৰিয়ালক চৰকাৰৰ ফালৰ পৰা এককালীন বিত্তীয় সাহাৰ্য প্ৰদানৰ দাবীত 20 মে'ৰ পৰা হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল সদৌ ডিমাচা ছাত্ৰ সন্থাই ৷

লগতে পঢ়কঃ কুৱাৰ ভিতৰত উদ্ধাৰ 9গৰাকী শ্ৰমিকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.