ETV Bharat / state

হাফলঙৰ দুৰ্ঘটনাত আহত ৫ গৰাকী লোক

author img

By

Published : Jun 30, 2021, 6:32 PM IST

accident at haflong
হাফলঙৰ দুৰ্ঘটনাত আহত ৫ গৰাকী লোক

ডিমা হাছাও জিলাৰ হাফলঙত অটো ৰিক্সা আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ মুখামুখি সংঘৰ্ষ । এই দুৰ্ঘটনাত আহত হোৱা ৫ গৰাকী যাত্ৰীৰ ভিতৰত মহিলা গৰাকী আৰু আন এগৰাকী যাত্ৰীৰ আঘাত গুৰুতৰ ।

ডিমা হাছাও, ২৯ জুন : ডিমা হাছাও জিলাৰ হাফলঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । মঙলবাৰে সংঘটিত এই পথ দুৰ্ঘটনাত (Road Accident) আঘাতপ্ৰাপ্ত হয় ৫ গৰাকীকৈ লোক । পুৱা হাফলং চৰকাৰী বাগান এলেকাত সংঘটিত হয় এই দুৰ্ঘটনাটো । এখন অটো ৰিক্সা (auto rickshaw) আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ (fire brigade vehicle) মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় ।

জানিব পৰা মতে নিম্ন হাফলঙৰ পৰা অটো ৰিক্সাখন হাফলং বজাৰ অভিমুখে অহাৰ সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ লগত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত অটোত থকা ৫ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাত আহত কেইগৰাকীৰ ভিতৰত এগৰাকী মহিলাও আছে । যানবাহন শাখাৰ আৰক্ষী (Traffic Police) বিষয়া পংকজ দলেই জানিবলৈ দিয়া মতে শাক পাচলি আদি লৈ নিম্ন হাফলঙৰ পৰা অটো ৰিক্সাখন হাফলং বজাৰ অভিমুখে গৈ আছিল । আনহাতে এই দুৰ্ঘটনাত আহত হোৱা ৫ গৰাকী যাত্ৰীৰ ভিতৰত মহিলা গৰাকী আৰু আন এগৰাকী যাত্ৰীৰ আঘাট গুৰুতৰ ।

accident at haflong
হাফলঙৰ দুৰ্ঘটনাত আহত ৫ গৰাকী লোক

ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলতে তীব্ৰ উত্তেজনাই বিৰাজ কৰা দেখা যায় । দুৰ্ঘটনাটোৰ (Accident) সময়ত সেই স্থানত বহু কেইগৰাকী স্থানীয় লোক আছিল আৰু তেওঁলোকে অতি তৎপৰতাৰে আহত সকলক হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ।

বৰ্তমানত দুৰ্ঘটনাত আহত যাত্ৰী সকলক হাফলং অসামৰিক চিকিৎসালয়ত (Haflong Civil Hospital ) ভৰ্তি কৰোৱা হৈছে । ইফালে কাৰ ভুলৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই । বহুতে সন্দেহ কৰা মতে পথটো অতি ঠেক আছিল আৰু দুয়োখন বাহনৰে গতি কিছু বেছি আছিল । যাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হৈছে ।

ইফালে দুৰ্ঘটনাত অ'টো খনৰ ওপৰৰ অংশ সম্পূৰ্ণ ভাঙি যায় । এই ঘটনাৰ পিছতে আঘাতপ্ৰাপ্ত লোকসকলৰ পৰিয়ালৰ লোককো খবৰ দিয়া হয় ।

লগতে পঢ়ক:নগাঁৱত ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন কৰা ৰোগীক পুনৰ আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.