ETV Bharat / state

প্ৰাকৃতিক দুৰ্যোগৰ ফলত ডিমা হাছাওত বিধ্বস্ত 2086 টা ঘৰ

author img

By

Published : May 29, 2022, 4:32 PM IST

বান আৰু ভূমিস্খলনৰ(Landslide in Dima hasao) ফলত ডিমা হাছাওত 1,407 টা পৰিয়াল গৃহহীন হৈ পৰি বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে ৷ ইয়াৰোপৰি 107 টাকৈ পশু বানত পৰি উটি যায় ৷ জিলাখনৰ মুঠ 2,403 হেক্টৰ কৃষি ভূমি বান আৰু ভূমিস্খলনত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে ৷ মুঠ 6,475 টাকৈ কৃষক পৰিয়ালৰ খেতিপথাৰ বান আৰু ভূমিস্খলনত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে ৷

2086-homes-devastated-by-natural-disaster-in-dima-hasao
ডিমা হাছাওত বিধ্বস্ত 2086 টা ঘৰ

ডিমা হাছাও, 29 মে’: প্ৰাকৃতিক দুৰ্যোগৰ ফলত ধ্বংসস্তূপত পৰিণত হৈছে ডিমা হাছাও ৷ প্ৰকৃতিৰ ধ্বংসলীলা ইমানেই ভয়ংকৰ আছিল যে জিলাখনত হোৱা জলপ্ৰলয় আৰু ভূমিস্খলনত প্ৰায় 2,086 টা ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত(2086 homes devastated by natural disaster) হৈ পৰাৰ বিপৰীতে 337 টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় ৷

শনিবাৰে ডিমা হাছাও জিলাৰ ৰাজহ বিভাগ, বান নিয়ন্ত্ৰণ বিভাগ, জলসিঞ্চন, কৃষি, শিক্ষা, লোক নিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, এপিডিচিএল পাৱাৰ গ্ৰীড, স্বাস্থ্য, ভূমি সংৰক্ষণ, ৰে’ল বিভাগৰ পক্ষৰ পৰা প্ৰাকৃতিক দুৰ্যোগত জিলাখনত যিমান ক্ষয়-ক্ষতি হৈছে, ইয়াৰ তথ্য তুলি দিয়া হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত থকা ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ বিত্তীয় উপদেষ্টা ৰবিনেশ কুমাৰৰ নেতৃত্বত অহা কেন্দ্ৰীয় চৰকাৰ প্ৰতিনিধি দলক ৷

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলক ডিমা হাছাও জিলা প্ৰশাসনৰ ফালৰ পৰা দিয়া তথ্য অনুসৰি, জিলাখনত বান আৰু ভূমিস্খলনত(Landslide in Dima hasao) 1,407 টা পৰিয়াল গৃহহীন হৈ পৰি বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে ৷ ইয়াৰোপৰি 107 টাকৈ পশু বানত পৰি উটি যায় ৷ জিলাখনৰ মুঠ 2,403 হেক্টৰ কৃষি ভূমি বান আৰু ভূমিস্খলনত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে ৷ মুঠ 6,475 টাকৈ কৃষক পৰিয়ালৰ খেতিপথাৰ বান আৰু ভূমিস্খলনত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে ৷

কেৱল এয়াই নহয়, 3 কোটি টকাৰ Water Harvesting প্ৰকল্প সম্পূৰ্ণৰূপে নষ্ট হৈ পৰে ৷ এপিডিচিএলৰ হাফলং-মাইবং-মাহুৰ অংশত বিদ্যুৎ পৰিসেৱাসমূহো সম্পূৰ্ণ বিধ্বস্ত হোৱাৰ ফলত মুঠ 3 কোটি 5 লাখ টকাৰ ক্ষতি হৈছে এপিডিচিএল-ৰ (Natural Disaster in Dima Hassao)৷

প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি মুঠ 13 খন বিদ্যালয়, এখন উচ্চ মাধ্যমিক বিদ্যালয়, দুখন মধ্য ইংৰাজী বিদ্যালয় আৰু 10 খন নিম্ন প্ৰাথমিক বিদ্যালয় সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ লগতে 62 খন বিদ্যালয় ক্ষতিগ্ৰস্ত হয় ৷ প্ৰাকৃতিক দুৰ্যোগৰ ফলতে ডিমা হাছাওৰ চাৰিখন ঘাইপথ জিলাৰ 8 টা মুখ্য পথ, 44 টা গ্ৰামীণ পথ আৰু 8 খন দলং সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে ৷

যাৰ বাবে জিলাখনৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিনষ্ট হৈ পৰে ৷ প্ৰাথমিক অৱস্থাত এই পথ সূচল কৰি তোলাৰ বাবে 875 কোটি টকাৰ প্ৰয়োজন হ’ব বুলি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলটোক জানিবলৈ দিয়ে লোক নিৰ্মাণ বিভাগে ৷

ইয়াৰোপৰি স্বাস্থ্য বিভাগৰ ক’ভিড 19 পৰীক্ষা কেন্দ্ৰৰ লগতে জিলাৰ বহুকেইটা স্বাস্থ্যকেন্দ্ৰ বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত হয় ৷ জলসিঞ্চন বিভাগৰ 107 টা প্ৰকল্পৰ মাজতে 86 টা প্ৰকল্প সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা বুলি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলক জনাই জিলা প্ৰশাসন আৰু উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই ৷

ইপিনে জিলা উপায়ুক্ত নাজৰিন আহমেদে জিলাখনৰ 988 কিল’মিটাৰ পথ আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগানৰ ব্যৱস্থা অবিলম্বে সূচল কৰি তোলাৰ লক্ষ্যৰে বিত্তীয় সাহায্য আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলটোক আহ্বান জনায় ৷

লগতে চাওক: Landslide in Dima hasao : ভূমিস্খলনৰ ফলত পুৱাৰে পৰা বন্ধ হাফলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.