ETV Bharat / state

ULFA (I) cadre surrendered: আলফা স্বাধীনৰ সদস্য মাধৱ চেতিয়া ওৰফে সূৰজ অসমৰ আত্মসমৰ্পণ

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 11:25 AM IST

Updated : Nov 5, 2023, 11:54 AM IST

শনিবাৰে নাহৰকটীয়াৰ জয়পুৰ সেনা ছাউনীত আত্মসমৰ্পণ আলফা স্বাধীনৰ সদস্য মাধৱ চেতিয়া ওৰফে সূৰজ অসমৰ ৷

ULFA cadre surrendered in Naharkatia
আলফা স্বাধীনৰ সদস্য মাধৱ চেতিয়া ওৰফে সুৰজ অসমৰ আত্মসমৰ্পণ

মৰাণ, 5 নৱেম্বৰ : আলফা স্বাধীনৰ শিৱিৰত এজনৰ পাচত আন এজন আলফা কেডাৰক মৃত্যুদণ্ড দিয়াৰ ঘটনা পোহৰলৈ অহা সময়ত উজনিৰ একাংশ যুৱক আলফা স্বাধীনৰ শিবিৰলৈ যোৱাৰ খবৰ ৰাজহুৱা হৈছে । তেনে সময়তে আত্মসমৰ্পণ আন এজন আলফা স্বাধীনৰ সদস্যৰ । শনিবাৰে নাহৰকটীয়াৰ জয়পুৰ সেনা ছাউনীত আত্মসমৰ্পণ আলফা স্বাধীনৰ সদস্য মাধৱ চেতিয়া ওৰফে সূৰজ অসমৰ ৷

এটা হেণ্ড গ্ৰেণেডসহ শনিবাৰে নিশা জয়পুৰ সেনা ছাউনীত আত্মসমৰ্পণ কৰে আলফা স্বাধীনৰ সদস্যজনে । 2021 চনত আলফা স্বাধীনত যোগদান কৰা মাধৱ চেতিয়া ওৰফে সূৰজ অসমৰ ঘৰ শিৱসাগৰৰ দিচাংমুখত বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে জয়পুৰস্থিত সেনা ছাউনীয়ে নামৰূপ আৰক্ষীক চমজাই দিছে অত্মসমৰ্পণকাৰী আলফা সদস্যজনক । নামৰূপ আৰক্ষীয়ে গোপন স্থানত ৰাখি জেৰা অব্যাহত ৰাখিছে আলফা স্বাধীনৰ সদস্যজনক । এই মুহূৰ্তলৈকে আত্মসমৰ্পণ কৰা যুৱকজনৰ সম্পৰ্কে কোনো মন্তব্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷

ডিজিপি জি পি সিঙৰ বিৰামহীন সকীয়নিৰ পিচতো আলফা স্বাধীনলৈ বাট পোনাবলৈ বাদ দিয়া নাই নতুন প্ৰজন্মৰ বহু যুৱকে ৷ শেহতীয়াকৈ ভাৰতীয় সেনা বাহিনীত কৰ্মৰত হৈ থকা অৱস্থাত বিহপুৰীয়াৰ এজন যুৱকে আলফা (স্বাঃ) ত যোগ দিয়া বুলি সামাজিক মাধ্যমত আনুষ্ঠানিকভাৱে স্বীকাৰ কৰাৰ পাচতে পুনৰ গোলাঘাট, ডিব্ৰুগড় আৰু কেইবাখনো জিলাৰ আন এজন যুৱকে আলফা (স্বা)ত যোগ দিয়াৰ কথা পোহৰলৈ আহিছে ৷

আলফাত যোগদানৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে মন্তব্য প্ৰকাশ কৰিছিল, "আমাৰ ল'ৰা-ছোৱালীবোৰ আলফালৈ যাব নালাগে । অসমত বহুত উন্নয়ন হৈ আছে ৷ ইয়াত থাকিলে সকলোৰে উন্নতি হ'ব । অসম আৰক্ষী সংস্কাৰৰ বাবে আমি বহুত কষ্ট কৰিছো । যিসকলে ভাল কাম কৰিছে তেওঁলোকক আমি পুৰস্কৃত কৰিছো । যিসকলে বেয়া কাম কৰিছে তেওঁলোকক আমি উচিত শাস্তি প্ৰদান কৰিছো ।"

লগতে পঢ়ক: APCC President Bhupen Borah : আজমল অসমৰ জন-জীৱনৰ আটাইতকৈ বিষাক্ত ব্যক্তি: ভূপেন বৰা

Last Updated : Nov 5, 2023, 11:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.