ETV Bharat / state

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমীয়া সম্পদক প্ৰতিষ্ঠাৰ চেষ্টা নাহৰকটীয়াৰ দুজন ছাত্ৰৰ

author img

By

Published : Dec 21, 2021, 5:38 PM IST

অসমীয়াৰ চহা জীৱনৰ অবিচ্ছেদ্য অংগ ঢেঁকীক আধুনিকীকৰণ কৰি অসমৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ল নাহৰকটীয়াৰ দুজন মেধাৱী ছাত্ৰ(two students Participate in national level competition) ৷

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমীয়া সম্পদক প্ৰতিষ্ঠাৰ চেষ্টা নাহৰকটীয়াৰ দুজন ছাত্ৰৰ
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমীয়া সম্পদক প্ৰতিষ্ঠাৰ চেষ্টা নাহৰকটীয়াৰ দুজন ছাত্ৰৰ

মৰাণ, 21 ডিচেম্বৰ : অসমত অতীজৰে পৰা ঢেঁকীৰ প্ৰচলন হৈ আহিছে । অসমীয়াৰ লগতে বিভিন্ন জাতি জনজাতিৰ লোকেও ঢেঁকী ব্যৱহাৰ কৰা দেখা যায়। যুগ যুগ ধৰি অসমৰ সাহিত্য সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ঢেঁকী । অসমত প্ৰচলিত বিহুগীত সমূহতো ঢেঁকীক লৈয়ে অনেক গীত ৰচনা কৰা হৈছে । বৰ্তমান সেই পৰম্পৰা অটুত ৰখাৰ উদ্দেশ্যে নাহৰকটীয়াৰ চৰকাৰী মাধ্যমৰ দুই ছাত্ৰই অসমীয়াৰ পৰম্পৰাগত ঢেঁকীক আধুনিকীকৰণ কৰি এতিয়া ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে(Modern Dheki made by two Students of Naharkatia) ।

নাহৰকটীয়াৰ চাচনীৰ চেঁচা সত্ৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ মৌচুম হাজৰিকা আৰু প্ৰীতম সোণোৱালে ২৯ সংখ্যাক শিশু বিজ্ঞান সমাৰোহৰ মূল বিষয় "বহনক্ষম জীৱনৰ বাবে বিজ্ঞান" এই মূল বিষয়ৰ ওপৰতে "অসমৰ পৰম্পৰাগত ঢেঁকীৰ কায্যৰ্ক্ষমতা আৰু উন্নতি সাধন" নামেৰে এক প্ৰকল্প প্ৰস্তুত কৰি ঢেঁকীক আধুনিকীকৰণ কৰি প্ৰথমে ৰাজ্যিক আৰু তাৰ পিছত ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিৰ্বাচিত হোৱা মুঠ ২৬টা দলৰ ভিতৰত নিজৰ স্থান অটুট ৰাখিবলৈ সক্ষম হৈছে এই দুই মেধাৱী ছাত্ৰই ।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমীয়া সম্পদক প্ৰতিষ্ঠাৰ চেষ্টা নাহৰকটীয়াৰ দুজন ছাত্ৰৰ

মেধাৱী ছাত্ৰ দুজনে দুখন চ'লাৰ প্লেট ,বেটাৰী আৰু মটৰ আদি ব্যৱহাৰ কৰি ঢেঁকীক আধুনিকীকৰণ কৰিবলৈ চেষ্টা কৰে(two brilliant students of Naharkatia) । ঢেঁকীক একেই ৰূপত ৰাখি কেৱল মানুহৰ ঠাইত মটৰ ব্যৱহাৰ কৰি আধুনিক ঢেঁকীটোৰ আৰ্হি নিৰ্মাণ কৰি উলিয়াইছে ছাত্ৰ দুজনে । ঢেঁকীৰ আধুনিকীকৰণৰ এই আৰ্হিক যদি সফল ৰূপ দিব পাৰে, তেন্তে এই ঢেঁকীৰ দ্বাৰা ঘণ্টাত পাঁচৰ পৰা দহ কেজি পৰ্য্যন্ত চাউল, চিৰা আদি খুন্দি উলিয়াই যথেষ্ট সময় ৰাহি কৰিব পৰা যাব বুলি ছাত্ৰ দুজনে জানিবলৈ দিয়ে ।

ইফালে চলিত মাহতে আহমেদাবাদৰ চাইঞ্চ চিটি(Gujarat Science City Ahmedabad)ত অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে স্থান দখল কৰি অসমকে ধৰি নিজৰ বিদ্যালয়লৈ সুনাম কঢ়িয়াই অনাত সফল হ'ব বুলি সম্পূৰ্ণ আত্মবিশ্বাসী দুই ছাত্ৰৰ লগতে বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী । যি সময়ত একাংশ লোকৰ অসমীয়া মাধ্যমৰ লগতে চৰকাৰী বিদ্যালয়ৰ প্ৰতি মোহভংগ ঘটিছে সেই সময়তে চৰকাৰী বিদ্যালয়ৰ অসমীয়া মাধ্যমত অধ্যয়নৰত এই দুই ছাত্ৰই যিদৰে সফলতা লাভ কৰিছে সেয়া নিশ্চয়কৈ প্ৰশংসনীয় ​।

লগতে পঢ়ক : First sports university in Assam : অসমৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.