ETV Bharat / state

দিছপুৰত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'ব: প্ৰদ্যুৎ বৰদলৈ

author img

By

Published : Mar 15, 2021, 8:44 AM IST

Updated : Mar 15, 2021, 9:38 AM IST

কোন দলে কিমান আসন লাভ কৰি দিছপুৰত গাদী দখল কৰিব তাক লৈ চৰ্চা চলাই থকাৰ সমান্তৰাল ভাৱে ৰাজনৈতিক দল সমূহে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ ৷ দেওবাৰে মৰাণ সমষ্টিৰ গাতে লাগি থকা থাওৰা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

দুটা মাহৰ পাছত দিছপুৰত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'ব: প্ৰদ্যুত বৰদলৈ
দুটা মাহৰ পাছত দিছপুৰত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'ব: প্ৰদ্যুত বৰদলৈ

মৰাণ,15 মাৰ্চ: বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাতে দিছপুৰ দখলৰ বাবে উঠি পৰি লাগিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ কোন দলে কিমান আসন লাভ কৰি দিছপুৰত গাদী দখল কৰিব তাক লৈ চৰ্চা চলাই থকাৰ সমান্তৰাল ভাৱে ৰাজনৈতিক দল সমূহে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ ৷ দেওবাৰে মৰাণ সমষ্টিৰ গাতে লাগি থকা থাওৰা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

দিছপুৰত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'ব: প্ৰদ্যুত বৰদলৈ

ভাষণৰ প্ৰসংগত প্ৰদ্যুৎ বৰদলৈয়ে কয়, দুটা মাহৰ পাছত দিছপুৰত কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ হ'ব ৷ বিজেপি চৰকাৰৰ শাসনৰ পৰা মানুহ অতিস্থ হৈ পৰিছে ৷ গতিকে অসম ৰাইজে কংগ্ৰেছ নেতৃতাধীন চৰকাৰ গঠন কৰিবলৈ আগ্ৰহী। বিজেপিৰ সাম্প্ৰদায়িকতাৰ বিপৰীতে আমি নতুন প্ৰজন্মক লগত লৈ আগুৱাই যাবলৈ চেষ্টা কৰিছো ৷

লগতে পঢ়ক: নলবাৰীত বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি

Last Updated : Mar 15, 2021, 9:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.