ETV Bharat / state

টিংখাঙত বিদ্যালয়তে ছাত্ৰীক যৌন নিৰ্যাতন শিক্ষকৰ

author img

By

Published : Feb 12, 2020, 11:51 PM IST

Tinkhong teacher attempt to rape student
টিংখাঙত বিদ্যালয়তে ছাত্ৰীক যৌন নিৰ্যাতন শিক্ষকৰ

টিংখাঙৰ সাপকাইট নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰি শিক্ষক দীলিপ দত্ত নামৰ শিক্ষকজনে বিদ্যালয়ত চলি থকা বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ মাজতে এগৰাকী কণমানি ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগ ৷

টিংখাং, 12 ফেব্ৰুৱাৰীঃ টিংখাঙত শিক্ষকৰ বিৰুদ্ধে বিদ্যালয়তে ছাত্ৰীক যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৷ অভিযুক্ত শিক্ষকক কাণতলীয়া চৰ শোধালে উত্তেজিত ৰাইজে । উল্লেখ্য যে, টিংখাঙৰ সাপকাইট নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দীলিপ দত্ত নামৰ শিক্ষকজনে বিদ্যালয়ত চলি থকা বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ মাজতে এগৰাকী কণমানি ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতনৰ চেষ্টা চলায় ৷ কিশোৰীগৰাকীয়ে বিদ্যালয়ৰ পৰা নিজৰ ভগ্নীক ঘৰলৈ নিবলৈ অহাৰ সময়তেই নিৰ্যাতন চলোৱাৰ অভিযোগ শিক্ষক দীলিপ দত্তৰ বিৰুদ্ধে ৷

টিংখাঙত বিদ্যালয়তে ছাত্ৰীক যৌন নিৰ্যাতন শিক্ষকৰ

উক্ত ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়খনৰ চৌহদত বুধবাৰে বিভিন্ন দল সংগঠনৰ উপস্থিতিত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ৷ সভাৰ মাজতে সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷ পৰৱৰ্তী সময়ত দল সংগঠনৰ বিষয়ববীয়া সকলে অভিযুক্ত শিক্ষক জনক টিংখাং থানালৈ লৈ যায় আৰু তেখেতৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ ওপৰত গোচৰ ৰুজু কৰে ৷ আনহাতে, এই সমগ্ৰ ঘটনাক অস্বীকাৰ কৰে অভিযুক্ত শিক্ষক দীলিপ দত্তই ৷

লগতে পঢ়ক-এডভান্টেজ অসমৰ চমকঃ বাইহাটাত একেদিনাই 1 হাজাৰ শ্ৰমিকক চাটাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.