ETV Bharat / state

"উপাসনা আধ্যাত্মিক কল-কৃষ্টি কেন্দ্ৰ" ভাওনা সংস্কৃতিয়ে দিছে স্বাৱলম্বিতাৰ পথ

author img

By

Published : Nov 2, 2019, 4:38 PM IST

পশ্চিমীয়া সংস্কৃতি নহয় , গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিৰ সাধকৰ ৰূপত টিংখাঙৰ যুৱক। এফালে ভাওনা সংস্কৃতিৰ প্ৰসাৰ আনফালে ভাওনা সংস্কৃতিৰ দ্বাৰাই স্বাৱলম্বিতাৰ পথ বাছি লৈছে টিংখাঙৰ একাংশ যুৱকে । চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন ।

টিংখাঙত ভাওনা সংস্কৃতিৰ সাধকৰ ৰূপত একাংশ যুৱক

টিংখাং,2 নৱেম্বৰ : টিংখাঙত গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা-সংস্কৃতিৰ প্ৰসাৰ ৷ যিসময়ত অসমীয়া সাহিত্য-সংস্কৃতিৰ প্ৰতি নৱ-প্ৰজন্ম উদাসীন বুলি সততে অভিযোগ উত্থাপিত হয় , তেনে সময়তে নীৰৱে ভাওনা সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰত ব্ৰতী হৈছে টিংখাঙৰ একাংশ যুৱক । টিংখাঙৰ ৰতনপুৰ-কহাৰগাঁৱৰ একাংশ যুৱকে সৰুৰে পৰাই ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ আহিছে ৷ দীৰ্ঘদিন ধৰি অসমৰ লগতে বহিঃৰাজ্যতো গুৰুজনাৰ অমৰ সৃষ্টিক তুলি ধৰাৰ প্ৰয়াস কৰি আহিছে এই যুৱকসকলে । ইয়াৰ বাবে তেওঁলোকে গঠন কৰি লৈছে " উপাসনা আধ্যাত্মিক কলা-কৃষ্টি কেন্দ্ৰ " হিচাপে এটা সাংস্কৃতিক দল । দলটোৰ নেতৃত্ব বহন কৰিছে কহাৰগাঁৱৰ যোগেশ শইকীয়া নামৰ এজন সংস্কৃতিবান যুৱকে । দলটোৱে ইতিমধ্যে অসমৰ বিভিন্ন স্থানত অৰ্ধ-শতাধিক ভাওনা প্ৰদৰ্শন কৰি ৰাইজৰ মৰম আৰু প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে । কিছুদিন পূৰ্বে মধ্যপ্ৰদেশৰ ভূপাললৈ আমন্ত্ৰণ লাভ কৰিছিল শিল্পীৰ দলটোৱে । গুৱাহাটীৰ সংগীত গুৰু অতুল ভূঞাৰ নেতৃত্বত যোৱা দলটোৱে লোককলা মণ্ডল মিউজিয়ামত " গজকেতুৰ উপাখ্যান " নাটখনি পোন প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত প্ৰদৰ্শন কৰি ভূপালবাসীৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ।

টিংখাঙত ভাওনা সংস্কৃতিৰ সাধকৰ ৰূপত একাংশ যুৱক
আনহাতে কেৱল ভাওনা প্ৰদৰ্শনেই নহয় , যোগেশ শইকীয়া নামৰ যুৱকজনৰ নেতৃত্বত গঢ়ি তুলিছে এটা ভাওনাৰ পোচাক ভাণ্ডাৰ । পোছাক ভাণ্ডাৰটোত আজৰি সময়ত 'উপাসনা আধ্যাত্মিক কলা-কৃষ্টি কেন্দ্ৰ'ৰ সমূহ সদস্যই বিভিন্ন ধৰণৰ ভাওনাৰ পোচাক , ভাওনাত ব্যৱহৃত অস্ত্ৰ , মুখা আদি নিজ হাতেৰে প্ৰস্তুত কৰে । লগতে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা ভাওনালৈ ভাড়াত দিয়ে এইসমূহ সামগ্ৰী । ইয়াৰ বিনিময়ত দলটোৱে প্ৰতিভাগ নাটৰ পৰা লাভ কৰে ১০-২০ হাজাৰ টকা । ইয়াৰ পৰা উপাৰ্জিত হোৱা ধনেৰে কম বেছি পৰিমাণে স্বাৱলম্বী হোৱাত সহায় কৰিছে শিল্পীৰ দলটোক ।
Intro:।। ভাওনা সংস্কৃতিৰ নীৰৱ সাধনাত ব্যস্ত টিংখাঙৰ একাংশ যুৱক ।।

Body: পশ্চিমীয়া সংস্কৃতি নহয় , গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিৰ সাধকৰ ৰূপত কেইজনমান যুৱক। এফালে ভাওনা সংস্কৃতিৰ প্ৰসাৰ আনফালে ভাওনা সংস্কৃতিৰ দ্বাৰাই স্বাৱলম্বীতাৰ পথ বাছি লৈছে যুৱক বৃন্দই। চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।
Conclusion:টিংখাং - ২ নৱেম্বৰ- যিসময়ত অসমীয়া সাহিত্য-সংস্কৃতিৰ প্ৰতি নৱ-প্ৰজন্ম উদাসীন বুলি সততে উত্থাপিত হয় , তেনে সময়তে নীৰৱে ভাওনা সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰত ব্ৰতী হৈছে টিংখাঙৰ একাংশ যুৱক। টিংখাঙৰ ৰতনপুৰ-কহাৰগাঁৱৰ এইসকল যুৱক সৰুৰে পৰাই জড়িত ভাওনা সংস্কৃতিৰ লগত। দীৰ্ঘদিন ধৰি অসমৰ লগতে বহিৰাজ্যতো গুৰুজনাৰ অমৰ সৃষ্টিক তুলি ধৰাৰ প্ৰয়াস কৰি আহিছে এওঁলোকে। আৰু ইয়াৰ বাবে তেওঁলোকে গঠন কৰি লৈছে " উপাসনা আধ্যাত্মিক কলা-কৃষ্টি কেন্দ্ৰ " হিচাপে এটা সাংস্কৃতিক দল। আৰু দলটোৰ নেতৃত্ব বহন কৰিছে কহাৰগাঁৱৰ যোগেশ শইকীয়া নামৰ এইজন সংস্কৃতিবান যুৱকে। দলটোৱে ইতিমধ্যে অসমৰ বিভিন্ন স্থানত অৰ্ধ-শতাধিক ভাওনা প্ৰদৰ্শন কৰি ৰাইজৰ মৰম আৰু প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে। অলপতে মধ্যপ্ৰদেশৰ ভূপাললৈ আমন্ত্ৰণ লাভ কৰিছিল শিল্পীৰ দলটোৱে। গুৱাহাটীৰ সংগীত গুৰু অতুল ভূঞাৰ নেতৃত্বত যোৱা দলটোৱে লোককলা মণ্ডল মিউজিয়ামত " গজকেতুৰ উপাখ্যান " নাটখনি পোন প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত প্ৰদৰ্শন কৰি ভূপালবাসীৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।
আনহাতে কেৱল ভাওনা প্ৰদৰ্শনেই নহয় , যোগেশ শইকীয়া নামৰ এইজন আদৰ্শ যুৱকৰ নেতৃত্বত গঢ়ি তুলিছে এইটো ভাওনাৰ পোচাক ভাণ্ডাৰ। য'ত আজৰি সময়ত উপাসনা আধ্যাত্মিক কলা-কৃষ্টি কেন্দ্ৰৰ সমূহ সদস্যই বিভিন্ন ধৰণৰ ভাওনাৰ পোচাক , ভাওনাত ব্যৱহৃত অস্ত্ৰ , মুখা আদি নিজ হাতেৰে প্ৰস্তুত কৰে। অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা ভাওনালৈ যায় এইসমূহ সামগ্ৰী। ইয়াৰ বিনিময়ত দলটোৱে প্ৰতিভাগ নাটৰ পৰা লাভ কৰে ১০-২০ হাজাৰ টকা। আৰু ইয়াৰ পৰা উপাৰ্জিত হোৱা ধনেৰে কম বেছি পৰিমাণে স্বাৱলম্বীতাৰ মুখো দেখিছে শিল্পীৰ দলটোৱে।
Byte-(1)- যোগেশ শইকীয়া।
আনহাতে নতুন প্ৰজন্মৰ এই প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে প্ৰতিটো সময়তে সহায় আৰু উৎসাহ প্ৰদান কৰি আহিছে অঞ্চলটোৰ জেষ্ঠ সকলেও।
Byte-(2)- স্থানীয় ব্যক্তি।
অসমীয়া সংস্কৃতিৰ চৰম স্খলনৰ সময়ত টিংখাঙৰ এইসকল প্ৰতিভাৱান যুৱকৰ প্ৰচেষ্টা নিশ্চয় প্ৰশংসনীয়।

টিংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত,অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.