ETV Bharat / state

নামতোলাত আৰক্ষীৰ জালত ড্ৰাগছ সহ তিনি যুৱক

author img

By

Published : Jun 3, 2021, 11:26 AM IST

three-people-arrested-by-police-with-drugs
নামতোলাত আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সহ তিনি যুৱক

নামতোলাত ড্ৰাগছ ক্ৰয় কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল তিনি যুৱক ৷ এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত নামতোলা আৰক্ষীয়ে চলোৱা এক অভিযানত ব্ৰাউন ছুগাৰসহ আটক হয় যুৱক কেইজন ৷

মৰাণ, 3 জুন : ৰাজ্যত অব্যাহত আছে নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান । আৰক্ষীৰ তৎপৰতাত প্ৰত্যেক দিনাই আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী ৷ এই অভিযানৰ অংশ স্বৰূপে বুধবাৰে সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলায় এক অভিযান ৷ এই অভিযানত নামতোলাত বুজন পৰিমাণৰ ড্ৰাগছ সহ তিনিজনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

আটকাধীন যুৱক তিনিজন চৰাইদেউ জিলাৰ সৰুপথাৰৰ আদিত্য গগৈ, সাপেখাতি ৰহনৰ কৃষ্ণমণি বৰগোহাঁই আৰু সোণাৰি নগৰৰ চাজাদ হুছেইন বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, বুধবাৰে সন্ধিয়া নামতোলা আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক অভিযানত নাগালেণ্ড সীমান্তৰ কোনো গোপন স্থানত নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰি উভতি অহাৰ সময়তে ধৰা পৰে যুৱক কেইজন । আটক কৰা যুৱক কেইজনৰ পৰা AS 33 3440 নম্বৰৰ এখন আপাচি বাইক জব্দ কৰা লগতে যথেষ্ট পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয় নামতোলা আৰক্ষীয়ে ।

লগতে পঢ়ক : ক’ভিডৰ যুঁজত হাতে-কামে লাগিছে বিধায়ক মানৱ ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.