ETV Bharat / state

Municipal Election 2022: ৰাজ্যৰ প্ৰথমখন পৌৰসভা আজিও উন্নীত নহ’ল নিগমলৈ

author img

By

Published : Feb 7, 2022, 9:22 PM IST

Municipal Election 2022
ৰাজ্যৰ প্ৰথমখন পৌৰসভা আজিও উন্নীত নহ’ল নিগমলৈ

একমাত্ৰ প্ৰশান্ত ফুকনৰ ভুলৰ বাবেই আজিও পৌৰ নিগমলৈ উন্নীত নহ’ল ৰাজ্যৰ প্ৰথমখন পৌৰসভা (Dibrugarh Municipality Board)৷ নিগমলৈ উন্নীত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যদিও স্থানীয় বিধায়কজনে পৌৰসভাৰ এলেকা সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ নোলোৱাৰ বাবেই এইবাৰো পৌৰসভা হিচাপেহে ডিব্ৰুগড়ত নিৰ্বাচন অনুষ্ঠিত হ’ব (Municipal Election 2022) ৷

মৰাণ, 7 ফেব্ৰুৱাৰী: পৌৰ নিগম হিচাপে নহয়, পৌৰসভা হিচাপেহে নিৰ্বাচন হ’ব ডিব্ৰুগড়ত (Municipal Election 2022)৷ ১৮৭৩ চনতে গঠিত অসমৰ প্ৰথমখন পৌৰসভাক(The first municipal Board of Assam) ইতিমধ্যেই পৌৰ নিগমলৈ উন্নীত কৰা হৈছে যদিও পৌৰসভাৰ এলেকা সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ নল'লে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ।

উল্লেখ্য যে, ধেমাজিত অনুষ্ঠিত কেবিনেটত(Assam Cabinet Dhemaji) ডিব্ৰুগড়ৰ লগতে শিলচৰক পৌৰসভাৰ পৰা নিগমলৈ উন্নীত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি বিধানসভাত গৃহীত কৰা হৈছে বিল । তাৰ পাছতো নিগম গঠন হ'ব পৰাকৈ সম্প্ৰসাৰণৰ প্ৰস্তাৱ দাখিল নকৰিলে ডিব্ৰুগড়ৰ বিধায়ক গৰাকীয়ে । ইয়াৰ বিপৰীতে শিলচৰে সম্প্ৰসাৰণৰ প্ৰস্তাৱ ল'লে, যাৰ বাবে নিগম সম্প্ৰসাৰণ কৰাৰ পাছতহে নিৰ্বাচন হ'ব শিলচৰত । ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে এই কথা ।

ৰাজ্যৰ প্ৰথমখন পৌৰসভা আজিও উন্নীত নহ’ল নিগমলৈ

ডিব্ৰুগড়ৰ বিধায়কগৰাকীৰ কৰ্মকাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে । ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত যদি বিধায়কৰ কথাত সলনি হয়, তেন্তে কেবিনেটতকৈ বিধায়কজন ডাঙৰ হ'ল নেকি বুলি প্ৰশ্ন উত্থাপন কৰে । কংগ্ৰেছৰ চাহ কোষৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে সংবাদ মাধ্যমৰ আগত কয় যে, দহ বছৰ পূৰ্বেই ডিব্ৰুগড় পৌৰসভাক নিগমলৈ উন্নীতকৰণৰ প্ৰস্তাৱ দিয়া হৈছিল চৰকাৰক । বৰ্তমানৰ ২২ৰ পৰা ৩৩ টা ৱাৰ্ড কৰাৰ বাবেও দাবী জনাইছিল । চৰকাৰী সিদ্ধান্তক শাসকীয় দলৰ বিধায়ক প্ৰশান্ত ফুকনে পৌৰসভা সম্প্ৰসাৰণ নকৰা তথা অসহযোগ কৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে প্ৰাক্তন ড’নাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰে ।

ডিব্ৰুগড় পৌৰসভা নিগমলৈ উন্নীত হ'লে লাহোৱাল আৰু মৰাণ সমষ্টিৰ এটা অনুন্নত এলেকা অন্তভূৰ্ক্ত হ'লহেতেন । কিন্তু বিধায়ক প্ৰশান্ত ফুকনৰ ভুল সিদ্ধান্তৰ বাবে এতিয়া সৰ্বসাধাৰণ ৰাইজে ভুক্তভোগী হ'বলগীয়া হৈছে বুলি মন্তব্য কৰে কংগ্ৰেছে ।

লগতে পঢ়ক: Assam budget 22-23 : ১৫ ফেব্ৰুৱাৰীলৈকে বৃদ্ধি বাজেট প্ৰাককলন দাখিলৰ সময়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.