ETV Bharat / state

Ahomland: নিৰ্বাচনৰ বতৰত আকৌ জাগিছে টাইপা; আহোমলেণ্ডৰ মেপ প্ৰকাশ

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 7:25 AM IST

Ahomland demand of TAYPA
টাইপাই মুকলি কৰিলে আহোমলেণ্ডৰ মানচিত্ৰ

ডিব্ৰুগড়ৰ টিপামত টাই আহোম যুৱ পৰিষদ, অসমৰ সংবাদমেল । টিপামৰ পৰা টাইপাৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী ঘোষণা ৷ জাতিৰ অস্তিত্ব ৰক্ষাৰ শেষ বিকল্প আহোমলেণ্ড বুলি সংবাদমেলত উল্লেখ ।

টাইপাই মুকলি কৰিলে আহোমলেণ্ডৰ মানচিত্ৰ

নাহৰকটীয়া,5 ছেপ্টেম্বৰ: স্বৰ্গদেউ চাওলুং চ্যুকাফাই বৰ অসমৰ ভেটি গঢ়া জয়পুৰৰ টিপামত সোমবাৰে টাই আহোম যুৱ পৰিষদ,অসমৰ কেন্দ্ৰীয় সভাপতি বিজয় চন্দ্ৰ ৰাজকোঁৱৰে এক সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত ৰাজকোঁৱৰে কয়, "বৰ্তমান আহোম জাতিৰ লগতে অন্যান্য খিলঞ্জীয়া থলগিৰী লোকৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, মাটি-ভেটি আদিৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আহোমলেণ্ডৰ দাবী কৰাৰ বাহিৰে বিকল্প পথ নাই । জাতিৰ অস্বিত্ব ৰক্ষাৰ বাবে এয়াই শেষ ৰণ । আহোমলেণ্ড নহ’লে উজনি অসমৰ ভৱিষ্যত কেতিয়াও ৰক্ষা নহয় ।"

ৰাজকোঁৱৰে লগতে কয়, "বিভিন্ন দলৰ চৰকাৰসমূহে যোৱা 30 টা বছৰে আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেৱল প্ৰতাৰণাহে কৰি আহিছে । গতিকে এতিয়া আৰু আমাক এই প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে বলাব নোৱাৰে । এফালে চৰকাৰখনে জাতি-মাটি-ভেঁ‌টি ৰক্ষাৰ কথা কয়, আনফালে শিলসাঁ‌কোত খিলঞ্জীয়া অসমীয়া থলগিৰীক জোৰ-জুলুম কৰি মাটি ভেটিৰ পৰা উচ্ছেদ কৰিছে ।"

এইসকলো খিলঞ্জীয়া বিৰোধী কাৰ্যৰ প্ৰতিবাদ জনায় আহোমৰ প্ৰথমখন অস্থায়ী ৰাজধানী টিপামৰ পৰা টাই আহোম যুৱ পৰিষদ, অসমে ঘোষণা কৰে কাৰ্যসূচীৰ । অক্টোবৰৰ প্ৰথম সপ্তাহতে দিশপুৰ ঘেৰাও শীৰ্ষক এক বৃহৎ কাৰ্যসূচী লোৱা হ'ব য'ত সকলো স্তৰৰ লোকক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে টাইপাৰ সভাপতি ৰাজকোঁৱৰে । তদুপৰি প্ৰতিখন জিলাত বৌদ্ধিক মহলৰ সৈতে এক আলোচনাত মিলিত হৈ দিহা পৰামৰ্শ গ্ৰহণ কৰিব বুলিও জানিব দিছে সংগঠনটোৱে ।

সংবাদমেলতে ৰাজকোঁৱৰে কয়, "ইতিমধ্যেই টাইপাই আহোমলেণ্ড নামেৰে এক লাখ প্ৰচাৰ পত্ৰিকা ছপা কৰি উলিয়াইছে আৰু আহোমলেণ্ডৰ মানচিত্ৰও প্ৰস্তুত কৰি উলিওৱা হৈছে । এই মানচিত্ৰখনত পূবে শদিয়াৰ পৰা পশ্চিমে গুৱাহাটীৰ পাণ্ডুঘাট-অশ্বক্লান্তলৈকে আৰু উত্তৰে ধেমাজি, লক্ষীমপুৰ, গহপুৰ, বিশ্বনাথ সামৰি দক্ষিণে কাৰ্বি পাহাৰ আৰু নগাপাহাৰলৈকে অন্তৰ্ভুক্ত কৰা হৈছে । উল্লেখযোগ্য যে, ভৱিষ্যতলৈ চুবুৰীয়া কোনো জনগোষ্ঠী প্রধান অঞ্চল অথবা জিলাই বিচাৰিলে প্ৰস্তাৱিত আহোমলেণ্ডত অন্তৰ্ভুক্ত হ'ব পাৰিব ।

ইয়াৰোপৰি, প্ৰস্তাৱিত আহোমলেণ্ড এখন জনজাতীয় ৰাজ্য হ'ব, য'ত পূৰ্বৰ স্বীকৃত জনজাতিসকলৰ স্বায়ত্ব শাসন থাকিব । অনুসূচীত জাতিৰ লোকসকলৰ পূৰ্বৰ অধিকাৰ সুৰক্ষিত হ'ব । শিৱসাগৰ আহোমলেণ্ডৰ ৰাজধানী হ’ব ।

তদুপৰি আহোমলেণ্ড হ'লে কি কি লাভালাভ হ’ব সুধা এক প্ৰশ্নৰ উত্তৰত ৰাজকোঁৱৰে কয় যে এখন জনজাতি প্ৰধান ৰাজ্য হোৱাৰ বাবে আহোমলেণ্ডত থলুৱা-খিলঞ্জীয়াসকলৰ অধিকাৰ সকলোদিশৰ পৰাই সুৰক্ষিত হ'ব । বহিৰাগতই পূৰ্বতে পোৱা অতিৰিক্ত ভূমিগত, ৰাজনৈতিক অধিকাৰ কৰ্তন কৰা হ’ব । আহোমলেণ্ডত ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা বলবৎ হ'ব । আহোমলেণ্ড গঠন হ’লে অসমৰ পৰা বিচ্ছিন্নতাবাদ সমূলি নির্মূল হ'ব বুলিও কয় ৰাজকোঁৱৰে ।

উজনিৰ অঞ্চলটোত IIT, IIM, AIIMS, High Court আদি স্থাপিত হ'ব । যিহেতু সমগ্ৰ অসমৰ ঘাই উদ্যোগসমূহ যেনে - OIL, ONGC, Coal India, সাৰ কাৰখানা, গেছ ক্ৰেকাৰ, বিস্তৰ সংখ্যক চাহ বাগান, অসম গেছ কোম্পানী, অসম পেট্ৰৰাসায়নিক নিগম আদি উজনি অসমতেই আছে, গতিকে অঞ্চলটোৰ লোকসকল এইবোৰৰ পৰা পোনপটীয়াকৈ লাভান্বিত হ'ব পাৰিব । ফলত অঞ্চলটোৰ আৱাসীসকলৰ অৰ্থনৈতিক স্ব-নিৰ্ভৰশীলতা বাঢ়িব ।

অক্টোবৰৰ প্ৰথম সপ্তাহতে হ’বলগীয়া দিশপুৰ ঘেৰাও শীৰ্ষক কাৰ্যসূচীত জনসাধাৰণৰ সহায়-সহযোগিতা কামনা কৰিছে টাই আহোম যুৱ পৰিষদ,অসমে ৷

লগতে পঢ়ক: Heated situation in Silsako: উচ্ছেদিত লোকৰ প্ৰতিবাদক লৈ শিলসাঁকোত উত্তপ্ত পৰিস্থিতি; শিখা সমদলত বাধা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.